প্ৰাক্তন প্ৰেমিকাক হত্যাৰ চেষ্টা! মহানগৰীত গ্ৰেপ্তাৰ যুৱক | young boy arrest attempted to murder his ex girlfriend on guwahati road Assam news - Assam Tv9

প্ৰাক্তন প্ৰেমিকাক হত্যাৰ চেষ্টা! মহানগৰীত গ্ৰেপ্তাৰ যুৱক

তথ্য অনুসৰি আক্ৰমণকাৰী বিকাশ ডেকাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল যুৱতীগৰাকীৰ। কিন্তু কিছুদিন পূৰ্বে বিকাশ ডেকাৰ সৈতে সম্পৰ্ক শেষ কৰিছিল যুৱতীগৰাকীয়ে। সেই কথা মানি ল’ব পৰা নাছিল বিকাশে। ফোনযোগে বিকাশে বহুবাৰ ভাবুকি প্ৰদান কৰিছিল যুৱতীগৰাকীক।

প্ৰাক্তন প্ৰেমিকাক হত্যাৰ চেষ্টা! মহানগৰীত গ্ৰেপ্তাৰ যুৱক

প্ৰাক্তন প্ৰেমিকাক হত্যাৰ চেষ্টা চলাই মহানগৰীত গ্ৰেপ্তাৰ যুৱক

Updated On: 

19 Oct 2024 12:23 PM

নিশাৰ মহানগৰীত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। প্ৰেমিকাক হত্যাৰ চেষ্টা প্ৰাক্তন প্ৰেমিকৰ। প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই প্ৰেমিকাক ছুৰীৰে পেট আৰু ডিঙিত আক্ৰমণ। অভিযুক্ত বিকাশ ডেকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

ঘটনা অনুসৰি হাতীগাঁৱৰ বিষ্ণুজ্যোতি পথৰ এখন দোকানলৈ বুলি ওলাই আহিছিল এগৰাকী ২১ বছৰীয়া যুৱতী। কিছুদূৰ খোজকাঢ়ি আহি দোকানখনত উপস্থিত হ’ল যুৱতীগৰাকী। কেইটামান খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ পিছতে পুনৰ ৰূমলৈ বুলি খোজ ল’লে যুৱতীগৰাকীয়ে। তাৰ মাজতে হঠাৎ ফোনটো বাজি উঠিল যুৱতীগৰাকীৰ। অচিনাকী নম্বৰ দেখি ফোনটো ৰিছিভ নকৰি আগবাঢ়িল যুৱতীগৰাকী।

তাৰ পাছতে হঠাৎ তীব্ৰবেগত অহা এখন চাৰিচকীয়া বাহন আহি ৰ’লহি যুৱতীগৰাকীৰ সন্মুখত। লগে লগে গাড়ীখনৰ পৰা নামি আহিল এজন যুৱক। যুৱতীগৰাকীয়ে প্ৰাক্তন প্ৰেমিক বিকাশ ডেকাক চিনি পালে। যুৱতীগৰাকীৰ কাষ চাপি অশ্লীল গালি-গালাজ আৰম্ভ কৰিলে বিকাশ ডেকাই। তেতিয়া নিশা প্ৰায় ৯:৩০ বাজিছে। নিৰ্জন পথটোত অসহায় হৈ পৰিল যুৱতীগৰাকী। যুৱতীগৰাকীৰ প্ৰেম প্ৰত্যাখ্যানক লৈ উত্তেজিত হৈ আছিল বিকাশ ডেকা। হঠাৎ গাড়ীখনৰ ভিতৰৰ পৰা এখন ছুৰী আনি প্ৰথমে যুৱতীগৰাকীৰ পেটত আক্ৰমণ কৰে বিকাশ ডেকাই। তাৰ পাছতে
যুৱতীগৰাকীৰ ডিঙিত ছুৰীৰে আক্ৰমণ কৰিলে প্ৰাক্তন প্ৰেমিক বিকাশ ডেকাই।

দুবাৰকৈ কৰা ছুৰীকাঘাতত ৰাজপথতে বাগৰি পৰিল যুৱতীগৰাকী। চিঞৰি সহায় বিচাৰিলে যুৱতীগৰাকীয়ে। যুৱতীগৰাকীক আক্ৰমণ কৰিয়েই সেই স্থানত বহুসময় গালি-গালাজ কৰি পিছত আঁতৰি যায় বিকাশ ডেকা। কিছুসময় পিছতে দুজনমান স্থানীয় লোকে উদ্ধাৰ কৰে যুৱতীগৰাকীক। তাৰ পাছত খবৰ দিয়া হ’ল পৰিয়ালৰ লোকক, হাতীগাঁও আৰক্ষীক। হাতীগাঁও আৰক্ষীক হাতীগাঁও আৰক্ষীৰ এটা দলে অতি সংকটজনক অৱস্থাত যুৱতীগৰাকীক লৈ যায় GMCHলৈ। যুৱতীগৰাকীৰ ঘৰ ঢেকিয়াজুলিত।

তথ্য অনুসৰি আক্ৰমণকাৰী বিকাশ ডেকাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল যুৱতীগৰাকীৰ। কিন্তু কিছুদিন পূৰ্বে বিকাশ ডেকাৰ সৈতে সম্পৰ্ক শেষ কৰিছিল যুৱতীগৰাকীয়ে। সেই কথা মানি ল’ব পৰা নাছিল বিকাশে। ফোনযোগে বিকাশে বহুবাৰ ভাবুকি প্ৰদান কৰিছিল যুৱতীগৰাকীক। বিকাশ ডেকাৰ ঘৰ বাইহাটা চাৰিআলিত। বিকাশ ডেকা পেছাত এজন চালক। বিকাশৰ সন্ধানত নিশাই অভিযান আৰম্ভ কৰিলে হাতীগাঁও আৰক্ষীয়ে। প্ৰেমিকাক হত্যাৰ চেষ্টা চলাই ফটাশিলৰ জনৈক বৰপূজাৰীৰ বাসগৃহৰ চৌহদত আত্মগোপন কৰি আছিল বিকাশ ডেকাই। বিকাশে আত্মগোপন কৰি থকা সময়ত বাসগৃহত নাছিল বৰপূজাৰীৰ পৰিয়ালৰ কোনো লোক। কিন্তু হাতীগাঁও আৰক্ষীয়ে বিকাশ লুকাই থকাৰ তথ্য লাভ কৰাৰ লগে লগে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আক্ৰমণমাৰী বিকাশক। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হাতীগাঁও অঞ্চলত।

Bhool Bhulaiyaa 3ত পিটবুল, দিলজিৎ আৰু কাৰ্তিকৰ যাদু
এইদৰে ৰান্ধক দাইল, নহ'ব ইউৰিক এচিডৰ সমস্যা
সূৰ্যদেৱৰ মন্ত্ৰ জপ কৰাৰ সঠিক নিয়ম কি?
দেৱালীৰ দিনটোত নকৰিব এইবোৰ ভুল