অসমৰ মিঞা খেদা অভিযানৰ আঁৰত কাৰ ৰাজনৈতিক সমীকৰণ? কোনে উৰুৱাব বিচাৰেছে সাম্প্ৰদায়িকতাৰ ৰং?

Assam miya muslim:মিঞাইহে কেৱল অপৰাধ সংঘটিত কৰে নেকি? ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কেইটামান দিনত কেইবাটাও ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। কিন্তু কেৱল মাত্ৰ ধিঙৰ ঘটনাটোকহে বেছি প্ৰাধন্য দিয়া হৈছে। ইয়াৰ আঁৰত আছে নেকি কিবা ৰাজনীতি? ৰচা হৈছে নেকি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ৰাজনৈতিক সমীকৰণ?

অসমৰ মিঞা খেদা অভিযানৰ আঁৰত কাৰ ৰাজনৈতিক সমীকৰণ? কোনে উৰুৱাব বিচাৰেছে সাম্প্ৰদায়িকতাৰ ৰং?

অসমত মিঞা বিৰোধী অভিযান

Updated On: 

26 Aug 2024 15:09 PM

চৰম অৰাজকতাই বিৰাজ কৰিছে অসমত। সমগ্ৰ ফালে কেৱল হিংসা, বিদ্বেষৰ ঘটনা।কোনো যেন কতো  সুৰক্ষিত নহয়। বিশেষকৈ ধিং কাণ্ডৰ পাছত তীব্ৰ সাম্প্ৰদায়িক বিষবাষ্প বিয়পি পৰিছে ৰাজ্যত। হাতে হাতে লাঠি, টাঙোন লৈ মানুহে মিঞা সম্প্ৰদায়ৰলোকৰ ঘৰত প্ৰৱেশ কৰি একাংশ সংগঠনে মিঞা খেদাৰ অভিযান আৰম্ভ কৰিছে। মুকলিকৈ সংগঠনসমূহে ভাবুকি দি কৈছে ১ সপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ নকৰিলে পৰিস্থিতি অতি ভয়াবহ হ’ব।

কেৱল দল- সংগঠনৰ মাজতেই আৱদ্ধ হৈ থকা নাই এই মিঞা বিদ্বেষী মনোভাৱ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি কৈছে যে এই বিশেষ সম্প্ৰদায়ৰলোকসকলে অসমীয়াক ভীতিগ্ৰস্ত কৰিবলৈ চেষ্টা কৰিছে। ধৰ্ষণৰ কাণ্ডৰ দৰে ঘটনা সংঘটিত কৰি তেওঁলোকে অসমীয়াৰ মাজত ভয় সুমুয়াবলৈ চেষ্টা কৰিছে। ধিঙত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শৰ্মাই এই বক্তব্য প্ৰদান কৰে। লগতে কয় যে ধিং এটা সময়ত অসমীয়াৰ পীঠভূমি আছিল, কিন্তু এতিয়া ধিঙত ১০,০০০ অসমীয়া মানুহো নাই।

ধিং, নলবাৰী, বৰপেটা আদি ঠাইত অসমীয়া মানুহ কমি যোৱাৰ কাৰণ উল্লেখ কৰি শৰ্মাই কয় যে, অসমীয়া জাতি এতিয়া সংকটত।  বিভিন্ন প্ৰান্তত বিশেষ সম্প্ৰদায়ৰলোক প্ৰথমে এজন সোমাই লয় আৰু পাছত তাতে বিশেষ ধৰণৰ বন্যপ্ৰাণী খোৱা আৰম্ভ হয়। ইয়াৰ লগে লগে ওচৰৰ মানুহবোৰ আঁতৰিবলৈ আৰম্ভ কৰে। এয়া এটা পেটাৰ্ণ হয়। প্ৰথমে এজন, দুজন সোমাই আৰু পাছত তাতে গো ভক্ষণ আৰম্ভ হয়। সেয়ে আমাৰ মানুহবোৰ তাৰপৰা গুচি আহিবলৈ আৰম্ভ কৰে। য’ত ভাদ মাহৰ নাম আৰম্ভ হৈছিল, তাত আজান আৰম্ভ হয়। যাৰ বাবে সকলো অসমীয়া মানুহে বৰপেটা, নলবাৰী আদিৰ পৰা আহিবলৈ আৰম্ভ কৰে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ধিঙত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ পাছতেই অসমত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰি আছে। এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত তফাজ্জুল ইছলামৰ ইতিমধ্যে আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে যদিও আন দুজন অভিযুক্তক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী। ধৰ্ষণৰ ঘটনা কেৱল এয়াই নহয়, বিগত ৪ মাহত ৰাজ্যত ২৫ টাতকৈ অধিক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু নাৰীজনিত অপৰাধৰ ঘটনা সংঘটিত হৈছে।

তাৰ ভিতৰত কেইটামান- হোজাইত টিউচন শিক্ষক বিশ্বজিত দাসৰ কামনাৰ বলি এগৰাকী ছাত্ৰী, মঙলদৈত ১৪ বছৰীয়া কিশোৰীক অন্তঃসত্ত্বা কৰি আৰক্ষীৰ জাসত প্ৰদীপ নাথ, ডিফুত পূজাৰী খনছিং ৰংহাঙৰ বিৰুদ্ধে কিশোৰী ধৰ্ষণৰ অভিযো,মোমায়েক ৰঞ্জিত বড়োৰ কামনাৰ বলি হৈ অন্তঃসত্ত্বা কিশোৰী ,নিজ ৱোৱাৰীৰ সৈতে কু- কৰ্ম যাদৱ বৰাৰ, ৭৫ বছৰীয়া সুশীল নাথৰ কামনাৰ বলি কিশোৰী। এয়া মাত্ৰ ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱা কেইটামান ঘটনাহে।

প্ৰশ্ন হয়, কিয় বাৰে বাৰে এটা বিশেষ সম্প্ৰদায়ৰলোকক লক্ষ্য কৰি লোৱা হয়? ধিং কাণ্ডৰ দৰে ৰাজ্যৰ আন প্ৰান্তৰ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে কিয় মাত মতা নাই তথাকথিত সংগঠনসমূহে? কেৱল এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ অপৰাধৰ বলি হ’লেহে ন্যায় পোৱাৰ অধিকাৰ আছে নেকি?  বাকী নিৰ্যাতিতাসকলৰ বিৰুদ্ধে মাত মাতিব কোনে?

ধিঙৰ এই কাণ্ডৰ পাছতেই উজনি অসমৰ পৰা বিভিন্ন বিক্ষিপ্ত ঘটনা পোহৰলৈ আহিছে। শিৱসাগৰৰ নাজিৰাত এক ভিডিঅ’ পোহৰলৈ আহিছে য’ত দেখা গৈছে একাংশ সংগঠনৰ নেতাই মিঞা সম্প্ৰাদায়ৰলোকক ৭ দিনৰ ভিতৰত উজনি অসম এৰি যাবলৈ নিৰ্দেশ দিছে। ঠিক তেনেদৰে মঙলদৈত নৰেন হাজৰিকা নামাৰলোকজনক মাছ বেপাৰীয়ে কৰা আক্ৰমণৰ পাছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি। উজনি অসমত এতিয়া তীব্ৰ গতিত চলিছে মিঞা বিৰোধী অভিযান। আনকি মুকলিলৈ মিঞাক শাৰীৰিকভাৱে অপদস্থ কৰাৰ ভাবুকি দিছে সংগঠনসমূহে।

এয়া বৰ্তমান অসমৰ এক সামগ্ৰিক পৰিস্থিতি। এনে সময়ত অসমত বছৰ বছৰ ধৰি বাস কৰা মিঞা সম্প্ৰদায়ৰলোকসকল কেনে অৱস্থাত আছে সেই সন্দৰ্ভত মনৰ অনুভৱ ব্যক্ত কৰে আহমেদ তহিদুচ জামানে। তেওঁ কয় যে,অসমত এতিয়া যি হৈ আছে সেয়া দুৰ্ভাগ্যজনক। আমি যদি অসমৰ ইতিহাস আৰু ৰাজনীতি চাও তেন্তে ৰাজনীতিত সদায় জাতি ভেদ থাকেই। মোৰ অনুভৱ হয় যে, আমাৰ সম্পূৰ্ণ উত্তৰ-পূৱ ভাৰত এটা টাইম বম, যি যেতিয়াই তেতিয়া ফাটিব পাৰে। ই জাতিভেদ আৰু পৰিচয়ৰ ৰাজনীতিৰ বাবে হ’ব পাৰে।

ধিঙৰ ঘটনাৰ পাছতেই উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত আহমেদে কয়,  “ধৰ্ষণৰ দৰে ঘটনাত ৰাজনৈতিক ৰং দিয়াতো দুৰ্ভাগ্যজনক। বিগত কেইটামান দিনত হোৱা ধৰ্ষণৰ ঘটনাসমূহৰ ভিতৰত মাত্ৰা এটা ঘটনাকহে প্ৰাধন্য দি মিঞা বিৰোধী অভিযান আৰম্ভ কৰিছে। আমাৰ যুঁজ হ’ব লাগিছিল ধৰ্ষণৰ বিৰুদ্ধে, আমি আলোচনা কৰিব লাগিছিল কি কাৰণে এনে ঘটনা সংঘটিত হৈ আছে আৰু কেনেকৈ ইয়াক ৰোধ কৰিব পাৰি। ইয়াৰ বিপৰীতে ইয়াৰ লগত এতিয়া ধৰ্মক জড়িত কৰা হৈছে”।

তেওঁ কয়, “অসমৰ জাতীয়তাবাদী মনোভাৱ মূল তিনিটা কাৰণৰ পৰা উদ্ভৱ হৈছিল। এটা হ’ল অনা- অসমীয়াই অসমীয়াৰ চাকৰি, অৰ্থনীতিত ক্ষেত্ৰত  কৰা নিয়ন্ত্ৰণ, দ্বিতীয়টো বেংগলী শৰণাৰ্থী আৰু তৃতীয়টো অসমৰ জাতীয়তাবাদ আৰু কেন্দ্ৰ চৰকাৰৰ মাজত মতানৈক্য। কিন্তু বিজেপি চৰকাৰ অহাৰ দিনৰ পৰা জাতীয়তাবাদী চিন্তাধাৰা যেন কিছু কমি গৈছে। উজনি অসমত মাৰোৱাৰীৰ লগত যি ঘটনা সংঘটিত হ’ল তাৰ পাছত ইয়াক মিঞা বিৰোধী অভিযানলৈ ৰূপান্তৰিত কৰা হ’ল। এয়া অতি দুৰ্ভাগ্যজনক যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰে এই সমগ্ৰ কাণ্ডৰ ওপৰত ঘিউ ঢলাৰ কাম কৰি আছে”।

এই সকলো ক্ষেত্ৰত ৰাজনৈতিক কাৰণ নিহিত হৈ থকাৰ দাবী কৰি তেওঁ কয় যে, ” ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ধুবুৰীত আজমলৰ পৰাজয় আৰু যোৰহাটত গৌৰৱ গগৈৰ জয় বিজেপিৰ বাবে এক ডাঙৰ আঘাত। বিজেপিয়ে প্ৰত্যাহ্বান জনাই গৌৰৱ গগৈয়ে উজনিৰ থলুৱালোকৰ ভোট লৈ গ’ল। যাৰ বাবে সমস্যাত ভুগিছে বিজেপি। ইয়াৰ পৰা ওলাই আহিবলৈ আৰু  আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাজু হ’বলৈ বিজেপিয়ে নতুন সাম্প্ৰদায়িক ৰং সনাৰ চেষ্টা কৰি আছে। ইয়াৰ ক্ষেত্ৰত যথেষ্ঠ সফলো হৈছে বিজেপি। উজনিত লগা এই জুই এতিয়া নামনি আৰু মধ্য অসমৰ পিনে বিয়পোৱাৰ চেষ্টা কৰা হৈছে। কিয়নো হিন্দু- মুছলিম কৰিলে ইয়াৰ দ্বাৰা বিজেপি লাভান্বিত হ’ব”।

আহমেদে কয়, এই পৰিস্থিতিৰ পাছতেই মোৰ দৰে আৰু বহুতে শংকাত ভুগিছে। কিয়নো মই কৰিমগঞ্জৰ আৰু মোৰ মাতৃভাষা চিলেটী। এটা কথা সত্য যে, একাংশই বৰাক উপত্যকাৰ অসমীয়া কব নোৱাৰাখিনিকে ম়িঞা বুলি কয়।  কিন্তু বৰাক উপত্যাক কি, চিলেটী কিয় কয় সেয়া কোনোৱে জানিব নিবিচাৰে। তেওঁ কয় যে, মই এতিয়া যথেষ্ঠ শংকাত আছো যে অসমীয়া ক’ব নোৱাৰিলেই মোৰ নাম সুধি মোক বাংলাদেশী বুলি কোৱা হ’ব। এনে পৰিস্থিতি ৰাষ্ট্ৰযন্ত্ৰই উদ্ভৱ কৰা বুলি তেওঁ কয়।

উল্লেখ্য যে, শেহতীয়াকৈ অসমত হোৱা কেইটমান ঘটনাৰাজিয়ে বিশেষ স্থান লাভ কৰিছে। মাৰোৱাৰীক আঁঠু কঢ়াই ক্ষমা খুজিবলৈ বাধ্য কৰোৱাৰ পৰা মিঞা বিৰোধী অভিযানলৈ। এটা কথা ঠিক যে অসমত অসমীয়াই অস্তিত্বৰ হৈ সদায় যুঁজ দি আছে আৰু ভৱিষ্যতেও যুঁজ দি যাব। নিজৰ জাতি, ধৰ্মত বহিৰাগতৰ প্ৰভাৱ কোনো অসমীয়াই সহ্য নকৰে। কিন্তু অপৰাধৰ লগত কেৱল এটা বিশেষ সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি লোৱাতে কিমান গ্ৰহণযোগ্য?  অইন অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ কিয় দিয়া নাই মুখ্যমন্ত্ৰীয়ে। অপৰাধ মানসিকতাৰ একাংশ অসমীয়াক ইয়াৰ দ্বাৰা উচতাই দিয়া কথা হোৱা নাই নে?  যদি এনেয়ে হৈ থাকে তেন্তে পৰৱৰ্তী সময়ত অপৰাধৰ ক্ষেত্ৰত অসমে নতুুন এক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।

 

 

নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক