হোজাইৰ কামৰুজ জামান কোন ? কেনেকৈ মুজাহিদীনৰ সৈতে জড়িত আছিল এই গৰাকী ব্যক্তি…
কামৰুজ জামান প্ৰকৃততে কোন ? অসমৰ হোজাই জিলাৰ এই ব্যক্তিগৰাকী তেনেকৈ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ সৈতে জড়িত হৈছিল ?
হোজাই জিলাৰ এজন ব্যক্তি কামৰুজ জামানক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে লক্ষ্ণৌৰ বিশেষ নিয়া আদালতে । এতিয়া প্ৰশ্ন হৈছে এইগৰাকী কামৰুজ জামান প্ৰকৃততে কোন ? অসমৰ হোজাই জিলাৰ এই ব্যক্তিগৰাকী তেনেকৈ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ সৈতে জড়িত হৈছিল ? কেনেকৈ হিজবুল মুজাহিদীনক জেহাদী কাৰ্যকলাপ বৃদ্ধি আৰু কূটাঘাতৰ পৰিকল্পনা কৰাৰ ক্ষেত্ৰত সহায় কৰি আহিছিল কামৰুজ জামানে?
মঙলবাৰে কামৰুজ জামানক নিয়াৰ বিশেষ আদালতে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীন (হুম)ৰহৈ জেহাদী কাৰ্যকলাপ বৃদ্ধি আৰু কূটাঘাতৰ পৰিকল্পনা কৰাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। নিয়াৰ এক বিবৃতিত উল্লেখ কৰা হৈছে যে,হোজাইৰ জিলা নিবাসী কামৰুজ জামানক উত্তৰ প্ৰদেশৰ লগতে ভাৰতৰ অন্যান্য প্ৰান্তত সন্ত্ৰাসবাদী সংগঠনৰ হৈ কূটাঘাতৰ পৰিকল্পনা কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ লক্ষ্ণৌৰ বিশেষ আদালেত দোষী সাব্যস্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে, ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত লক্ষ্ণৌৰ এণ্টি টেৰৰিষ্ট স্কোয়াডৰ পৰা এই গোচৰৰ তদন্তৰ দায়িত্ব লৈছিল এন আই এয়ে। এন আই এয়ে এই গোচৰৰ তদন্ত দায়িত্ব লোৱাৰ পূৰ্বে জামানক গ্ৰেপ্তাৰ কৰিছিল লক্ষ্ণৌৰ এণ্টি টেৰৰিষ্ট স্কোয়াডে । এই গোচৰৰ দায়িত্ব লোৱাৰ পাছতে RC-02/2018/NIA-LKW নম্বৰত এক গোচৰ ৰুজু কৰে এন আই এয়ে । এই গোচৰত পাঁচজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছিল আৰু ইয়াৰ ভিতৰত আছে ওছামা বিন জাভেদ। এই ওছামা বিন জাভেদ দীৰ্ঘদিন ধৰি পলাই আছিল । পাছত ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত মৃত্যু হৈছিল এই গৰাকী ওছামা বিন জাভেদ।
এন আই এৰ এই গোচৰৰ তদন্তত অভিযুক্ত জামানে সতীৰ্থ অভিযুক্তৰ সৈতে ভাৰত চৰকাৰৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উঠিছে । ইয়াৰ লগতে বিভিন্ন কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যেৰে পৰিকল্পনা কৰিছিল বুলি এন আই এয়ে প্ৰকাশ কৰিছে । অভিযোগ অনুসৰি, সন্ত্ৰাসবাদী সংগঠনৰ হৈ ধন সংগ্ৰহৰ কামতো জড়িত আছিল জামান আৰু এই ধন হিজবুল মুজাহিদীনৰ সদস্যসকলে সন্ত্ৰাসবাদী কাৰ্য্যৰ বাবে ব্যৱহাৰ কৰিছিল অভিযোগ উত্থাপন হয় ।
এ আই এৰ তদন্তৰ এই কথাও স্পষ্ট হয় যে,অভিযুক্ত ওছামা বিন জাভেদে জামানক উগ্ৰপন্থী কৰি নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰাইছিল । ইফালে এই দুয়োজনকে নিযুক্তি দিছিল দুজন সক্ৰিয় উগ্ৰপন্থী মহম্মদ আমিন(জিলা কমাণ্ডাৰ) আৰু মুজাহিদীনৰ (জিলা ডেপুটি কমাণ্ডাৰ)ৰিয়াজ আহমদ ওৰফে হাজাৰীয়ে । এই দুয়োগৰাকী জম্মু-কাশ্মীৰৰ কিছৱাৰ বাসিন্দা আছিল ।
কিছৱাৰৰ জংঘলত জামান আৰু জাভেদে শাৰীৰিক প্ৰশিক্ষণ আৰু অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । ইয়াৰ পাছতে জামানক উত্তৰ প্ৰদেশ, অসম আৰু ভাৰতৰ অন্যান্য প্ৰান্তত মুজাহিদীনৰ ঘাটি স্থাপন, সদস্য ভৰ্তি আৰু অপৰাধমূলক কাৰ্যকলাপৰ লক্ষ্য স্থাপনৰ বাবে নিৰ্দেশ দিয়া হৈছিল। সেই অনুসৰি জামান কানপুৰ (উত্তৰ প্ৰদেশ)লৈ আহিছিল য’ত তেওঁ মুজাহিদীনৰ হৈ কাম আৰম্ভ কৰিছিল ।
এন আই এৰ বিশেষ আদালতে কামৰুজ জামানক আইপিচি ধাৰা ১২০ (খ), আই পি চিৰ ধাৰা ১২১(ক) আৰু বৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ১৭ নং আৰু ২৯ নং ধাৰাত দোষী সাব্যস্ত কৰিছে । এই আটাইকেইটা ধাৰাতে জামানক ক্ৰমে ১০ বছৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ জৰিমনা,১০ হাজাৰ টকাৰ জৰিমনা আৰু যাৱজ্জীৱন কাৰাদণ্ড আৰু ১০ বছৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ জৰিমনা আৰু পুনৰ ১০ বছৰ কাৰাদণ্ডসহ ১০ হাজাৰ জৰিমনা বিহা হৈছে ।
INPUT-PTI