5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কোন হ’ব আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদক? তালিকাত আছে কাৰ নাম…

পদৰ পৰা অব্যাহতি ল'লে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। ইয়াৰ পাছতেই এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কোন হ'ব আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদক? এই ক্ষেত্ৰত আছে ৫ জনৰ নাম।

কোন হ’ব আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদক? তালিকাত আছে কাৰ নাম…
আছু
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 12 Sep 2024 16:08 PM

বহু বিতৰ্কৰ অন্তত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি ল’লে শংকৰ জ্যোতি বৰুৱাই। ছ’চিয়েল মিডিয়াৰ যোগেদি এই কথা ঘোষণা কৰি বৰুৱাই কয় যে, “নমস্কাৰ ৷ আপোনালোকক জনাব বিচাৰিছোঁ যে শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াত আমাৰ সন্দৰ্ভত এক বিতৰ্কৰ সৃষ্টি হৈছে । এই বিতৰ্কৰ সত্য সত্যতা যদিও ন্যায়ালয়ত প্ৰমাণ হ’ব তথাপিও ব্যক্তিগতভাৱে জনাব বিচাৰো যে মই সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সাধাৰণ সম্পাদক হিচাপে স্ব-ইচ্ছাই অব্যাহতি গ্ৰহণ কৰিছোঁ। ক্ষন্তেক পিছতে কেন্দ্ৰীয় সমিতিলৈ মোৰ অব্যাহতি পত্ৰ প্ৰেৰণ কৰিম ৷ আজিৰ এই মূহূৰ্তলৈকে আপোনালোকে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে সকলোৰে ওচৰত কৃতজ্ঞ হৈ ৰ’ম ৷ ধন্যবাদ ৷ সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ। জয় আই অসম”।

নেতাগৰাকীৰ অব্যাহতি লোৱাৰ সিদ্ধান্তৰ পাছতেই এতিয়া প্ৰশ্ন হৈছে যে আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদক কোন হ’ব? অসমৰ অন্যতম ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক কোন হ’ব এই সন্দৰ্ভত এতিয়ালৈকে সংগঠনটোৰ নেতৃত্বই প্ৰকাশ কৰা নাই যদিও কিছুদিন পূৰ্বে এক সংবাদ মেলক আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কৈছিল যে অতি শীঘ্ৰেই অনুষ্ঠিত হ’ব আছুৰ কাৰ্যনিৰ্বাহক সভা। এই সভাতেই আছুৰ কেন্দ্ৰীয় সমিতিৰ পৰা এগৰাকীক প্ৰদান কৰা হ’ব সাধাৰণ সম্পাদকৰ দায়িত্ব।

নিয়ম অনুসৰি যদি আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কোনো কাৰণত পদৰ পৰা অব্যাহতি লয় তেন্তে তাৰ দায়িত্ব অৰ্পন কৰা হয় সহকাৰী সাধাৰণ সম্পাদকক। বৰ্তমান সময়ত আছুৰ কেন্দ্ৰীয় সমিতিকত আছে ৫ গৰাকী সাধাৰণ সম্পাদক। এই ৫ গৰাকী হৈছে- চৰ্জুন হান্সে, পিতুল বৰা, অভিজিত নাথ, দীপক শৰ্মা ইৰু ৰাণা সোণাৰ। গতিকে ইয়াৰে কোনোবা এজনে আগন্তুক সময়ত আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিব।

খবৰ অনুসৰি আছুৰ সাধাৰণ সম্পাদকৰ দৌৰত আছে ধেমাজি জিলাক প্ৰতিনিধিত্ব কৰা দীপক শৰ্মাৰ নাম। চৰ্জুন হান্সে আৰু অভিজিক নাথো এই দৌৰত আছে। ডুমডুমাৰ ৰাণা সোণাৰৰো ভাগ্য ফুলিব পাৰে। অৱশ্যে এই সকলো সিদ্ধান্ত আছুৰ কাৰ্যনিৰ্বাহত লোৱ হ’ব। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হব’ যে কোনে লাভ কৰে আছুৰ সাধাৰণ সম্পাদকৰ পদ।

উল্লেখ্য যে, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছিল। এগৰাকী যুৱতীয়ে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ইমানেই নহয় , যুৱতীগৰাকীয়ে কৈছিল যে ২০২৫ ত তেওঁলোকে বিয়া হোৱা কথা আছিল আৰু শংকৰজ্যোতিয়ে আছু ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পৰিকল্পনা আছিল। তাৰ পাছতেই বিতৰ্কত সোমাই পৰিছিল ছাত্ৰ নেতাগৰাকীৰ নাম। এই সন্দৰ্ভত ছাত্ৰনেতাগৰাকীয়ে স্পষ্টীকৰণ দিছিল যদিও সংগঠনৰ বহুলোকে তেওঁৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছিল। যাৰ পাছত আজি শংকৰজ্যোতি বৰুৱাই সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লয়।

Latest News