APCC: অসম প্ৰদেশ কংগ্ৰেছত বিদ্ৰোহ! কোন হ’ব পৰৱৰ্তী সভাপতি?
Congress: কোন হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতি? এই বিষয়টোক লৈ বিগত কেইবাদিন ধৰি কংগ্ৰেছ দলত তীব্ৰ সংঘাতৰ সৃষ্টি হৈ আছে। একাংশই ভূপেন বৰাৰ পক্ষত থকাৰ বিপৰীতে একাংশই বিচাৰিছে আন এজনৰ পক্ষলৈ যাওক কংগ্ৰেছৰ কামান।
বিগত কেইটামান দিন ধৰি অসম প্ৰদেশ কংগ্ৰেছত সভাপতিকেন্দ্ৰিক বিতৰ্কই গা কৰি উঠিছে। এই বিষয়টোক লৈ দলটোৰ মাজতেই লবীকেন্দ্ৰিক ৰাজনীতিৰ সৃষ্টি হোৱা দেখা গৈছে। একাংশই বিচাৰিছে ভূপেন বৰাই হওক কংগ্ৰেছৰ পৰৱৰ্তী সভপতি আৰু আন এটা পক্ষই বিচাৰিছে সাংসদ গৌৰৱ গগৈৰ হাতলৈ যাওঁক কংগ্ৰেছৰ কামান। ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ- নিৰ্বাচনৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰচৰাত এই যুঁজখন তীব্ৰতৰ হৈ উঠিছে।
এই সভাপতি পদৰ লবীকেন্দ্ৰিক বিতৰ্ক গৈ পাইছে কংগ্ৰেছৰ দিল্লী হাইকামাণ্ডৰ ওচৰলৈ। কংগ্ৰেছৰ নেতা- কৰ্মীসকলে বিচাৰিছে এই সমস্যাৰ সমাধান কংগ্ৰেছৰ হাই কামাণ্ডে কৰক। ইয়াৰ মাজতে দিল্লীত বাহৰ পাতিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। অৱশ্যে বৰাই কি কাৰণে দিল্লীত বাহৰ পাতিছে সেয়া এতিয়ালৈকে স্পষ্টকৈ জানিব পৰা হোৱা নাই। বিতৰ্ক সন্দৰ্ভত বৰাই কৈছে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিকেন্দ্ৰিক বিতৰ্ক ভিত্তীহীন।
ইয়াৰ মাজতে অসম বিধানসভাৰ বিৰোধী দলৰ সভাপতি দেবব্ৰত শইকীয়াই ছ’চিয়েল মিডিয়াত কৰা এক পোষ্টক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শইকীয়াই লিখিছে- “লোকৰ অভিজ্ঞতাৰ পৰা শিক্ষা ল’লে ভাল। নিজৰ ওপৰত প্ৰয়োগ কৰি ল’লে ক্ষতি হ’ব। হাৰিয়ানা পৰা কিবা কিবি শিকিব পাৰিলে ভাল”। নেতাগৰাকীৰ এই পোষ্টৰ দ্বাৰা অনুমান কৰা হৈছে যে তেওঁৰ দলৰ কোনো নেতাক উদ্দেশ্য কৰিয়েই এই পোষ্ট কৰিছে।
উল্লেখ্য যে, যোৱা কিছুদিন ধৰি সভাপতি পদৰ পৰা ভূপেন বৰাক অপসাৰণ কৰিবলৈ কংগ্ৰেছত একাংশই এক অভিযান চলাইছিল। এগৰাকী সাংসদৰ নেতৃত্বত চলা এই স্বাক্ষৰ অভিযানত প্ৰায় ১৮- ১৯ গৰাকী বিধায়কে ভূপেন বৰাৰ বিৰুদ্ধে থিয় দি তেওঁক সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ দাবী তুলিছিলি। তেওঁলোকে বিচাৰিছিল, অসম প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব গৌৰৱ গগৈক দিব লাগে। মন কৰিবলগীয়া যে কংগ্ৰেছৰ প্ৰায় ২১ গৰাকী বিধায়ক আছে আৰু ইয়াৰে ১৮-১৯ গৰাকী বিধায়ক ভূপেন বৰাৰ বিৰুদ্ধে থিয় দিছিল বুলি খবৰ প্ৰকাশ পাইছিল।
অৱশ্যে দলটোৰ তৰফৰ পৰা স্পষ্টকৈ এতিয়ালৈকে এই সন্দৰ্ভত কোনো মত প্ৰকাশ কৰা নাই। কিন্তু বিগত কেইটামান দিনৰ কথা লক্ষ্য কৰিলে দেখা যায় যে অসম প্ৰদেশ কংগ্ৰেছত এতিয়া বিদ্ৰোহৰ উকমুকনি। নিৰ্বাচনৰ পূৰ্বে লবীকেন্দ্ৰিক ৰাজনীতিক জৰ্জৰিত হোৱাৰ দৰে কংগ্ৰেছ। গতিকে এতিয়াও স্পষ্টকৈ একো ক”ব পৰা হোৱা নাই। দলৰ পৰৱৰ্তী সভাপতি কোন হব এই সন্দৰ্ভত কংগ্ৰেছৰ হাইকামাণ্ডে সিদ্ধান্ত গ্ৰহণ কৰিব। সম্ভৱতঃ উপ- নিৰ্বাচনৰ পূৰ্বে স্পষ্ট হৈ পৰিব ভূপেন বৰাৰ হাতত থাকে নে নাই অসম কংগ্ৰেছৰ বাঘজৰী।