হৃদয়বিদাৰক! কণমানি পুত্ৰক লগত লৈ দিখৌ নৈত জাপ দিলে মাতৃয়ে | woman jumps to dikou river from bridge with her baby in sivasagar assam Assam news - Assam Tv9

হৃদয়বিদাৰক! কণমানি পুত্ৰক লগত লৈ দিখৌ নৈত জাপ দিলে মাতৃয়ে

কণমানি সন্তানক বুকুত বান্ধি দিখৌত জাপ দিলে এগৰাকী মহিলাই। শিৱসাগৰ জিলাৰ নাজিৰাৰ দিখৌ দলঙত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা ৷ স্থানীয় যুৱকে উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ৷ পাছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী৷

হৃদয়বিদাৰক! কণমানি পুত্ৰক লগত লৈ দিখৌ নৈত জাপ দিলে মাতৃয়ে

কণমানি সন্তানক লগত লৈ দিখৌ নৈত জাপ দিলে মাতৃয়ে

Updated On: 

01 Nov 2024 18:48 PM

দীপাৱলীৰ আনন্দৰ-উল্লাসৰ মাজতে সংঘটিত হৈছে এটাৰ পাছত আনটো শোকাৱহ ঘটনা। এইবাৰ শিৱসাগৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। কণমানি সন্তানক বুকুত বান্ধি দিখৌত জাপ দিলে এগৰাকী মহিলাই। শিৱসাগৰ জিলাৰ নাজিৰাৰ দিখৌ দলঙত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা ৷

স্থানীয় যুৱকে উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ ৷ পাছত স্থানীয় লোকে খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী৷ দিখৌ দলঙত আৰক্ষীয়ে উদ্ধাৰ কৰে দুযোৰ চেণ্ডেল, এটা বেগ৷ মহিলাগৰাকীয়ে লিখি থৈ গৈছে এখন চুইচাইড নোটত।চুইচাইড নোটত তেখেতৰ স্বামীয়ে শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ লগতে দিখৌ নদীত অভিযান আৰম্ভ কৰে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ দলে৷ কিছু সময়ৰ পিছতে নদীত উটি অহা অৱস্থাত মাতৃসহ শিশুটিৰ নিথৰ দেহ উদ্ধাৰ কৰে স্থানীয় দুজন যুৱকে ৷ বহু সময় ধৰি মহিলাগৰাকীৰ লগতে শিশুটিৰ পৰিচয় ওলোৱা নাছিল যদিও পৰৱৰ্তী সময়ত উপস্থিত হয় পৰিয়ালৰ লোক৷ মৃত মহিলাগৰাকী নাজিৰা নগৰৰ ১০নং ৱাৰ্ডৰ সন্দিকৈ পথৰ স্বপন বৰগোহাঁইৰ পত্নী পল্লৱী গগৈ গোহাঁই। মৃত শিশুটি দম্পতীটোৰ পুত্ৰ। জানিব পৰা মতে মৃত শিশুটিৰ বয়স ২ৰ পৰা ৩ বছৰৰ ভিতৰত।

ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বৰ্তমান মহিলাগৰাকীৰ লগতে শিশুটিৰ মৃতদেহ। পাৰিবাৰিক অশান্তি বাবেই এনে চৰম সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰা হৈছে টোকাটোত। কিন্তু আৰক্ষীৰ তদন্তৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব৷ পৰিয়ালৰ অত্যাচাৰৰ অভিযোগৰ বাবে অঞ্চলজুৰি সৃষ্টি হয় উত্তেজনা।

ইফালে দীপাৱলীৰ আনন্দৰ মাজতে তিতাবৰত সংঘটিত হৈছে শোকাৱহ ঘটনা।  এটি ৫ বছৰীয়া কণমানিক এৰি একেটা কোঠাতে চিপজৰী লৈ আত্মহনন পতি-পত্নীৰ। পাৰিবাৰিক কন্দলৰ বাবেই পতি-পত্নীয়ে আত্মহনন কৰাৰ সন্দেহ ৰাইজৰ।  তিতাবৰৰ মহিমাবাৰীৰ চাপৰি চুকত সংঘটিত হৈছে এই ঘটনা।

'মাতৃ-পিতৃ বন্দনা'ৰ নামত ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীয়ে পাব ৫ দিনৰ ছুটী!
শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাবলৈ দৈনিক কিমান পৰিমাণে গুৰ খাব লাগে? বিশেষজ্ঞৰ পৰা জানক
নিশাৰ সপোনত এইবোৰ বস্তু দেখা পাই নেকি? হ'ব পাৰে ধন লাভৰ সংকেত
আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি হাতী চাফাৰী