শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

World Theatre Day 2025: কিয় পালন কৰা হয় বিশ্ব থিয়েটাৰ দিৱস? জানক এই দিনটোৰ ইতিহাস, তাৎপৰ্য সকলো

প্ৰতিবছৰে ২৭ মাৰ্চ তাৰিখে আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানৰ কেন্দ্ৰ সমূহত আৰু আন্তৰাষ্ট্ৰীয় থিয়েটাৰ গোষ্ঠীয়ে এই দিৱস পালন কৰে। ভ্ৰাম্যমাণক কলা হিচাপে লোৱাৰ গুৰুত্ব আৰু সাংস্কৃতিক বিনিময়, শিক্ষা, আৰু সমাজত ইয়াৰ উল্লেখযোগ্য ভূমিকাক উদযাপনৰ বাবে এই দিৱসৰ আৰম্ভণি কৰা হৈছিল।

World Theatre Day 2025: কিয় পালন কৰা হয় বিশ্ব থিয়েটাৰ দিৱস? জানক এই দিনটোৰ ইতিহাস, তাৎপৰ্য সকলো
World Theatre Day
trishna-kalita
Trishna Kalita | Updated On: 27 Mar 2025 12:20 PM

প্ৰতি বছৰে ২৭ মাৰ্চত বিশ্ব থিয়েটাৰ দিৱস উদযাপন কৰা হয়। ভ্ৰাম্যমাণ থিয়েটাৰসমূহৰ গুৰুত্ব বৃদ্ধি আৰু নাট্যশিল্পীসকলৰ সন্মানৰ স্বাৰ্থত এই দিৱস পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰৰ অনুষ্ঠানসমূহ অনুষ্ঠিত কৰা হয়। লগতে এই দিনটোত থিয়েটাৰ কৰ্মীসকলৰ সভা সমিতি অনুষ্ঠিত হোৱাৰ লগতে বিভিন্ন অনুষ্ঠান, নাটক আদি প্ৰদৰ্শন কৰা হয়।এই দিৱসত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰভাৱ বিশ্বৰ সমাজ সমূহৰ ওপৰত চিন্তা-চৰ্চা কৰাৰ লগতে নাট্য কলাৰ তাৎপৰ্যক উজ্জ্বল কৰি তোলাৰ সুযোগ প্ৰদান কৰা হয়।আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ প্ৰতিষ্ঠান (আই টি আই)ৰ বৰ্ষপূৰ্তি উপলক্ষে, পোন প্ৰথমে এই দিৱস পালন আৰম্ভ কৰিছিল। ভাৰততো প্ৰতি বছৰে বিভিন্ন কাৰ্যসূচীৰ মাধ্যমত এই দিৱস পালন কৰা হয়।

বিশ্ব থিয়েটাৰ দিৱসৰ ইতিহাস

১৯৪৮ চনত ইউনেস্কো আৰু আন্তৰ্জাতিক থিয়েটাৰ পৰিষদে প্ৰতিষ্ঠা কৰা আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ প্ৰতিষ্ঠান (আই টি আই)ৰ উদ্যোগত ১৯৬১ চনত বিশ্ব থিয়েটাৰ দিৱস প্ৰতিষ্ঠা কৰা হয়।প্ৰতিবছৰে ২৭ মাৰ্চ তাৰিখে আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানৰ কেন্দ্ৰ সমূহত আৰু আন্তৰাষ্ট্ৰীয় থিয়েটাৰ গোষ্ঠীয়ে এই দিৱস পালন কৰে।ভ্ৰাম্যমাণক কলা হিচাপে লোৱাৰ গুৰুত্ব আৰু সাংস্কৃতিক বিনিময়, শিক্ষা, আৰু সমাজত ইয়াৰ উল্লেখযোগ্য ভূমিকাক উদযাপনৰ বাবে এই দিৱসৰ আৰম্ভণি কৰা হৈছিল।এই দিৱস উপলক্ষ্যে আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে এজন তাৰকাৰ দ্বাৰা থিয়েটাৰৰ থীম, শান্তিৰ সংস্কৃতি বিষয়ক এক বিশেষ বাৰ্তা প্ৰেৰণ কৰে।প্ৰথম বিশ্ব থিয়েটাৰ দিৱসৰ বাৰ্তা ১৯৬২ চনত ফ্ৰান্সৰ জিন কোকটিয়াওয়ে লিখিছিল।

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ

অসমৰ সাধাৰণ ৰাইজৰ মাজত আটাইতকৈ জনপ্ৰিয় মনোৰঞ্জন মাধ্যমৰ অন্যতম ভ্ৰাম্যমাণ থিয়েটাৰ । অসমত ভ্রাম্যমাণ নাট্যদলৰ জন্ম কেতিয়া হৈছিল, তাক সঠিকভাৱে ক’বলৈ টান।তথাপিও প্ৰচলিত মতবাদ অনুসৰি অসমত প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম হয় ১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালাত ।ভ্রাম্যমাণ নাট্যদল হিচাপে পোনপ্ৰথমে ১৯৬৩ চনত নটৰাজ থিয়েটাৰ নামেৰে আত্মপ্রকাশ ঘটিছিল। নটৰাজ চিনে থিয়েটাৰৰ প্ৰথম বৰ্ষৰ নাটক আছিল ভোগজৰা, জেৰেঙাৰ সতী, হাইদৰ আলি ।ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃপুৰুষ বুলি কোৱা হয় অচ্যুত লহকৰক। পিছলৈ এই ধাৰা অব্যাহত ৰখাত বহুকেইজন নাট্যপ্রেমীয়ে বৰঙণি আগবঢ়াই আহিছে, তাৰ ভিতৰত ৰতন লহকৰ, কৃষ্ণ ৰয়, প্রশান্ত হাজৰিকা, আদিৰ নাম ল’ব পাৰি।

বৰ্তমান অসমত ডেৰ কুৰিৰো অধিক ভ্ৰাম্যমাণ নাট্যদলে চহৰ-নগৰ, গাঁও-ভূঁই সকলোতে বছৰি ৪-৫খনকৈ নাটক মঞ্চস্থ কৰি আহিছে। ভ্ৰাম্যমাণ নাট্যদল একোটাত সাধাৰণতে কুৰিগৰাকীৰো অধিক অভিনেতা-অভিনেত্রী তথা বহুখিনি কলা-কুশলী থাকে।অসমত সম্প্ৰতি দৰ্শকৰ প্রভূত সমাদৰ লাভ কৰা তথা জনপ্ৰিয় ভ্ৰাম্যমাণ নাট্যদলৰ ভিতৰত কহিনুৰ থিয়েটাৰ, হেঙুল থিয়েটাৰ, আৱাহন থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ, চিত্রলেখা থিয়েটাৰ, ৰাজতিলক থিয়েটাৰ, ৰাজশ্ৰী থিয়েটাৰ, বৰদৈচিলা থিয়েটাৰ আদি উল্লেখযোগ্য।

বাণ থিয়েটাৰ

বাণ ৰঙ্গমঞ্চ হৈছে অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ সাংস্কৃতিক সাধনাৰ অন্যতম ঐতিহ্যমণ্ডিত কেন্দ্ৰ।এই মঞ্চক বাণ ষ্টেজ আৰু বাণ থিয়েটাৰ বুলিও জনা যায়।অসমৰ ভালেকেইগৰাকী বৰণ্যে শিল্পী, কলা-কুশলী তথা নাট্যকাৰৰ সাংস্কৃতিক জীৱনৰ শুভাৰম্ভ বাণ ৰঙ্গমঞ্চতেই হৈছিল। কেইজনমান উল্লেখযোগ্য ব্যক্তি হ’ল সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, ড° ভূপেন হাজৰিকা, পদ্মনাথ গোহাঞিবৰুৱা, নকুল চন্দ্ৰ ভূঞা প্ৰমুখ্যে অনেক মহান শিল্পীয়ে এই মঞ্চতেই সাংস্কৃতিক সাধনা কৰিছিল।

 

( স্পষ্টীকৰণ: বিভিন্ন মাধ্যমৰ পৰা সংগ্ৰহ কৰা তথ্যৰ আধাৰত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে)