World Heritage Week 2024 : চৰাইদেউ মৈদাম ক্ষেত্ৰত আজিৰে পৰা পালন কৰা হৈছে ‘বিশ্ব ঐতিহ্য সপ্তাহ’…

অসমৰ প্রত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত কৰি অহা 'বিশ্ব ঐতিহ্য সপ্তাহ' এইবাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত আয়োজন কৰা হৈছে । অসম প্রত্নতত্ত্ব সঞ্চালকালয়ৰ বিষয়ববীয়াই সদৰী কৰা মতে, ১৯ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈকে সপ্তাহজোৰা কাৰ্যসূচীৰে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত পালন কৰা হ'ব 'বিশ্ব ঐতিহ্য সপ্তাহ'।

World Heritage Week 2024 : চৰাইদেউ মৈদাম ক্ষেত্ৰত আজিৰে পৰা পালন কৰা হৈছে বিশ্ব ঐতিহ্য সপ্তাহ...

চৰাইদেউত বিশ্ব ঐতিহ্য সপ্তাহ ২০২৪ পালন

Published: 

19 Nov 2024 15:20 PM

আজিৰে পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত আৰম্ভ হৈছে ‘বিশ্ব ঐতিহ্য সপ্তাহ’। প্ৰতিবছৰে অসমৰ প্রত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত কৰি অহা ‘বিশ্ব ঐতিহ্য সপ্তাহ ২০২৪’ এইবাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত আয়োজন কৰা হৈছে । অসম প্রত্নতত্ত্ব সঞ্চালকালয়ৰ বিষয়ববীয়াই সদৰী কৰা মতে, ১৯ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈকে সপ্তাহজোৰা কাৰ্যসূচীৰে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত পালন কৰা হ’ব ‘বিশ্ব ঐতিহ্য সপ্তাহ’।

এগৰাকী বিষয়াই জানিবলৈ দিছে যে, প্ৰতি বছৰে অসমৰ প্রত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত পালন কৰা হয় ‘বিশ্ব ঐতিহ্য সপ্তাহ’। ৰাজ্যখনৰ বিভিন্ন ঐতিহ্য ক্ষেত্ৰসমূহত এই কাৰ্যসূচী পালন কৰি অহা হৈছে । এইবাৰৰ ‘বিশ্ব ঐতিহ্য সপ্তাহ’ সকলোৰে বাবে বিশেষ বুলি উল্লেখ কৰিছে বিষয়াগৰাকীয়ে। প্ৰথমবাৰৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত ‘বিশ্ব ঐতিহ্য সপ্তাহ’ পালন কৰিবলৈ পায় গৌৰৱ অনুভৱ কৰা বুলি মন্তব্য প্ৰকাশ কৰিছে বিষয়া গৰাকীয়ে ।

বন্তি প্ৰজ্বলন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ

তেওঁ জানিবলৈ দিছে যে, আজি প্ৰথম দিনটোত প্ৰথমে বালি মৈদামৰ পৰা চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্রলৈ ঐতিহ্য যাত্ৰাৰে বিশ্ব ঐতিহ্য সপ্তাহ কাৰ্যসূচী আৰম্ভ কৰা হয় । এই যাত্ৰাত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । বিশ্ব ঐতিহ্য সপ্তাহ আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে-দেশৰ ঐতিহ্য সংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত সকলোৰে মাজত সজাগতা সৃষ্টি কৰা ।

লগতে এই কাৰ্যসূচীৰ জৰিয়তে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা, পৰ্যটকসকলক ভাল দৰে সম্ভাষণ জনোৱাৰ লগতে সা-সুবিধা প্ৰদান কৰাৰ বাবে সাধাৰণ ৰাইজলৈ এই কাৰ্যসূচীৰ জৰিয়তে এক বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰা হৈছে বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে । তদুপৰি তেওঁ কয় যে,ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা আনিবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা প্ৰচিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰাৰ লগতে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ ওপৰত তথ্য চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে বুলিও জানিবলৈ দিছে বিষয়াগৰাকীয়ে ।

বিশ্ব ঐতিহ্য সপ্তাহ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

ইফালে ‘বিশ্ব ঐতিহ্য সপ্তাহ’ আৰম্ভণি দিনটোৰ কাৰ্যসূচীত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । সপ্তাহজোৰা এই কাৰ্যসূচীৰ সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয় যে, ইউনেস্ক’ই চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে । চৰাইদেউৰ এই বিশ্ব ঐতিহ্য ক্ষেত্ৰত ‘বিশ্ব ঐতিহ্য সপ্তাহ’ পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে অসমৰ প্রত্নতত্ত্ব সঞ্চালকালয়ক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে ।

আজি আৰম্ভণি অনুষ্ঠানত প্রত্নতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড° দীপিৰেখা কুলি, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচি মহন্ত, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ বিশেষ আয়ুক্ত সচিব ৰঞ্জন শর্মা উপস্থিত থাকে । ইয়াৰ লগতে অনুষ্ঠানত অতিথি হিচাপে শিৱসাগৰ জিলাৰ আয়ুক্ত আয়ুস গার্গ, চৰাইদেউ জিলাৰ আয়ুক্ত নেহা যাদৱ, অসম ৰাজ্যিক পৰ্যটন বিকাশ নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা উপস্থিত থাকে ৷

ঠাণ্ডা দিনত কমলা খাব লাগে নে নাই? কি কয় বিশেষজ্ঞই...
ভুলতো ঘৰত নাৰাখিব এইসমূহ দেৱ-দেৱীৰ মূৰ্তি বা প্ৰতিমা...
পৃথিৱীৰ এনে এখন দেশ, য’ত নাই এখনো কাৰাগাৰ! ক’ত ৰখা হৈছে বন্দীসকলক?
ঘৰত থকা তুলসী গছ শুকাই গৈছে নেকি! তেন্তে লগে লগে কৰক এই কাম, অন্যথা হ’ব পাৰে আৰ্থিক সংকট