২খন আসন, ১১খন আবেদন! ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে কাক টিকট দিব বিজেপিয়ে?
অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ- নিৰ্বাচন আৰু ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যিক বিজেপি। ৰাজ্যসভাৰ দুই আসনৰ বাবে বিজেপিত ১১ খন আবেদন দাখিল হৈছে। পিছে বিজেপিয়ে কাক এৰিব, কাক ধৰিব সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন।
অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন আৰু খালী হোৱা ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যিক বিজেপি। এতিয়ালৈকে দলটোৱে প্ৰাৰ্থীৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা নাই যদিও আজি এই সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হ;ব। এই বৈঠকত বিজেপিয়ে উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিব। সমান্তৰালভাৱে আজি ৰাজ্যসভাৰ আসন সন্দৰ্ভতো আলোচনা হ’ব।
জানিব পৰা মতে অসমৰ ২খন আসনৰ বাবে বৰ্তমানলৈকে ১১ জনে আবেদন কৰিছে। ইয়াৰ ভিতৰত আছে লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা ৰামেশ্বৰ তেলী আৰু ৰাজদ্বীপ ৰয়। ইযাৰ লগতে লোকসভা নিৰ্বাচনত যোৰহাটত পৰাস্ত হোৱা তপন কুমাৰ গগৈয়েও আসনৰ পৰা আবেদন কৰিছে। আন আবেদনকাৰীসকলৰ ভিতৰত আছে- ড০ প্ৰদীপ ঠাকুৰীয়া, ৰেখাৰেণা দাস বড়ো, অনুপ সিং ৰাজপুৰোহিত, মানস প্ৰতিম ডেকা, ৰূপম গোস্বামী, অশোক ভট্ট ৰয়, বিজয় কুমাৰ গুপ্তা,মিছন ৰঞ্জন দাস।
অৱশ্যে কোনে টিকট লাভ কৰে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। এই তালিকা বিজেপিয়ে দিল্লীলৈ প্ৰেৰণ কৰিব আৰু কোনে টিকট লাভ কৰে তাৰ পাছত নিশ্চিত হ’ব। বিধানসভাৰ উপ- নিৰ্বাচনত বিহালীত পল্লৱ লোচন দাস আৰু চামগুৰিত দিপ্লু ৰঞ্জন শৰ্মাৰ টিকট পাব বুলি চৰ্চা চলিছে।
ডিব্ৰুগড়ৰ পৰা সৰ্বানন্দ সোণোৱাল আৰু কাজিৰঙাৰ পৰা কামাখ্যা প্ৰসাদ তাছা লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে এই দুখন আসন খালী হৈ আছে। এই দুখন আসনৰ বাবে ৩ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা দিন ২৬ ছেপ্তেম্বৰ। ইয়াৰে কামাখ্যা প্ৰসাদ তাছাৰ আসনখনৰ কাৰ্যকাল ১৪ জুন ২০২৫ লৈ আৰু
সৰ্বানন্দ সোণোৱালৰ কাৰ্যকাল ৯ এপ্ৰিল ২০২৬ লৈ আছে।
উল্লেখ্য যে, সোণোৱাল আৰু তাছাৰ উত্তৰসূৰীক লৈ ৰাজ্যিক বিজেপিত ব্যাপক চৰ্চা চলিছে। তপন গগৈ সোণোৱালৰ উত্তৰসূৰী হোৱাৰ সম্ভাৱণা আছে। কিয়নো লোকসভা নিৰ্বাচনত বিজেপিৰ হাতৰ পৰা গৈছিল যোৰহাট আসন। যাৰ বাবে তপন গগৈক ৰাজ্যসভালৈ পঠিয়াই উজনি অসমত বিজেপিয়ে হেৰুৱা ভেটি পুনৰ উদ্ধাৰৰ চেষ্টা কৰিব পাৰে। আনহাতে কামাখ্য প্ৰসাদ তাছাৰ খালী ঠাই পূৰণ কৰিবলৈ কোনো নতুন মুখ অহাৰ সম্ভাৱণা আছে।
অসমৰ উপ- নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ সমষ্টি- ১১নং ধলাই, ৩১ নং চিদলী, ৩২ নং বঙাইগাঁও, ৭৭ নং বিহালী আৰু ৮৮নং চামগুৰি সমষ্টি।ইয়াৰে ৩ খন আসনত বিজেপি আৰু দুখন আসনত মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱণা আছে। বঙাইগাওঁ আৰু ছিদলি বিধানসভা সমষ্টি মিত্ৰ দলত এৰি দিয়াৰ লগতে আন কেইখন আসনত বিজেপিৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। অৱশ্যে পাছতহে স্পষ্ট হ’ব বিজেপিয়ে কাক টিকট দিব।