শোকাৱহ! ৭ অক্টোবৰত বিয়া, বজাৰ কৰিবলৈ আহি গুৱাহাটীত ৰহস্যজনক মৃত্যু দৰাৰ
বিয়াৰ নিমন্ত্ৰণৰ লগতে বজাৰ কৰিবলৈ গুৱাহাটীলৈ আহিছিল যুৱকজন। গুৱাহাটীত ৰহস্যজনকভাৱে মৃত্যু হয় ধনমণি ভট্টৰ। শোকে ঢাকি ধৰা পৰিয়ালটোত এতিয়া বুজাব নোৱাৰা বেথা। ৰহস্যজনকভাৱে কামাখ্যা ৰে’ল ষ্টেচনত উদ্ধাৰ ধনমণিৰ মৃতদেহ।
নিষ্ঠুৰ নিয়তি! চকু সেমেকি উঠা এটা ঘটনা। বিয়াৰ বাবে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৰভা। তাৰ মাজতে আহিল দুঃখৰটো। যিয়ে শেষ কৰি থৈ গ’ল সকলো। ভাঙি গ’ল ঠন ধৰি উঠা সপোনবোৰ। ৭ অক্টোবৰত আছিল ধনমণি ভট্টৰ বিয়া। গুৱাহাটীলৈ আহিছিল বিয়াৰ বজাৰ কৰিবলৈ, বজাৰ নহ’ল। কামাখ্যা ৰে’লৱে ষ্টেচনৰ সমীপত উদ্ধাৰ হ’ল মৃতদেহ। ৩ অক্টোবৰত গুৱাহাটীৰ ৰে’ল লাইনৰ পৰা উদ্ধাৰ মঙলদৈৰ ধনমণি ভট্টৰ মৃতদেহ। বিয়াৰ আগতেই মৃত্যু হ’ল দৰাৰ।
বিয়াৰ নিমন্ত্ৰণৰ লগতে বজাৰ কৰিবলৈ গুৱাহাটীলৈ আহিছিল যুৱকজন। গুৱাহাটীত ৰহস্যজনকভাৱে মৃত্যু হয় ধনমণি ভট্টৰ। শোকে ঢাকি ধৰা পৰিয়ালটোত এতিয়া বুজাব নোৱাৰা বেথা। ৰহস্যজনকভাৱে কামাখ্যা ৰে’ল ষ্টেচনত উদ্ধাৰ ধনমণিৰ মৃতদেহ। মৃত যুৱকজন মঙলদৈৰ ১নং গেৰিমাৰীৰ ধনমণি ভট্ট। ঘৰখনৰ জ্যেষ্ঠপুত্ৰ আছিল ধনমণি ভট্ট। ধনমণি ঘৰ আছিল মাতৃ আৰু ভাতৃ।
বিবাহলৈ এসপ্তাহো নাই, বিবাহৰ প্ৰাকঃমুহূৰ্তত এটাৰ পিছত আন এটা কাম। বিবাহৰ বাবে আত্মীয় স্বজনক নিমন্ত্ৰণ কৰাৰ পৰা বজাৰ কৰালৈকে, ব্যস্ততাৰ অন্ত নাই। ধনমণিৰো বাঢ়িছিল ব্যস্ততা। বিবাহ সম্পৰ্কীয় কাম আৰু আত্মীয়ক নিমন্ত্ৰণ কৰিবলৈ মঙলদৈৰ পৰা গুৱাহাটীলৈ বুলি ওলাই আহিছিল মঙলদৈৰ ধনমণি ভট্ট।বুধবাৰে গুৱাহাটী লৈ গৈছিল নিজৰ বিয়াৰ বাবে আত্মীয়ক নিমন্ত্ৰণ দিবলৈ। কিন্তু হঠাতে আবেলি পৰিয়ালৰ লোকে ধনমনিৰ ৰহস্যজনক মৃত্যুৰ খবৰ লাভ কৰে।
ধনমণিৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে স্তম্ভিত হৈ পৰিছে পৰিয়াল। শোকত ভাগি পৰিছে পৰিয়ালৰ লোক। কেনেকৈ বিয়াৰ ৰভাত পাতিব ধনমণিৰ শ্ৰাদ্ধ? ঘটনাটো এক ৰহস্যজনক বুলি মন্তব্য কৰিছে সকলোৱে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব ধনমনি ভট্টৰ মৃত্যুৰ প্ৰকৃত ৰহস্য।