Lok Sabha Election 2024 Result: আজি ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল, ৰাজ্যৰ ১৪টা সমষ্টিত কেনে হ’ব নিৰ্বাচনী ফলাফল?

নেতাৰ বচন শেষ, এইবাৰ দিব সাধাৰণ জনতাই ৰায়দান। ভোটগণনাক লৈ দেশজুৰি ব্যাপক জল্পনা কল্পনা। এইবাৰ বহুকেইতা সমষ্টিত আকৰ্ষণীয় যুঁজ দেখিবলৈ পোৱা গৈছে।

Lok Sabha Election 2024 Result: আজি ঘোষণা হব লোকসভা নিৰ্বাচনৰ ফলাফল, ৰাজ্যৰ ১৪টা সমষ্টিত কেনে হব নিৰ্বাচনী ফলাফল?

কোনে মাৰিব শেষ হাঁহি?

Updated On: 

04 Jun 2024 08:35 AM

অষ্টাদশ লোকসভা নিৰ্বাচনৰ আজি ভোটগণনা। পুৱা ৮-০০ বজাৰ লগে লগে আৰম্ভ ভোটগণনা পৰ্ব। দেশত ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ সাতটা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। দেশৰ ৫৪৩ টা সংসদীয় সমষ্টিৰ ফলাফলে নিৰ্ণয় কৰিব অহা পাঁচ বছৰলৈ কোন হ’ব দেশৰ গুৰিধৰোতা।

অসমৰ ১৪৩ গৰাকী প্ৰার্থীৰ হ’ব ভাগ্য নিৰ্ণয়। ৰাজ্যৰ ১৪ টা সমষ্টিত ১৪৩ গৰাকী প্ৰার্থীয়ে লোকসভা নিৰ্বাচনত আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা ৷ ভোটগণনা পৰ্বত নিয়োজিত ৰাজ্যৰ মুঠ ৫৮২৩ গৰাকী কৰ্মচাৰী ৷ ইতিমধ্যে নিৰ্বাচন আয়োগে ৰাজ্যজুৰি ৫২ টা কেন্দ্ৰৰ ১৫২ টা কাউণ্টিং হলত গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ আবেলি প্ৰায় ৩ বজাৰ পূৰ্বে প্ৰতিটো সমষ্টিৰ ফলাফল প্ৰদান কৰিবলৈ একপ্ৰকাৰ সাজু নিৰ্বাচনী আয়োগ ৷

এতিয়া সকলোৰে চকু ফলাফলৰ ওপৰত। নেতাৰ বচন শেষ, এইবাৰ দিব সাধাৰণ জনতাই ৰায়দান। ভোটগণনাক লৈ দেশজুৰি ব্যাপক জল্পনা কল্পনা। এইবাৰ বহুকেইতা সমষ্টিত আকৰ্ষণীয় যুঁজ দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে, গুৱাহাটীত কংগ্ৰেছৰ মীৰা বৰঠাকুৰৰ সৈতে এইবাৰ যুঁজত নামিছে বিজেপিৰ বিজুলি কলিতা মেধীয়ে। দৰং-ওদালগুৰি সমষ্টিত বিজেপি দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু BFPৰ দুৰ্গা দাস বড়োৰ মাজত হ’ব শক্তিশালী যুঁজ। যোৰহাটত কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ তপন গগৈৰ মাজত আকৰ্ষণীয় যুঁজ। লখিমপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা। শোণিতপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত, কংগ্ৰেছৰ প্ৰেমলাল গঞ্জু আৰু আপৰ ঋষিৰাজ কৌণ্ডিন্যৰ মাজত হ’ব মূল যুঁজ। বৰপেটা সমষ্টিত অগপৰ ফণীভূষণ চৌধুৰী, চি পি আই (এম)ৰ মনোৰঞ্জন তালুকদাৰ, কংগ্ৰেছৰ দ্বীপ বায়ন, নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ মাজত হ’ব যুঁজ। ডিব্ৰুগড় সমষ্টি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন আছু নেতা তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু আম আদমি পাৰ্টি মনোজ ধানোৱাৰৰ মাজত হ’ব যুঁজখন। কাজিৰঙা সমষ্টি বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা আৰু কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কীৰ মাজত হ’ব। নগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈ আৰু বিজেপিৰ সুৰেশ বৰা আৰু এ আই ইউ ডি এফ আমিনুল ইছলামৰ মাজত হ’ব মূল যুঁজ। ডিফু সমষ্টিত বিজেপিৰ অমৰছিং তিছ’ আৰু কংগ্ৰেছৰ জয়ৰাম ইংলেঙৰ মাজত হ’ব শক্তিশালী যুঁজ। কৰিমগঞ্জ সমষ্টিত কংগ্ৰেছৰ হাফিজ ৰচিদ আহমদ চৌধুৰী, বিজেপিৰ কৃপানাথ মাল্লা এ আই ইউ ডি এফ চাহাবুল ইছলাম চৌধুৰীৰ মাজত হ’ব ত্ৰিকোণীয়া যুঁজ। শিলচৰ সমষ্টি বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য, কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰ আৰু তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাসৰ মাজত হ’ব প্ৰতিদ্বন্দ্বিতা।  আনহাতে ধুবুৰী সমষ্টিটো এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলৰ বিপৰীতে কংগ্ৰেছৰ ৰকিবুল হুছেইনে অৱতীৰ্ণ হৈছে মূল যুঁজত। এতিয়া লক্ষণীয় হ’ব আজি কোনে মাৰিব শেষ হাঁহি?

 

 

 

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!