গুৱাহাটীৰ ভাৰাঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, কেনেকৈ হ’ল মৃত্যু…
বিহুৰ মাজতেই আহিল এক বেয়া খবৰ। গুৱাহাটীত উদ্ধাৰ এগৰাকী যুৱতীৰ নিথৰ দেহ। সোমবাৰে ভাৰাঘৰৰ কোঠাত উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ।
সমগ্ৰ ৰাজ্যই এতিয়া পালন কৰি আছে হেঁপাহৰ ভোগালী বিহু। কিন্তু ইয়াৰ মাজতে আহিল এক বেয়া খবৰ। উৰুকাৰ দিনাই মৃত্যুক সাৱতি ল’লে এগৰাকী যুৱতীয়ে। গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃৃষ্টি কৰিছে। জানিব পৰা মতে গুৱাহাটীৰ পূৱ শৰণীয়াৰ এটা ভাৰাঘৰত চৰম পন্থা গ্ৰহণ কৰে যুৱতীগৰাকীয়ে। এই ঘটনাৰ সময়ত যুৱতীগৰাকী অকলে আছিল। পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গম পাই ঘটনাস্থলীত উপস্থিত হৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰে।
তথ্য অনুসৰি জানিব পৰা মতে বিশ্বনাথ চাৰিআলিৰ ২২ বছৰীয়া যুৱতীগৰাকী এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক কৰ্মৰত অৱস্থাত আছিল। কৰ্মসূত্ৰে পূৱ শৰণীয়াত এগৰাকী বান্ধৱীৰ সৈতে ভাৰাঘৰত আছিল যুৱতীগৰাকী। কিন্তু বিহু উপলক্ষ্যে যুৱতীগৰাকীৰ বান্ধৱীগৰাকী ঘৰলৈ গৈছিল আৰু তেওঁ ৰুমত অকলে আছিল। সোমবাৰে অকলে থকাৰ সময়তে যুৱতীগৰাকীয়ে আত্মহত্যা কৰে। উৰুকাৰ দিনা সংঘটিত হৈ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অৱশ্যে কি কাৰণে যুৱতীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে জানিব পৰা যাব কেনেকৈ মৃত্যু হ’ল যুৱতীগৰাকীৰ। ইয়াৰোপৰি ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। তদন্তৰ অন্তত জানিব পৰা যাব কিয় উৰুকাৰ দিনাই যুৱতীগৰাকীয়ে এই চৰম পন্থা গ্ৰহণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিভিন্ন তথ্য প্ৰমাণ সংগ্ৰহ কৰাৰ লগতে বিভিন্নজনৰ লগত কথা পাতি অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে।