কোন হ’ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি? গৌৰৱ হ’ব নেকি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী…
Next president of Assam congress: কোন হ'ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি? কোন হ'ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? এই সন্দৰ্ভত জল্পনা-কল্পনা চলি থকাৰ মাজতে আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ বিশেষ বৈঠক।

কোন হ’ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি? কোন হ’ব প্ৰদেশ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? এনে বহু প্ৰশ্ন অসমৰ ৰাজনীতিত পাকঘূৰণি খাই থকাৰ মাজতে আজি দিল্লীত অনুষ্ঠিত হ’ব কংগ্ৰেছৰ এক বিশেষ বৈঠক। কংগ্ৰেছৰ হাইকমাণ্ডে আজি আবেলি ৪ বজাত প্ৰদেশ কংগ্ৰেছ বিষয়ববীয়া আৰু কংগ্ৰেছৰ ভগ্নী সংগঠনেৰে এক বৈঠকত মিলিত হ’ব। এই সময়চোৱাত ৰাহুল গান্ধীয়ে প্ৰদেশ কংগ্ৰেছ আৰু ভগ্নী সংগঠনৰ নেতৃত্বত পৃথককৈ বৈঠকত মিলিত হ’ব। যাৰ বাবে ইতিমধ্যে দিল্লীত উপস্থিত হৈছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, যুৱ কংগ্ৰেছৰ সভাপতি জুৱেইৰ আনম, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি বিভিন্নজন।
এই বৈঠকত মূলতঃ ২০২৬ চনত অসমত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে। যোৱা কেইবছৰমানৰ পৰা অসমত কংগ্ৰেছৰ স্থিতি দুৰ্বল হৈ পৰিছে। ইয়াৰোপৰি নতুনকৈ ভেঁটি মজবুত কৰিবলৈও সক্ষম হোৱা নাই প্ৰদেশ কংগ্ৰেছ। যাৰ বাবে হাইকামাণ্ড কংগ্ৰেছৰ একাংশ বিষয়ববীয়াৰ প্ৰতি সন্তুষ্ট নহয়।
এনেবোৰ কাৰণতে আজি নতুন দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক আয়োজন কৰি তলব কৰিছে অসমৰ কেইবাজনো শীৰ্ষ কংগ্ৰেছ নেতাক। দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ, বিধায়ক হাফিজ ৰছিদ আহমেদ চৌধুৰী, প্ৰাক্তন সাংসদ আব্দুল খালেক, ৱাজেদ আলি চৌধুৰী, প্ৰদীপ সৰকাৰ, নন্দিতা দাস আদি কেইবাগৰাকীও কংগ্ৰেছ নেতাক তলৱ কৰিছে কংগ্ৰেছ হাইকামাণ্ডে।
সূত্ৰ অনুসৰি, এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে কংগ্ৰেছে। যোৱা কেইটামান মাহ ধৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদক লৈ যথেষ্ঠ সমালোচনা হৈ আছে। কংগ্ৰেছৰ একাংশ বিধায়ক, সাংসদে ভূপেন বৰাক পদৰ পৰা আঁতৰ কৰিব বিচৰে। তেন্তে ক্ষেত্ৰত আজিৰ বৈঠকতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সন্দৰ্ভতো কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।
কেৱল সভাপতিয়েই নহয়, ২০২৬ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে প্ৰায়বোৰ পদবীত সাল সলনি কৰাৰ সম্ভাৱনা আছে। তথ্য অনুসৰি, বিৰোধী দলপতি সলনি হোৱাৰো সম্ভাৱনা আছে। দলৰ প্ৰতি দুৰ্বৰ প্ৰদৰ্শন, উচিত ৰণনীতি প্ৰস্তুত কৰিব নোৱাৰাৰ বাবে কংগ্ৰেছে কেইবাটাও শীৰ্ষ পদত ব্যাপক ৰদবদল হ’ব পাৰে।
একাংশই কৰা অনুমান অনুসৰি বিৰোধী দলপতিৰ দায়িত্ব প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী ভৰত নৰহক দিব পাৰে, ইয়াৰ বিপৰীতে দেৱব্ৰত শইকীয়াক ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ কমিটীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে।
অসমত বিজেপিৰ স্থিতি মজবুত হৈ পৰাৰ বিপৰীতে কংগ্ৰেছৰ স্থিতি দুৰ্বল হৈ পৰিছে। যাৰ বাবে হাইকামাণ্ডে অন্য কোনো বিষয়াক দায়িত্ব প্ৰদান কৰি ২০২৬ ৰ নিৰ্বাচনলৈ আগবঢ়াৰ পৰিকল্পনা কৰি আছে। বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক দায়িত্বত থকাসকলে তৃণমূল পৰ্যায়তো নিজৰ স্থিতি সবল কৰিব নোৱাৰিলে। যাৰ বাবে এই পদসমূহৰ সাল সলনি কৰিব পাৰে।
কংগ্ৰেছৰ নতুন সভাপতি পদৰ বাবে গৌৰৱ গগৈ আৰু প্ৰদ্যুত বৰদলৈৰ নাম চৰ্চাত আছে। যোৱা কেইটামান দিন ধৰি কংগ্ৰেছৰ একাংশ কৰ্মীয়ে গৌৰৱক সভাপতি পতাৰ দাবী উত্থাপন কৰি আহিছে। কিন্তু সভাপতিৰ পদ গৌৰৱক নিদি অন্য কোনো দায়িত্ব দিব পাৰে। হয়তো ২০২৬ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব পাৰে গৌৰৱ গগৈ।
উল্লেখ কৰা প্ৰয়োজন যে, বিগত সময়চোৱাত গৌৰৱ গগৈয়ে অসমৰ ৰাজনীতিত এক বিশেষ খোপনি পুতিবলৈ সক্ষম হৈছে। তেনেস্থলত তেওঁ পাব পাৰে গুৰুদায়িত্ব। অৱশ্যে এই সকলো জল্পনা- কল্পনাহে মাঁথো। পৰৱৰ্তী সময়ত আজিৰ বৈঠকৰ সবিশেষ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।