গোৱালপাৰাত চাঞ্চল্য! বাহনৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, কেনেকৈ হ’ল মৃত্যু?
ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে এখন গাড়ীৰ ভিতৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ৰাজ্যত প্ৰতিদিন বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। হত্যা, ধৰ্ষণ, লুন্ঠন আদিয়ে নিদ্ৰা কাঢ়িছে বিভিন্নজনৰ। প্ৰায় প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অপৰাধমূলক কাণ্ড সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহে। ইয়াৰ মাজতে পুনৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ পুনৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এইবাৰ গোৱালপাৰাত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। বিলাসী গাড়ীত উদ্ধাৰ হোৱা যুৱতীগৰাকীক কেনেকৈ হত্যা কৰা হ’ল, আচলতে এয়া হত্যা নে আন কিবা এতিয়ালৈকে জানিব পৰা হোৱা নাই।
উল্লেখ্য যে, দেওবাৰে পুৱা গোৱালপাৰাৰ পঞ্চৰত্নৰ হুৰাৰটেকত এখন হুণ্ডাই ভেন বাহনত ৰহস্যজনকভাৱে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হয়। জানিব পৰা মতে, প্ৰথম অৱস্থাত ৰাজপথৰ কাষত ৰখাই থোৱা অৱস্থাত এখন গাড়ী প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে। পুৱাৰ ভাগতে পথৰ কাষত গাড়ীখন ৰখাই থোৱা দেখিছিল স্থানীয়লোকে। বহু সময় ধৰি গাড়ীখন ৰখি থকা বাবে স্থানীয় ৰাইজৰ সন্দেহ উপজিছিল আৰু পাছত গাড়ীখনৰ ওচৰত কাষ চাপি আহিছিল।
গাড়ীখনৰ কাষত উপস্থিত হৈয়ে আচৰিত হৈ পৰে স্থানীয়লোক। কিয়নো গাড়ীৰ চালকৰ আসনত আছিল এগৰাকী যুৱতীৰ মৃতদেহ। লগে লগে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
স্থানীয় ৰাইজে সন্দেহ কৰিছে যে, যুৱতীগৰাকীক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে। আৰক্ষীয়ে যুৱতীগৰাকীৰ ওচৰৰ পৰা কিছুমান নথি পত্ৰ উদ্ধাৰ কৰে। যুৱতীগৰাকীৰ পানকাৰ্ডত থকা তথ্য অনুসৰি তেওঁৰ নাম ছালেহা বেগম। যুৱতীগৰাকীৰ ঘৰ বকোৰ মাহতলীত বুলি জানিব পৰা গৈছে।
যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা গাড়ীখনৰ নম্বৰ AS 01 FT 9384। । যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আৰক্ষীয়ে পৰিয়ালক খবৰ দিয়াৰ চেষ্টা চলাইছে। এই ৰহস্যজনক মৃত্যুক লৈ এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। মৃতদেহ উদ্ধাৰ হোৱা গাড়ীখনৰ নম্বৰ যুৱতীগৰাকীৰ নামত আছে । একাংশৰ মতে, যদি এয়া দুৰ্ঘটনা তেন্তে গাড়ীখনত দুৰ্ঘটনাৰ কোনো চিন কিয় নাই? অৱশ্যে সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্তত পৰৱৰ্তী সময়ত সকলো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।