ডাইনীৰ সন্দেহৰ চৰম পৰ্যায়! অকথ্য নিৰ্যাতন চলাই জীৱন্তে নৈত উটুৱাই দিলে মহিলাক
ডাইনীৰ সন্দেহত গাঁৱৰ ৰাইজে সংঘটিত কৰিলে অমানৱীয় কাণ্ড। মহিলা গৰাকীক ঘৰৰ পৰা চোঁচৰাই নি অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ। ডিব্ৰুগড়ৰ লাহোৱালৰ ৰমাই ঘাটত এই ঘটনা সংঘটিত হৈছে। ডাইনী সন্ধেহত বুঢ়ী দিহিং নদীত উটুৱাই দিলে ১নং ৰাজগড় শিঙিমাৰি গাঁওৰ একাংশ ৰাইজে ধৰি বান্ধি উটুৱাই দিলে এগৰাকী মহিলাক।

প্ৰতীকি ফটো
কিমান চৰম পৰ্যায়লৈ যাব পাৰে অন্ধবিশ্বাস। অসমত পূৰ্বৰে পৰা সংঘটিত হৈ আহিছে এনে বহু ঘটনা।য’ত অন্ধবিশ্বাসৰ বলি হৈ একাংশ লোক হৈ পৰে হিংস্ৰ। শেষ কৰি দিব পাৰে এটা জীৱন।
ডিব্ৰুগড়ৰ ৰমাইঘাটত সংঘটিত হৈছে এনে এক ভয়ংকৰ ঘটনা। বুঢ়ীদিহিং নদীত উটুৱাই দিলে এগৰাকী মহিলাক।
ডাইনীৰ সন্দেহত গাঁৱৰ ৰাইজে সংঘটিত কৰিলে অমানৱীয় কাণ্ড। মহিলা গৰাকীক ঘৰৰ পৰা চোঁচৰাই নি অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ। ডিব্ৰুগড়ৰ লাহোৱালৰ ৰমাই ঘাটত এই ঘটনা সংঘটিত হৈছে। ডাইনী সন্ধেহত ১নং ৰাজগড় শিঙিমাৰি গাঁওৰ একাংশ ৰাইজে ধৰি বান্ধি নি বুঢ়ীদিহিং নদীত উটুৱাই দিলে মহিলাগৰাকীক। মহিলাগৰাকীৰ নাম মনিকা চাংঘা( ৫৫ ) বুলি জানিব পৰা গৈছে।
বুঢ়ী দিহিং নদীত মহিলাগৰাকী উটি যোৱা প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে স্থানীয় গাওঁ প্ৰধান আৰু এগৰাকী নাৱৰীয়া। তাৰ পাছতে ৰমাই ঘাটত নাৱৰীয়া, গাঁওপ্ৰধানে উদ্ধাৰ কৰে মহিলাগৰাকীক। মণিকা চাংঘা নামৰ মহিলাগৰাকীক জীৱন্তে উটুৱাই দিছিল ৰাইজে। ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
ইফালে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ঘটনাৰে জড়িত থকাৰ সন্দেহত ৫ মহিলাসহ ৭জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিযুক্ত ৫গৰাকী মহিলা একেটা পৰিয়ালৰে বুলি জানিব পৰা গৈছে। তেওঁলোকে ভুক্তভোগী মহিলাগৰাকীৰ খুড়ী শাহু। দীৰ্ঘদিন ধৰি ডাইনীৰ সন্দেহত মহিলাগৰাকীক শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল পৰিয়ালটোৱে। গ্ৰেপ্তাৰ কৰা ৫ মহিলাৰ ভিতৰত দুগৰাকীৰ নাই সন্তান। যাৰ বাবে তান্ত্ৰিকৰ প্ৰৰোচনাত পৰি বিভিন্ন সময়ত মহিলাগৰাকীৰ ওপৰত নিৰ্যাতন চলাই আহিছিল।
জানিব পৰা মতে, অত্যাচাৰ চলাই বুঢ়িদিহিং নৈৰ পাৰলৈ লৈ গৈ উটুৱাই দিছিল মহিলাগৰাকীক। তাৰ পিছতে নদীত উটি গৈ থকা অৱস্থাত দেখা পাই নাৱৰীয়া, গাঁওপ্ৰধানে উদ্ধাৰ কৰে মহিলাগৰাকীক। সম্প্ৰতি ডিব্ৰুগড়ৰ AMCHত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী। ঘটনা সন্দৰ্ভত ৫গৰাকী মহিলাৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই তান্ত্ৰিকক।
এতিয়া প্ৰশ্ন হ’ল উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞাৰ পাছতো কেনেকৈ সংঘটিত হ’বলৈ পালে এনে ঘটনা। ইফালে যদি ধুমধামেৰে নাৰী দিৱস উদযাপন, আনফালে নাৰীৰ ওপৰত অকথ্য নিৰ্যাতন। সকলো দিশতে আগবাঢ়ি যোৱা অসমত কিয় এতিয়ালৈ ৰোধ হোৱা নাই ডাইনী সন্দেহৰ দৰে ঘটনা? দিন দুপৰতে মহিলাৰ দ্বাৰা এগৰাকী মহিলাক হত্যাৰ চেষ্টাই অধিক ভয়াৱহ কৰি তুলিছে পৰিস্থিতি।
লগতে পঢ়ক: দেশত নাগৰিকত্ব সংশোধনী আইন বলৱৎ হোৱাৰ এবছৰ সম্পূৰ্ণ! ৰাজ্যত ‘কা’ৰ অধীনত কিমানজনে পালে নাগৰিকত্ব?