শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

WITT 2025 : “যিদিনা SIT ৰ ৰিপৰ্ট আহিব খৰ্গেলৈ চিঠি লিখিম”, গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সংযোগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

হোৱাট ইণ্ডিয়া থিংকছ টুডে (WITT)ৰ তৃতীয় সংস্কৰণৰ দ্বিতীয় দিনটোত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানত বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰীয়ে । অনুষ্ঠানত মণিপুৰ বিবাদ, মুছলমান ভোট বেংক, মাদ্ৰাছা, কংগ্ৰেছ নেতা গৌৰৱ গগৈ আদি বিষয়ত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

WITT 2025 : “যিদিনা SIT ৰ ৰিপৰ্ট আহিব খৰ্গেলৈ চিঠি লিখিম”, গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সংযোগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ?
হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 30 Mar 2025 09:47 AM

টিভি ৯ নেটৱৰ্কৰ মেগা ছামিট হোৱাট ইণ্ডিয়া থিংকছ টুডে (WITT)ৰ তৃতীয় সংস্কৰণৰ দ্বিতীয় দিনটোত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানত বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰীয়ে । অনুষ্ঠানত মণিপুৰ বিবাদ, মুছলমান ভোট বেংক, মাদ্ৰাছা, কংগ্ৰেছ নেতা গৌৰৱ গগৈ আদি বিষয়ত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সংযোগ সন্দৰ্ভত তেওঁ কয় যে, যদি কাৰোবাৰ পাকিস্তানৰ সৈতে ৫০ বছৰীয়া সম্পৰ্ক আছে, তেন্তে সেয়াও পোহৰলৈ অহা উচিত।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “পাকিস্তান আমাৰ শত্ৰু দেশ। এই ক্ষেত্ৰত কাৰো কোনো সন্দেহ থাকিব নালাগে। যদি কাৰোবাৰ পাকিস্তানৰ সৈতে সম্পৰ্ক আছে তেন্তে তেওঁ তদন্তৰ পৰিসৰৰ আওতালৈ আহিব লাগে, গতিকে তাত মই কি ভুল কৰিলোঁ ? পাকিস্তানৰ লগত তেওঁৰ কোনো সম্পৰ্ক আছে নে নাই সেয়া জনসাধাৰণৰ সন্মুখত অনাটো মোৰ কৰ্তব্য।” তদুপৰি এই বিষয়টোক লৈ ৰাজনীতি কৰা কথাও এক প্ৰকাৰে অস্বীকাৰ কৰে মুখ্যমন্ত্ৰীয়ে ।

SIT য়ে এই বিষয়টোত তদন্ত চলাই থকাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, গৌৰৱ গগৈৰ এই বিষয়টোক লৈ কংগ্ৰেছ দল বিপদত পৰিব। মুখ্যমন্ত্রীৰ পদত অধিষ্ঠিত হৈ দায়িত্বশীলভাৱে এই কথা কৈছোঁ ৷ SIT  য়ে এই বিষয়ে গভীৰভাৱে তদন্ত কৰি আছে। তেওঁৰ পাকিস্তানৰ সংযোগ পোহৰলৈ আহিব। একে সময়তে মুখ্যমন্ত্ৰী শৰ্মাই কয়,”যদি আপুনি ভাবিছে যে মই এই সকলোবোৰ নিৰ্বাচনৰ বাবে কৰিছো, তেন্তে মই ইয়াৰ পৰাই কওঁ যে নিৰ্বাচনৰ পিছত SIT ৰিপৰ্ট প্ৰকাশ কৰিম।”

হিমন্ত বিশ্ব শৰ্মাই কয় যে, “গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সংযোগৰ প্ৰতিবেদন সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈও চিঠি লিখিম আৰু সুধিম নিৰ্বাচনৰ আগত আনিব লাগে নে নিৰ্বাচনৰ পিছত। আশা কৰো খৰ্গে নিজেই এই কথা বিশ্লেষণ কৰিব। মই নিজে অসমত কৈছো যে, এছ আই টিয়ে যেতিয়া তদন্তৰ প্ৰতিবেদন সম্পূৰ্ণ কৰিব তেতিয়া প্ৰথমে এই প্ৰতিবেদন মল্লিকাৰ্জুন খৰ্গেৰ লগত শ্বেয়াৰ কৰিম।” টিভি৯ নেটৱৰ্কৰ সন্মিলনত অংশগ্ৰহণ কৰি এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক: WITT 2025 : “যিদিনা SIT ৰ ৰিপৰ্ট আহিব খৰ্গেলৈ চিঠি লিখিম”, গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সংযোগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

লগতে পঢ়ক: TV9 নেটৱৰ্কৰ সন্মিলনত অনুপ্ৰৱেশকাৰী সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্রী হিমন্তই?