BTR Election: নিৰ্বাচনৰ প্ৰাকক্ষণত বড়োভূমিত হ’ব নেকি ৰাজনৈতিক অস্থিৰতা?

ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ ৷ আগ্ৰাসী ৰূপত দেখিবলৈ পোৱা গৈছে শাসক-বিৰোধীক। তাৰ মাজতে একপ্ৰকাৰ যেন নিৰ্বাচনৰ বাবে সাজু BTR ৰ সকলো দল। BTR নিৰ্বাচনৰ পূৰ্বে বড়োভূমিৰ ৰাজনীতিত পট পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে।

BTR Election: নিৰ্বাচনৰ প্ৰাকক্ষণত বড়োভূমিত হব নেকি ৰাজনৈতিক অস্থিৰতা?

নিৰ্বাচনৰ প্ৰাকক্ষণত বড়োভূমিত হ'ব নেকি ৰাজনৈতিক অস্থিৰতা?

Published: 

22 Apr 2025 19:54 PM

BTR নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰবাৰ বড়ো আঞ্চলিক ৰাজনৈতিক দলৰ বিভাজনকলৈ ৰাজনৈতিক অস্থিৰতাৰ ইংগিত দিলে নিখিল বড়ো ছাত্র সন্থাৰ কেন্দ্রীয় সভাপতি দ্বিপেন বড়োৰ |আঞ্চলিক ৰাজনৈতিক দলৰ অধিক বিভাজনে বড়ো জাতিৰ মাজত সংঘাত সৃষ্টি কৰাৰ আশংকা প্রকাশ ABSU ৰ সভাপতিগৰাকীৰ | এনে সিদ্ধান্তই বড়োভূমিত পুনৰবাৰ সৃষ্টি কৰিব পাৰে অস্থিৰ পৰিৱেশৰ
যাৰ ফলত উপন্দ্র নাথ ব্ৰহ্মৰ বড়ো জাতিক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰ সপোন চূড়মাৰ হ’ব পাৰে নিমিষতে ।

বড়ো জাতিৰ স্বাৰ্থক আগস্থান নিদি ক্ষমতাৰ কথা ভাবিলে হ’ব পাৰে ভয়ংকৰ পৰিস্থিতি। পূৰ্বৰে পৰাই বড়োভূমিত আঞ্চলিক ৰাজনৈতিক শক্তিক একত্ৰীকৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰি আহিছে দ্বিপেন বড়োই | UPPL- BPF ৰ একত্ৰীকৰণৰ বিষয়টোৰ মাজতেই নতুনকৈ অঞ্জলী দৈমাৰীৰ নেতৃত্বত গঠন হোৱা APB দলকো একলগ হোৱাৰ আহ্বান নেতাগৰাকীৰ |

দ্বিপেন বড়োই কয় যে, বড়ো জাতিৰ স্বাৰ্থত নতুন ৰাজনৈতিক দল APB য়ে আৱেগ, দুখ বেদনা পৰিহাৰ কৰাৰ লগতে শাসকীয় দল UPPL, বিৰোধী BPF য়েও সকলো সংঘাতে সামৰি একত্ৰীকৰণৰ বিষয়ত মনোনিৱেশ কৰক | BTR ত এতিয়া বড়ো-অবড়োৰ সংঘাত নাই, নাই গুলী বাৰুদৰ শব্দ , নাই সন্ত্রাসবাদীৰ ধন দাবীৰ খেলা। গতিকে সকলো আঞ্চলিক ৰাজনৈতিক দলে পৰিস্থিতি সুস্থিৰ ৰখাৰ স্বাৰ্থত বহিব লাগে একেখন মঞ্চত। ক্ষমতাক আগস্থান নিদি বড়ো জাতিৰ স্বাৰ্থত চিন্তা কৰক বড়ো আঞ্চলিক ৰাজনৈতিক দলসমূহে।

দুদিনীয়া কাৰ্যসূচীৰে তৃতীয়টো ভ্ৰমণ, চৌদি আৰৱত প্ৰবাসী ভাৰতীয় সকলে উষ্ম আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদীক...
Nilim Kumar: জনপ্ৰিয় কবি নীলিম কুমাৰলৈ 'ড॰ চি. নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় বঁটা-২০২৫', এই বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া নীলিম কুমাৰ
Chetan Bhagat: IIT আৰু IIM ৰ পৰা ডিগ্ৰীধাৰী চেতন ভগত কেনেকৈ হ'ল লেখক?
কোনবোৰ বস্তু খালে বৃক্কত পাথৰ হয়? সবিশেষ জানক