চীনে নিৰ্মাণ কৰা বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ হ’ব এক ‘জল বোমা’: গভীৰ উদ্বেগ প্ৰকাশ অৰুণাচলৰ সাংসদৰ

তেওঁ কয়, "তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ পথ য়াৰলুং ছাংপোত চীনে প্ৰস্তাৱ কৰা ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পটো বান্ধ নহয় এক বৰঞ্চ “জল বোমা” হ’ব, যাক ভাৰত আৰু তলৰ অন্যান্য নদীৰ পাৰৰ দেশসমূহৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব।তেওঁ বিশ্বৰ জল বিশেষজ্ঞসকলক ২০০০ চনৰ জুন মাহত হোৱা বানপানীৰ কথা সোঁৱৰাই দিয়ে।

চীনে নিৰ্মাণ কৰা বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ হ’ব এক ‘জল বোমা’: গভীৰ উদ্বেগ প্ৰকাশ অৰুণাচলৰ সাংসদৰ

Arunachal Pradesh Tapir Gao On China Dam

Published: 

09 Apr 2025 08:50 AM

মঙলবাৰে চীনৰ গ্ৰেট বেণ্ড বান্ধৰ পৰা হ’ব পৰা সম্ভাৱ্য বিপদৰ ওপৰত আলোকপাত কৰি আলোচনা চক্ৰত ভাষণ প্ৰদান কৰে অৰুণাচল প্ৰদেশৰ সাংসদ তাপিৰ গাওৱে। তেওঁ কয়, “তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ পথ য়াৰলুং ছাংপোত চীনে প্ৰস্তাৱ কৰা ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পটো বান্ধ নহয় এক বৰঞ্চ “জল বোমা” হ’ব, যাক ভাৰত আৰু তলৰ অন্যান্য নদীৰ পাৰৰ দেশসমূহৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব।তেওঁ বিশ্বৰ জল বিশেষজ্ঞসকলক ২০০০ চনৰ জুন মাহত হোৱা বানপানীৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয়,  “একেধৰণৰ জল বোমা”ৰ ফলত হৈছিল, যিয়ে তেওঁৰ ৰাজ্যৰ মধ্য অংশৰ ছিয়াং নদীৰ ওপৰত থকা ১০খনতকৈও অধিক দলং উটুৱাই লৈ গৈছিল।”

তেওঁ লগতে কয়, “গ্ৰেট বেণ্ড ভাৰত-চীন সীমান্তৰ ঠিক সিপাৰে আছে। ইয়াৰ নামকৰণ কৰাৰ কাৰণ এয়ে যে, ইয়াৰলুং ছাংপোৱে দক্ষিণ দিশলৈ তীব্ৰ ভাজ লৈ অৰুণাচলত ছিয়াং হিচাপে বয়। তাৰ পাছত অসমৰ আন দুখন নদী – দিবাং আৰু লোহিত – সংযুক্ত হৈ ব্ৰহ্মপুত্ৰৰ সৃষ্টি কৰে।” অৰুণাচল পূৱ সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰা গাওৱে গুৱাহাটীত অনুষ্ঠিত আলোচনা চক্ৰত কয় যে, “গ্ৰেট বেণ্ডত প্ৰস্তাৱিত মথাউৰিৰ পৰা হঠাতে পানী এৰি দিয়াৰ ফলত সংঘটিত হোৱাৰ সম্ভাৱনাময় দুৰ্যোগ ৰোধ কৰিবলৈ ভাৰতে ছিয়াং নদীত মথাউৰি নিৰ্মাণ কৰাটো প্ৰয়োজন।”

ইফালে আপাৰ ছিয়াং জিলাৰ গেকু গাঁৱৰ সমীপত প্ৰস্তাৱিত ১১.২ জি ডব্লিউ ছিয়াং উচ্চ বহুমুখী প্ৰকল্পৰ বিৰোধিতা কৰিছে গাঁওবাসীৰ লগতে বেচৰকাৰী সংস্থাসমূহে। ২০২২ চনৰ এপ্ৰিল মাহত কেন্দ্ৰই এনএইচপিচিক প্ৰকল্পটোৰ কাৰিকৰী, অৰ্থনৈতিক, সামাজিক আৰু পৰিৱেশগত কাৰ্য্যক্ষমতা বুজিবলৈ প্ৰি-ফিজিবিলিটি জৰীপ চলাবলৈ নিৰ্দেশ দিছিল।

এই সন্দৰ্ভত লেখক তথা তিব্বত বিশেষজ্ঞ ক্ল’ড আৰ্পিয়ে কয়, “চীনে এই বান্ধটো নিৰ্মাণ কৰি কেৱল শক্তিশালী দেশ হ’ব বিচৰাই নহয়, ইয়াৰলুং ছাংপোৰ পানীক কেইবাটাও সুৰংগৰ জৰিয়তে ইয়াল্ল’ নদীলৈ বোৱাই নিয়াই পৰিকল্পনা কৰিছে।”

উক্ত অনুষ্ঠানতে এছিয়াৰ ৰাজনীতি আৰু ইতিহাসৰ বিশেষজ্ঞ বাৰ্টিল লিণ্টনাৰে কয়, “চীনে ১৯৫০ চনত তিব্বত আক্ৰমণ কৰিছিল, যাৰ মূল লক্ষ্য আছিল ‘বিশ্বৰ চাদ’ৰ পৰা উৎপত্তি হোৱা ডাঙৰ নদীসমূহ নিয়ন্ত্ৰণ কৰা, কিয়নো তিব্বতৰ মালভূমিক ইয়াৰ উচ্চতা আৰু বিশালতাৰ বাবে ‘বিশ্বৰ চাদ’ বুলি কোৱা হয়। তেওঁ লগতে কয় ,”চীনে কেৱল মেকং নদীত ১১টা ডাঙৰ মথাউৰি নিৰ্মাণ কৰিছে, যিটো আন পাঁচখন দেশৰ জীৱনৰেখা। তেওঁ চীনৰ সৈতে ভাৰতৰ জল ভাগ-বতৰা চুক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ অনুপস্থিতিত প্ৰধান দেশসমূহৰ মাজত দ্বিপাক্ষিক সংঘাতৰ সৃষ্টি হ’ব পাৰে।

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষ ৰণবীৰ সিঙে কয়, “ব্ৰহ্মপুত্ৰ অৱবাহিকা ভাৰতৰ একমাত্ৰ জল-অতিৰিক্ত নদী অৱবাহিকা, যাৰ বহু অংশত কম পানী আছে।” তেওঁ কয়, “চীনত এই মথাউৰিটোৰ সৈতে আমি পানীৰ কম থকা ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকালৈ চাইছোনে?” তেওঁ গ্ৰেট বেণ্ড বান্ধৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সমৰ্থন আৰু সহযোগিতা সংগঠিত কৰাকে ধৰি বহুমুখী কৌশলৰ আহ্বান জনায়।

নেপাল আৰু ভূটানৰ বিশেষজ্ঞসকলে তিব্বতৰ মালভূমিত নিৰ্মাণ হৈ থকা মথাউৰি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে। পৰিৱেশ বিজ্ঞান, জলসম্পদ ব্যৱস্থাপনা, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, পৰিৱেশ আইন, অভিযান্ত্ৰিক, নীতি নিৰ্ধাৰণ, শাসন আৰু অৰ্থনীতিৰ বিশেষজ্ঞসকলে ব্ৰহ্মপুত্ৰৰ উল্লেখ কৰি উপ-হিমালয় অঞ্চলৰ জল সুৰক্ষা, পৰিৱেশ অখণ্ডতা আৰু দুৰ্যোগ প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে আলোচনা কৰে।

এছিয়ান কনফ্লুয়েন্সৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ মূল সিদ্ধান্ত আছিল যে চীনৰ প্ৰস্তাৱিত বান্ধৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সমৰ্থনৰ বাবে এক সুদৃঢ় ভিত্তি গঢ়ি তুলিবলৈ ভাৰতে অধিক বৈজ্ঞানিক অধ্যয়ন আৰম্ভ কৰাৰ প্ৰয়োজন।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক