কোন হ’ব বিজেপিৰ নতুন ৰাজ্যিক সভাপতি? চৰ্চাত কাৰ নাম…
BJP new president: আহি থকা বিধানসভা নিৰ্বাচনক লৈ সাজু হৈছে শাসক-বিৰোধী প্ৰতিটো পক্ষ। ইয়াৰ পূৰ্বে ৰাজ্যিক বিজেপিয়ে আগবাঢ়িছে নতুন সভাপতি নিৰ্বাচন কৰা প্ৰক্ৰিয়ালৈ। অৰ্থাৎ ২০২৬ চনত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ নেতৃত্ব দিব বিজেপিৰ নতুন ৰাজ্যিক সমিতিয়ে। বিজেপিয়ৰ সভাপতি পদক লৈ ইতিমধ্যে চৰ্চালৈ আহিছে কেইবাজনো জ্যেষ্ঠ নেতাৰ নাম।
আহি আছে ইংৰাজী নতুন বছৰ। এই নতুন বছৰতেই ৰাজ্যিক বিজেপিয়ে লাভ কৰিব নতুন সভাপতি। ভাৰতীয় জনতা পাৰ্টি, অসমৰ শীৰ্ষ এই পদবীটো কোনে লাভ কৰিব তাক লৈ এতিয়া চলিছে সৰৱ চৰ্চা। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে, ২০২৫ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত নতুনকৈ গঠন কৰা হ’ব বিজেপিৰ ৰাজ্যিক সমিতি আৰু তেতিয়াই নিৰ্বাচিত কৰা হ’ব নতুন সভাপতি। ইয়াৰ বাবে চলিত বৰ্ষৰ ৫ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ মণ্ডল জিলা সমিতিসমূহৰ নতুনকৈ গঠন কৰাৰ ঘোষণাও কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।
উল্লেখ কৰা প্ৰয়োজন যে, যোৱা শনিবাৰে বশিষ্ঠস্থিত কাৰ্যালয়ত সাংগাঠনিক নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত উপস্থিত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে অসম বিজেপিৰ প্ৰভাৰী হৰিশ দ্বিবেদী, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু আদিৰ লগতে মন্ত্ৰী, বিধায়ক, সাংসদ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জিলা আৰু মণ্ডলৰ সভাপতিসকল।
এই সভাতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে, নতুন বছৰত বিজেপিৰ নতুন সমিতি গঠন কৰাৰ লগতে সভাপতি নিৰ্বাচন কৰা হ’ব। ইয়াৰোপৰ বিজেপিৰ মণ্ডল, জিলা সভাপতিয়ে বিধানসভা নিৰ্বাচন খেলিব নোৱাৰিব বুলি এই সভাতেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইতিমধ্যে আৰম্ভ হৈছে বিজেপিৰ সাংগঠনিক নিৰ্বাচনী প্ৰক্ৰিয়া। জিলাই জিলাই মণ্ডল, জিলাৰ উপৰিও বুথসমূহত আৰম্ভ হৈছে নতুনকৈ গঠনৰ প্ৰক্ৰিয়া।
সন্ধিয়াৰ ভাগত এই বৈঠকত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, বিজেপিৰ সংগঠন পৰ্ব পৰ্যায়ক্ৰমে আগবাঢ়িছে। প্ৰথম অৱস্থাত আমি ৬৩ লাখতকৈ অধিক প্ৰাথমিক সদস্য অন্তৰ্ভুক্ত কৰিলো। ইয়াৰে ৬৭ হাজাৰ সক্ৰিয় সদস্য় কৰা হ’ল। ইয়াৰোপৰি ২০ হাজাৰ বুথত সভাপতি নিৰ্বাচন কৰিম আৰু ডিচেম্বৰ মাহত জিলা সভাপতি নিৰ্বাচিত কৰা হ’ব। তাৰ পাছতে জানুৱাৰী মাহত ৰাজ্যিক সভাপতি নিৰ্বাচন কৰা হ’ব।
উল্লেখ্য যে, ২০২৬ চনত ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। গতিকে নতুন ৰাজ্যিক সভাপতিৰ নেতৃত্বত ২০২৬ চনত অসম বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিজেপি। গতিকে ৰাজ্যিক বিজেপিৰ সভাপতি কোন হ’ব তাক লৈ দলটোৰ মাজত এতিয়া চলিছে জল্পনা-কল্পনা। চৰ্চাত থকা সকলৰ ভিতৰত আছে- ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বৰ্তমান ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস, ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত কুমাৰ দাস আদি। অৱশ্যে ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি কোন হ’ব সেয়া প্ৰকাশ পাব জানুৱাৰী মাহতহে।