5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam police: আৰক্ষী উপ-পৰিদৰ্শক বৰ্ণালী গোঁহাইৰ বৰ্বৰতা, মহিলাক এনকাউন্টাৰৰ ভাবুকি

Assam police: ভুক্তভোগী মহিলাগৰাকীয়ে কৰা অভিযোগ অনুসৰি তেওঁৰ স্বামীক বিচাৰি ভোগদৈ আৰক্ষীৰ এটা দলে তেওঁলোকৰ ঘৰত অভিযান চলাইছিল। সেই সময়ত অভিযুক্ত ঘৰত নাছিল যাৰ বাবে আৰক্ষী উপ- পৰিদৰ্শক বৰ্ণালী গোঁহাইয়ে অভিযুক্তৰ মাতৃ আৰু পত্নীক প্ৰহাৰ কৰে।

Assam police: আৰক্ষী উপ-পৰিদৰ্শক বৰ্ণালী গোঁহাইৰ বৰ্বৰতা, মহিলাক এনকাউন্টাৰৰ ভাবুকি
অসম আৰক্ষী
barasha-sarma
Barasha Sarma | Published: 17 Nov 2024 18:53 PM

গুৱাহাটী আৰক্ষীৰ পাছত এইবাৰ পোহৰলৈ আহিছে যোৰহাট আৰক্ষীৰ বৰ্বৰতা।  আৰক্ষীৰ গুণ্ডামিৰ পৰা সাৰি নগ’ল এটি দুমহীয়া দেৱশিশু। অভিযোগ অনুসৰি,  শিশুটিৰ মাতৃক এগৰাকী মহিলা আৰক্ষীয়ে প্ৰহাৰ কৰাত শিশুটিৰ মূৰত লাগে। যাৰ বাবে কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় শিশুটি। ইয়াৰোপৰি মোবাইলৰ লক খুলি নিদিলে মহিলাক এনকাউন্টাৰ কৰাৰো ভাবুকি প্ৰদান কৰে যোৰহাটৰ ভোগদৈ আৰক্ষী চকীৰ উপ- পৰিদৰ্শক বৰ্ণালী গোঁহাইয়ে।

এই ঘটনা সংঘটিত হৈ যোৰহাটৰ ভোগদৈ আৰক্ষী থানাৰ অন্তৰ্গত এটি অঞ্চলত। অভিযোগ অনুসৰি অভিযুক্তক বিচাৰি এটা গোচৰৰ তদন্তৰ বাবে ভোগদৈ আৰক্ষী চকীৰ উপ- পৰিদৰ্শক বৰ্ণালী গোঁহাইৰ নেতৃত্বত এটি দলে নিমাতী পথৰ বৰিগাঁৱৰ এটি ঘৰত অভিযান চলাইছিল। অভিযানৰ সময়ত আৰক্ষীয়ে ড্ৰাগছৰ অভিযুক্তক বিচাৰি নাপাই যদিও তেওঁৰ মাতৃ আৰু পত্নীৰ ওপৰত অত্যাচাৰ চলায়।

ভুক্তভোগী মহিলাগৰাকীয়ে কৰা অভিযোগ অনুসৰি তেওঁৰ স্বামীক বিচাৰি ভোগদৈ আৰক্ষীৰ এটা দলে তেওঁলোকৰ ঘৰত অভিযান চলাইছিল। সেই সময়ত অভিযুক্ত ঘৰত নাছিল যাৰ বাবে আৰক্ষী উপ- পৰিদৰ্শক বৰ্ণালী গোঁহাইয়ে অভিযুক্তৰ মাতৃ আৰু পত্নীক প্ৰহাৰ কৰে। অভিযুক্তৰ পত্নীক প্ৰহাৰ কৰাৰ সময়ত তেওঁৰ হাতত দুমহীয়া শিশুটি আছিল যাৰ বাবে আৰক্ষীৰ প্ৰহাৰ শিশুটিৰ মূৰত পৰে। পৰৱৰ্তী সময়ত পৰিয়ালৰলোকে শিশুটিক হাস্পাতাললৈ লৈ যায় আৰু চিকিৎসকে শিশুটিক হাস্পাতালত ভৰ্তি কৰোৱাৰ পৰামৰ্শ দিয়ে।

এই ঘটনাৰ পাছতেই ভুক্তভোগী মহিলাগৰাকীয়ে দেওবাৰে যোৰহাট সদৰ থানাত আৰক্ষী উপ- পৰিদৰ্শত বৰ্ণালী গোঁহাইৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ভুক্তভোগীয়ে কৈছে যে, তেওঁক আৰু শাহুয়েকক এছ আই বৰ্ণালী গোঁহাইয়ে প্ৰহাৰ কৰাৰ লগতে ঘৰৰ আঁচ-বাব আদিও ভাঙি পেলায়। এই ঘটনাৰ উচিত তদন্ত হোৱা বিচাৰিছে ভুক্তভোগীয়ে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীতো আৰক্ষীয়ে সংঘটিত কৰিছিল এক বৰ্বৰ কাণ্ড। সামান্য এটা কথাতে খাদ্য ডেলিভাৰী কৰা যুৱক এজনক মাজ পথত আক্ৰমণ কৰিছিল ভাৰ্গৱ বৰবৰা নামৰ আৰক্ষী বিষয়াজনে। পৰৱৰ্তী সময়ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশত পানবজাৰ আৰক্ষী থানাৰ অচি ভাৰ্গৱ বৰবৰাক নিলম্বন কৰা হৈছিল।

ইয়াৰ পাছতেই নাজিৰাত সংঘটিত হৈছিল আন এক কাণ্ড। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা এগৰাকী সাংবাদিকক গুলীয়াবলৈ উদ্যত হৈছিল অসম আৰক্ষীৰ বেটেলিয়ন ভাস্কৰ গগৈ। অভিযোগ অনুসৰি ২৫ বেটেলিয়ানৰ জোৱান ভাস্কৰ গগৈয়ে অ এন জি চি অসম সম্পদৰ মুখ্যদ্বাৰত প্ৰৱেশৰ সময়ত এজন সাংবাকিক গুলীয়াবলৈ উদ্যত হৈছিল। সাংবাদিকক অশালীন আচৰণ কৰাৰো অভিযোগ উত্থাপন হৈছিল ভাস্কৰ গগৈৰ বিৰুদ্ধে।

গুৱাহাটী, নাজিৰাৰ পাছত এইবাৰ ভোগদৈ আৰক্ষীৰ কু- কাণ্ড পোহৰলৈ আহিছে।  ইতিমধ্য ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।  গতিকে আৰক্ষীয়ে এইবাৰ এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

 

Latest News