কোন হ’ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি? ভৱেশ কলিতাই হেৰুৱাব নেকি আসন…

২০২৬ চনত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনক লৈ সাজু হৈছে প্ৰতিটো দল-সংগঠন। ইয়াৰ মাজতে এই সময় বিজেপিৰ ৰাজ্যিক সভাপতি নিৰ্বাচন কৰা। এনে পৰিস্থিতিত প্ৰশ্ন হয় কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি?

কোন হব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি? ভৱেশ কলিতাই হেৰুৱাব নেকি আসন...

বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি কোন

Published: 

08 Jan 2025 16:53 PM

ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ সাজু হৈছে প্ৰতিটো দল সংগঠন। ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালী বান্ধিছে শাসক বিৰোধিয়ে। গতিকে এই নিৰ্বাচনৰ পূৰ্বে সাংগঠনিক ভেঁটি মজবুত কৰিবলৈ ৰাজ্যিক বিজেপিয়ে নতুন সমিতি গঠনৰ যো- জা চলাইছে। ইতিমধ্যে বিজেপিয়েৰ  বুথ পৰ্যায়, মণ্ডল আৰু জিলা পৰ্যায়ত সমিতি গঠনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। এনে পৰিস্থিতি প্ৰশ্ন হয় যে কোন হ’ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি?

বৰ্তমান চৰকাৰী কাৰ্যসূচী সূত্ৰে অসমত আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। অনুমান কৰা হৈছে যে এই সময়চোৱাত নাড্ডাই দলটোক সমিতি গঠনৰ ক্ষেত্ৰত কিছু পৰামৰ্শ প্ৰদান কৰিব। মঙলবাৰে সন্ধিয়া অসমত উপস্থিত হোৱাৰ পাছতেই নাড্ডাক বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতাই সাক্ষাৎ কৰিছে। ইয়াৰে একাংশ নেতাৰ সৈতে নাড্ডা নিশা পৰ্যন্ত এক বৈঠকত মিলিত হয়। অৱশ্যে এই বৈঠকত কি বিষয় সম্পৰ্কে আলোচনা হয় সেই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই।

অনুমান কৰা হৈছে, সকলো দিশ চালি জাৰি চাই বিজেপিয়ে দলৰ ৰাজ্যিক সভাপতি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব। উল্লেখ্য যে, ৰাজ্যিক সমিতিৰ গঠন এক প্ৰক্ৰিয়াৰ মাজেৰে চলে। যদি বুথৰ ৫০ শতাংশ সমিতি গঠনৰ কাম হয় তেন্তে জিলা পৰ্যায়ৰ সমিতি গঠনৰ কাম আৰম্ভ কৰিব পাৰি আৰু জিলা পৰ্যায়ৰ সমিতিৰ কাম আৰম্ভ হ’লে ৰাজ্যিক পৰ্যায়ৰ সমিতি গঠনৰ কাম আৰম্ভ কৰিব পাৰি। ইতিমধ্যে বুথ আৰু জিলা পৰ্যায়ৰ সমিতি নিৰ্বাচনৰ ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে। শেহতীয়াকৈ বিজেপিয়ে ৪খন জিলাৰ বাহিৰে বাকী জিলা সমূহৰ সমিতি গঠন কৰিছে। এনে পৰিস্থিতি ৰাজ্যিক সমিতি গঠন কৰিবলৈ সম্পূৰ্ণ সক্ষম বিজেপি।

ৰাজ্যিক বিজেপিৰ সমিতি গঠনৰ প্ৰক্ৰিয়া বিজেপিয়ে ১৫ জানুৱাৰীৰ পূৰ্বে কৰিব লাগিব। অৰ্থাৎ বিহুৰ পূৰ্বে ৰৈ যোৱা বাকী ৪ খন সমিতি নিৰ্বাচন কৰাৰ লগতে ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতিৰ নামো ঘোষণা কৰিব।  দল আৰু চৰকাৰৰ মাজত সংযোগ স্থাপন কৰাত এগৰাকী সভাপতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেনে ক্ষেত্ৰত বিজেপিয়ে সকলো চাই চিতি সভাপতি নিৰ্বাচনৰ বাবে আগবাঢ়িব।

সভাপতি নিৰ্বাচন সন্দৰ্ভতে কাইলৈ অসমলৈ আহিব গজেন্দ্ৰ শেখাৱট। এইগৰাকী নেতাকে বিজেপিৰ ৰাজ্যিক সভাপতি নিৰ্বাচনৰ দায়িত্ব অৰ্পন কৰা হৈছে। গতিকে এতিয়া প্ৰশ্ন হয় কোন হ’ব বিজেপিৰ ৰাজ্যিক সভাপতি? এইবাৰ সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত বিজেপিয়ে বহু কথাত গুৰুত্ব দিয়াৰ প্ৰয়োজন আহি পৰিব। নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সমস্য়াই যাতে মূৰ দাঙি নুঠে তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব। ইয়াৰ ফালৰ পৰা চাব গ’লে ৬ জনগোষ্ঠীৰ পৰা কোনোবা এজন সভাপতি হ’ব পাৰে বুলি অনুমান কৰিব পাৰি।

বিগত সময়চোৱাত ৰাজ্যিক বিজেপিৰ সভাপতিৰ ক্ষেত্ৰত কেইবাগৰাকী নেতাৰ নাম পোহৰলৈ আহিছিল। ইয়াৰ ভিতৰত আছিল যোগেন মোহন, পল্লৱলোচন, ৰামেশ্বৰ তেলী আদি। কিন্তু এই আটাইকেইগৰাকী নেতাক বিজেপিয়ে এতিয়া অন্য দায়িত্ব প্ৰদান কৰিছে। তেনে ক্ষেত্ৰত এই কেইগৰাকী নেতাই বিজেপিৰ সভাপতিৰ তালিকাত স্থান লাভ কৰাৰ সুযোগ নাই।

ইয়াৰোপৰি একাংশৰ মতে হয়তো ভৱেশ কলিতাই পুনৰবাৰ বিজেপিৰ শাসনভাৰ গ্ৰহণ কৰিব পাৰে। সভাপতিক সন্মুখত লৈয়ে বিজেপিয়ে ২০২৬ চনৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিব চেষ্টা কৰিব। গতিকে কোনো যাতে বিঘিনি নহয়, দলত মতানৈক্য নহয় তাৰ বাবে দলটোয়ে ভৱেশ কলিতাকে পুনৰ সভাপতি হিচাপে নিৰ্বাচন কৰিব পাৰে। ইযাৰোপৰি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত এক সু-সম্পৰ্ক আছে।  অৱশ্যে এয়া সকলো মাত্ৰ এক ধাৰণা।  কিছুদিন পাছতেই বিজেপিয়ে ঘোষাণা কৰিব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি নাম। এক কথাত ক’বলৈ হ’লে ২০২৫ চনৰ ১৫ জানুৱাৰীৰ পূৰ্বে দলে লাভ কৰিব নতুন সভাপতি।

 

 

পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰি যায় নেকি এইসমূহ সামগ্ৰী? সাৱধান...
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?
হাতলৈ টকা অহাৰ লগে লগে শেষ হৈ যায় নেকি? ভুলতো নকৰিব এই কাম
ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!