ৰাইজৰ দলৰ সমৰ্থন অবিহনে নহয় ২৬ৰ চৰকাৰ! শিৱসাগৰত অখিল গগৈয়ে দিলে হুংকাৰ

শিৱসাগৰত আজি বৃ্হৎ যোগদান কাৰ্যসূচীৰে ৰাইজৰ দলে ২৬ৰ নিৰ্বাচনৰ বাবে আৰম্ভ কৰিলে প্ৰস্তুতি। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এই সমাৱেশত ২৬ত ৰাইজৰ দলৰ সমৰ্থন অবিহনে ৰাজ্যত কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে বুলি হুংকাৰ দিছে।

ৰাইজৰ দলৰ সমৰ্থন অবিহনে নহয় ২৬ৰ চৰকাৰ! শিৱসাগৰত অখিল গগৈয়ে দিলে হুংকাৰ

শিৱসাগৰত ৰাইজৰ দলৰ সমাৱেশত অখিল গগৈ

Published: 

11 Nov 2024 18:19 PM

আজি ৰাজ্যত অন্ত পৰিল উপ-নিৰ্বাচনৰ প্ৰচাৰ। বিগত কিছুদিন ধৰি উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত বলিল ৰাজনীতিৰ উত্তপ্ত বতাহ। আজি প্ৰচাৰৰ অন্ত পৰাৰ পিছতে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰণডংকা বজালে ৰাইজৰ দলে। শিৱসাগৰত আজি বৃ্হৎ যোগদান কাৰ্যসূচীৰে ৰাইজৰ দলে ২৬ৰ নিৰ্বাচনৰ বাবে আৰম্ভ কৰিলে প্ৰস্তুতি। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ উপস্থিতিত জিলাখনৰ ষ্টেচন চাৰিআলিস্থিত টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ খেলপথাৰত আজি দলটোৰ সাংগঠনিক সমাৱেশ আৰু যোগদান সমাৰোহ আয়োজন কৰা হয়।

এই সমাৱেশত বিভিন্ন দল-সংগঠনৰ পাঁচ শতাধিক কৰ্মীসহ প্ৰাক্তন নেতা কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে। সমাৱেশত বিধায়ক অখিল গগৈয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি দৃঢ় দাবী কৰে। কেৱল সিমানেই নহয়, ২০৩১ চনত চৰকাৰ গঠনৰ পৰিকল্পনাৰে ৰাইজৰ পৰা প্ৰতিশ্ৰুতিও বিচাৰিলে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে।

অখিল গগৈৰ দাবী, ৰাইজৰ দলৰ সহায় নোহোৱাকৈ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে। আগন্তুক এই নিৰ্বাচনত ৰাইজৰ দলে ২০ খন আসন লাভ কৰিব বুলি দৃঢ়তাৰে মন্তব্য কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। ইমানতে ক্ষান্ত নাথাকি অখিল গগৈয়ে লগতে ২০২৬ত বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ’ব বুলিও হুংকাৰ দিয়ে।

ইফালে নিজ ভাষণত অখিল গগৈয়ে কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰে। তেওঁৰ মতে, বিগত লোকসভা নিৰ্বাচনত ৰাইজৰ দলৰ এশ শতাংশ মানুহে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক ভোট দিছিল। কিন্তু এই কংগ্ৰেছেই উপ-নিৰ্বাচনত বিৰোধীক লাঠ মাৰিলে বুলি ক্ষোভ প্ৰকাশ কৰি অখিল গগৈয়ে লগতে আৰু কোনোদিন কংগ্ৰেছৰ বিশ্বাসঘাতকতা সহ্য কৰা নহ’ব বুলি মন্তব্য কৰে।

বিধায়কগৰাকীয়ে লগতে ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে অসমৰ ৰাইজৰ বাবে ৫ টা প্ৰতিশ্ৰুতি পূৰণ কৰাৰো আশ্বাস দিয়ে। তেওঁৰ প্ৰতিশ্ৰুতি, ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে অসমৰ প্ৰতিটো পৰিয়ালক ভূমি পট্টা ৫ বছৰৰ ভিতৰত প্ৰদান কৰি সম্পূৰ্ণ কৰা হ’ব। সকলো পথাৰত পানী যোগান দিয়াৰ ব্যৱস্থা সম্পূৰ্ণ কৰা হ’ব আৰু প্ৰতিদৰা পথাৰত তিনিবাৰ খেতি কৰিব পৰা ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

সমান্তৰালকৈ মধ্যভোগী বিলুপ্ত কৰি অসমৰ প্ৰতিগৰাকী কৃষকক উৎপাদিত সামগ্ৰীৰ প্ৰকৃত মূল্য প্ৰদান কৰাৰ ব্যবস্থা কৰা হ’ব আৰু গ্ৰাহকে কম মূল্যতে সামগ্ৰী ক্ৰয় কৰিবলৈ সক্ষম হ’ব বুলি সমাৱেশত উপস্থিত লোকসকলৰ সমুখত প্ৰতিশ্ৰুতি দিয়ে অখিল গগৈ। ইফালে তিনিকোটি অসমীয়া মানুহৰ হাতত বেপাৰ-বাণিজ্য নাই বুলি মন্তব্য কৰি অখিল গগৈয়ে লগতে ৰাইজৰ দলৰ চৰকাৰ হ’লে সকলো পাইকাৰী বেপাৰ অসমীয়াৰ হাতত থকাৰ ব্যৱস্থা কৰা হ’ব বুলিও উল্লেখ কৰে।

অসমীয়া যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে অসমৰ প্ৰতিটো অঞ্চলত গাঁৱে ভূয়ে উদ্যোগ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দি বিধায়কগৰাকীয়ে লগতে অসমক ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ পৰ্যটন ৰাজ্য হিচাপে গঢ়ি তোলাৰো আশ্বাস দিয়ে। কেৱল ইমানেই নহয়, চৰকাৰে পইচা নিদিলেও ৰাইজৰ দলৰ ফাণ্ডৰ পৰাও ৰাস্তা নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে অখিল গগৈয়ে।

NASAৰ মহাকাশচাৰীসকলে কিমান দৰমহা লাভ কৰে?
ফ্ৰিজৰ ওপৰত ভুলতেও নাৰাখিব এইসমূহ বস্তু, আৰম্ভ হ'ব বেয়া দিন!
ছালৰ উজ্বলতা বঢ়াবলৈ ঘৰতে তৈয়াৰ কৰক এই সামগ্ৰী...
বিশ্বৰ সবাতোকৈ দৰিদ্ৰ দেশ কেইখন, য'ত এজন ব্যক্তিৰ বছৰি আয় মাত্ৰ ৬০ হাজাৰ টকা...