গোঁসাইগাঁওঃ আত্মীয়ৰ মৃত্যু হোৱা বাবে ডাইনীৰ সন্দেহত হত্যা কৰিলে বৃদ্ধাক | woman killed by man suspicion of witchcraft in gosaigain assam Assam news - Assam Tv9

গোঁসাইগাঁওঃ আত্মীয়ৰ মৃত্যু হোৱা বাবে ডাইনীৰ সন্দেহত হত্যা কৰিলে বৃদ্ধাক

Published: 

23 Sep 2024 11:25 AM

আধুনিক সমাজ, মানৱতাক কুলষিত কৰা এনে এক ঘটনাই সংঘটিত হৈছে অসমত। পুনৰ ডাইনীৰ সন্দেহত হত্যা কৰিলে এগৰাকী বৃদ্ধাক। এই ঘটনা সংঘটিত হৈছে গোসাঁইগাঁৱত।

গোঁসাইগাঁওঃ আত্মীয়ৰ মৃত্যু হোৱা বাবে ডাইনীৰ সন্দেহত হত্যা কৰিলে বৃদ্ধাক

প্ৰতীকি ফটো

Follow Us On

সমাজ আধুনিক হৈছে! ন ন প্ৰযুক্তিৰে ভৰি পৰিছে চাৰিওফাল। কিন্তু কিমান আধুনিক হৈ মানুহৰ চিন্তা ধাৰা?  আধুনিক বুলি দাবী কৰা এই সমাজৰ প্ৰতিগৰাকী মানুহৰ মন, চিন্তাধাৰা উন্নত হৈছেনে? সমাজত আজিৰ দিনটো এনে কিছুমান ঘটনা সংঘটিত হয় যিয়ে আধুনিক শব্দটোৰ ওপৰত প্ৰশ্নবোধক লৈ আনে। এনে ঘটনাই বাৰে বাৰে প্ৰমাণ দিব খোজে যে আজিৰ দিনটো একাংশৰ চিন্তা ধাৰাৰ উন্নত হোৱা নাই। বিশ্বাসৰ নামত বহু অন্ধবিশ্বাস মনৰ মাজত লৈ এই সকলে নিজকে আধুনিক বুলি ক’ব খোজে।

আধুনিক সমাজ, মানৱতাক কুলষিত কৰা এনে এক ঘটনাই সংঘটিত হৈছে অসমত। পুনৰ ডাইনীৰ সন্দেহত হত্যা কৰিলে এগৰাকী বৃদ্ধাক। এই ঘটনা সংঘটিত হৈছে গোসাঁইগাঁৱত। জানিব পৰা মতে চিৰুঘুটু- বালিমাৰী গাঁৱত বাগৰে হেমব্ৰেম নামৰ মহিলাগৰাকীক হত্যা কৰে গণেশ হেমব্ৰেম নামৰ লোকজনে। গণেশ নামৰ লোকজন মহিলাগৰাকীৰ সম্পৰ্কীয় ভতিজাক আছিল।

দেওবাৰে সংঘটিত হৈছে এই ঘটনা। বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত গণেশ হেমব্ৰেম। জানিব পৰা মতে মহিলাগৰাকীৰ ঘৰৰ ওচৰতে বাস কৰে গণেশ হেমব্ৰম নামৰ লোকজন। কিছুদিন পূৰ্বে গণেশ হেমব্ৰমৰ দুজন আত্মীয় বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছিল। এই মৃত্যুৰ পাছতেই গণেশে সন্দেহ কৰিছিল যে মহিলাগৰাকী ডাইনী আৰু তেওঁৱেই তন্ত্ৰ- মন্ত্ৰৰ জৰিয়তে এই কাণ্ড সংঘটিত কৰিছে।

এনেবোৰ কথাৰ সন্দেহৰ বাবে গণেশ মহিলাগৰাকীৰ ওপৰত ক্ষোভিত হৈছিল। প্ৰায় ২০ দিন আগতে ডাইনীৰ সন্দেহত গণেশে মহিলাগৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল আৰু যাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। এই আক্ৰমণৰ ঘটনাৰ পাছতেই গাঁৱত এখন সভা অনুষ্ঠিত হৈছিল য’ত গণেশ হেমব্ৰমক গাঁৱবাসীয়ে বুজনি দিছিল আৰু এনে কাণ্ড কৰিবলৈ বাধা আৰোপ কৰিছিল। সেই সভাত সকলো কথা গণেশে বুজি লৈছিল আৰু এনে কাণ্ড নকৰে বুলি কৈছিল।

কিন্তু দেওবাৰৰ নিশা গণেশ হেমব্ৰমে সংঘটিত কৰিলে এক জঘন্য কাণ্ড। মহিলাগৰাকীয়ে নিশা স্বামীৰ লগত শুই থকা অৱস্থাতে তেওঁলোকৰ ঘৰত উপস্থিত হয় গণেশ হেমব্ৰম। কোনো কথা বতৰা নকৈ গণেশে মহিলাগৰাকীৰ বাৰে বাৰে আক্ৰমণ কৰে। যাৰ ফলত মহিলাগৰাকীৰ থিতাতে মৃত্যু হয়। এই ঘটনা বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। অভিযুক্ত গণেশৰ বাসগৃহতো আৰক্ষী উপস্থিত হয় যদিও বৰ্তমান তেওঁ পলাতক অৱস্থাত আছে। আৰক্ষীয়ে গণেশক বিচাৰি অভিযান অব্যাহত ৰাখিছে। ঘটনাৰ তদন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।

ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version