5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

হাজোত চাঞ্চল্যকৰ ঘটনাঃ ১৪ মহীয়া সন্তানক বিহ পান কৰাই নিজেও বিহপান কৰিলে মহিলাই

হাজোৰ তাপাবৰি চৰত নিজৰ ১৪ মহীয়া সন্তানক বিহ পান কৰাই নিজেও বিহ পান কৰি আত্মহত্যাৰ চেষ্টা চলায় এগৰাকী মহিলাই। বিষক্ৰিয়াৰ ফলত সংকটজনক অৱস্থাত শিশুটিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল যদিও আধাবাটতে মৃত্যু হয় শিশুটিৰ।

হাজোত চাঞ্চল্যকৰ ঘটনাঃ ১৪ মহীয়া সন্তানক বিহ পান কৰাই নিজেও বিহপান কৰিলে মহিলাই
প্ৰতিনিধিত্বমূলক ছবি
Follow Us
monjit-dutta
Monjit Dutta | Published: 19 Sep 2024 22:09 PM

আন এক চাঞ্চল্যকৰ কাণ্ডই জোকাৰিছে ৰাজ্য। নিজ মাতৃৰ হাততে প্ৰাণ হেৰুৱাইছে এটি ১৪ মহীয়া শিশুৱে। ৰাজ্যজুৰি চাঞ্চল্যকৰ সৃষ্টি কৰা এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে হাজোত। ৰাজ্যত ক্ৰমবৰ্ধিত অপৰাধৰ ঘটনাই সকলোকে চিন্তান্বিত কৰি তোলাৰ সময়তে মাতৃত্বৰ সংজ্ঞাক কলংকিত কৰি তোলা এই ঘটনা সংঘটিত হৈছে হাজোৰ তাপাবৰি চৰত। প্ৰকাশিত খবৰ অনুসৰি যোৱা নিশা প্ৰায় ১২:৩০ মান বজাতে অভিযুক্ত মহিলাগৰাকীয়ে এই জঘন্য কাণ্ড সংঘটিত কৰে।

স্বামী গৃহৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে মহিলাগৰাকীয়ে নিজৰ ১৪ মহীয়া পুত্ৰ সন্তানক বিহ খুওৱাৰ পিছত নিজেও বিহ পান কৰে। এই ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছতে পৰিয়ালৰ লোকে ঘটনাৰ বিষয়ে জানিব পাৰে আৰু লগে লগে পৰিয়ালত লাগে হুৱাদূৱা। অসুস্থ শিশুটিক লগে লগে চিকিৎসাৰ বাবে পৰিয়ালটোৱে হাজো বিষ্ণুৰাম মেধি এফ আৰ ইউলৈ লৈ যায়।

কিন্তু বিষক্ৰিয়াৰ ফলত ১৪ মহীয়া শিশুটোৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দিশে গৈ থকাৰ সময়তে দুৰ্ভাগ্যজনকভাৱে আধাবাটতে শিশুটিয়ে মৃত্যুক আকোৱালি লয়। ইফালে সন্তানক বিহ পান কৰোৱাৰ পিছত মহিলাগৰাকীয়ে নিজেও বিহ পান কৰি আত্মহত্যাৰ চেষ্টা কৰা বুলি আৰক্ষীৰ আগত জানিবলৈ দিছে স্বামীগৃহৰ পৰিয়াল তথা ওচৰ চুবুৰীয়াই।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত এক শোকাৱহ পৰিৱেশৰ সৃষ্টি কৰিছে। ইফালে কি কাৰণত মহিলাগৰাকীয়ে এইদৰে নিজ পুত্ৰৰ প্ৰাণ ল’লে, সেই সম্পৰ্কে বৰ্তমানলৈ জানিব পৰা হোৱা নাই। পাৰিবাৰিক কণ্ডলৰ বাবেই এনে শোকাৱহ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় কিছু লোকে। আৰক্ষীৰ তদন্ততহে এই ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।

লক্ষণীয়ভাৱে হাজোৰ এই শোকাৱহ ঘটনাৰ সমান্তৰালকৈ আজি পোহৰলৈ অহা আন এক ঘটনায়ো ৰাজ্যজুৰি সৃষ্টি কৰিছিল চাঞ্চল্যৰ। নিজ পুত্ৰক শোৱাপাটীতে দাৰে ঘপিয়াই হত্যা কৰিছিল এগৰাকী ব্যক্তিয়ে। শিৱসাগৰৰ কোঁৱৰপুৰ অঞ্চলত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা। মদ্যপায়ী পুত্ৰৰ দৈনিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি এনে কঠোৰ পন্থা লোৱা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছিল অভিযুক্ত পিতৃয়ে।

প্ৰকাশিত খবৰ অনুসৰি, দৈনিক মদ্যপান কৰি ঘৰলৈ উভতা পুত্ৰই ঘৰখনত এক অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু পিতৃ-মাতৃকো অশ্ৰাব্য ভাষাৰে গালি-গালাজ কৰিছিল। বুধবাৰে নিশাও অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছিল ঘৰখনত। এনে কাৰণতে আজি পুৱতি নিশা পিতৃয়ে শোৱাপাটীতে এখন দাৰে পুত্ৰক শিৰচ্ছেদ কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে।

Latest News