Assam: পাৰ্টী,দামী মেকআপ ভাল পাইছিল! কিয় কন্যাই প্ৰাণ ল’লে মাতৃৰ…

Assam:সদায় এনেদৰে বাহিৰত যোৱাৰ বাবে তানিয়াক পিতৃ-মাতৃয়ে বাধা দিছিল। দামী দামী মেকআপ লগোৱাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছিল। এইবোৰ কাৰণতেই পিতৃ- মাতৃৰ প্ৰতি তানিয়াৰ মনত ঘৃণাৰ ভাৱ উপজিছিল। সেই একপক্ষীয় ঘৃণাই শুকুৰবাৰে নিশা নৃশংসতাৰ ৰূপ লয়

Assam: পাৰ্টী,দামী মেকআপ ভাল পাইছিল! কিয় কন্যাই প্ৰাণ ললে মাতৃৰ...

গুৱাহাটী

Published: 

29 Sep 2024 19:28 PM

এক ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। এগৰাকী কন্যাই নিজৰ মাতৃক পতাগুটি আৰু ট্ৰফীৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। ২৭ ছেপ্টেম্বৰৰ নিশা গুৱাহাটীৰ বৰমটৰীয়াত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ডৰ ঘটনা। PURNIMA MANSIONৰ BLOCK Bত  তানিয়া কুমাৰী নামৰ যুৱতীগৰাকীয়ে নিজ মাতৃ মঞ্জু দেৱীক অতি নৃশংসভাৱে হত্যা কৰে। নিজ মাতৃক হত্যা কৰি কন্যাই পাছত আৰক্ষীকো এই সন্দৰ্ভত জনাইছিল।

ঘটনা সন্দৰ্ভত প্ৰতিবেশীয়ে কয় যে, ঘটনাৰ নিশা মাতৃ- কন্যাৰ মাজত বহুসময় ধৰি তৰ্কা-তৰ্কি চলি আছিল।সেই সময়ত ঘৰত নাছিল মঞ্জু দেৱীৰ স্বামী। কিছু সময় কাজিয়া লগাৰ পাছত মঞ্জু দেৱীৰ কন্যাই সংঘটিত কৰে এক ভয়ংকৰ ঘটনা। পাকঘৰত মাকে কাম কৰি থকা অৱস্থাত পিছফালৰ পৰা তানিয়াই পতাগুটি এটাৰে প্ৰচণ্ড আঘাত কৰে। লগে লগে মাটিত ঢলি পৰে মঞ্জু দেৱী। মাতৃৰ তেজেৰে ঘৰৰ মজিয়া ৰাঙলী হৈ পৰিছিল। কিন্তু তাৰ পাছতো শান্ত হোৱা নাছিল তানিয়া। ট্ৰফী আৰু পতাগুটিৰে উপৰ্যুপৰি আঘাত কৰি হত্যা কৰিছিল মাতৃক।

প্ৰতিবেশীৰ ভাষ্য অনুসৰি ঘটনাৰ সময়ত মঞ্জু দেৱীয়ে বাৰে বাৰে সহায়ৰ বাবে চিঞৰিছিল। কন্যাক ক্ষমা কৰি দিবলৈ অনুৰোধ জনোৱাৰ লগতে তেওঁক হত্যা নকৰিবলৈ কৈছিল। কিন্তু এইবোৰলৈ কানসাৰ নাছিল তানিয়াৰ। পৰৱৰ্তী সময়ত প্ৰতিবেশী তেওঁলোকৰ ঘৰৰ ওচৰত উপস্থিত হয়, কিন্তু ঘৰৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ আছিল। মাতৃক হত্যা কৰি কিছু সময় পাছত অতি সাধাৰণভাৱে ঘৰৰ পৰা ওলাই আহিছিল তানিয়া আৰু কৈছিল নৃশংস কাণ্ডৰ কথা ।

বৰ্তমান আৰক্ষীৰ জিম্মাত আছে তানিয়া। ঘটনাৰ ৪৮ ঘন্টা পাৰ হোৱাৰ পাছতো মাতৃ হত্যাকাৰী তানিয়া অনুতপ্ত নহয়। বাৰে বাৰে ভাষ্য সলনি কৰি তানিয়াই আৰক্ষীক বিপদে পৰিচালিত কৰাৰো চেষ্টা কৰিছে। প্ৰাথমিক তদন্তত তানিয়াই কয় যে পিতৃয়ে বহুদিন ধৰি তেওঁক শাৰীৰিক নিৰ্যাতন চলাই আহিছিল। এই কথাত অতিষ্ঠ হৈ পৰিছিল তেওঁ। যাৰ বাবে সকলো কথা মাতৃক বিৱৰি কৈছিল। কিন্তু মাতৃয়ে তেওঁৰ কথাত গুৰুত্ব দিয়া নাছিল। প্ৰায় সদায় তেওঁলোকৰ ঘৰত মাৰপিট, শাৰীৰিক নিৰ্যাতনৰ দৰে ঘটনা সংঘটিত হৈছিল যাৰ বাবে মাতৃক তেওঁ হত্যা কৰে বুলি কৈছিল।

কিন্তু পৰৱৰ্তী সময়ত ভাষ্য সলনি কৰিছিল তানিয়াই। জানিব পৰা মতে কল্পনাজগতত বাস কৰে তানিয়াই। তেওঁ কল্পনা কৰিছিল পিতৃৰ শাৰীৰিক নিৰ্যাতনৰ কথা। এক কথাত ক’বলৈ গ’লে মাতৃক হত্যা কৰি তানিয়াই এতিয়া নিজক ৰক্ষা কৰিবলৈ সকলো ধৰণৰ চেষ্টা কৰি আছে।

জানিব পৰা মতে, তানিয়া ইউ এছ টি এমত অধ্য়য়ন কৰে। উচ্চাকাংশী এই যুৱতীগৰাকীয়ে বন্ধু-বৰ্গৰ লগত পাৰ্টী কৰি ঘূৰি ভাল পায়। কিন্তু সদায় এনেদৰে বাহিৰত যোৱাৰ বাবে তানিয়াক পিতৃ-মাতৃয়ে বাধা দিছিল। দামী দামী মেকআপ লগোৱাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছিল। এইবোৰ কাৰণতেই পিতৃ- মাতৃৰ প্ৰতি তানিয়াৰ মনত ঘৃণাৰ ভাৱ উপজিছিল। সেই একপক্ষীয় ঘৃণাই শুকুৰবাৰে নিশা নৃশংসতাৰ ৰূপ লয়। প্ৰায় ৪৫ মিনিট সময় পতাগুটিৰে মৰিয়াই মৰিয়াই মাতৃক হত্যা কৰিছিল তানিয়াই।

জানিব পৰা মতে ঘটনাৰ দিনা তানিয়াই দামী ফেচ ক্ৰীম এটা ক্ৰয় কৰিছিল। ইয়াকে লৈ মাতৃ আৰু কন্যাৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু পৰৱৰ্তী সময়ত ই হত্যাকাণ্ডৰ ৰূপ লয়। তানিয়াই আৰক্ষীক জনাই যে আত্মৰক্ষাৰ বাবে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰিছে। অতি উচ্চাকাংশী আছিল তানিয়া। আৰক্ষীৰ কেইবাটা দলে পৃথকে পৃথকে জেৰা অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে হত্যাকাণ্ডৰ মূল কাৰণ পোহৰলৈ অহা নাই।  ইউ এছ টি এমৰ এগৰাকী শিক্ষয়িত্ৰীও এই তদন্তৰ আওতাত আহিব পাৰে। তদন্তৰ অন্তত এই হত্যাকাণ্ডৰ বিষয়ে অধিক জানিব পৰা যাব।

 

 

দীঘল, ধুনীয়া চুলি বিচাৰে নেকি? তেন্তে এনেদৰে ব্যৱহাৰ কৰক নিম পাত...
বেটাৰৰ বাবে সন্ত্ৰাস বুমৰাহৰ প্ৰতিভা প্ৰথমে কাৰ চকুত ধৰা পৰিছিল!
শীতকালত ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! কৰক এই কাম...
বলীউডৰ আটাইতকৈ ধনী অভিনেতাগৰাকী কোন? কিমান সম্পত্তি আছে শ্বাহৰুখ খান, আল্লু অৰ্জুনৰ?