পুনৰ গুৱাহাটীৰ ভাড়াঘৰত ৰহস্যজনক অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ

মহাশিৱৰাত্ৰিৰ দিনটোতে গুৱাহাটী মহানগৰীত অঘটন। হাতীগাঁৱৰ বাসগৃহত উদ্ধাৰ হৈছে এগৰাকী যুৱতীগৰাকীৰ মৃতদেহ। এই ঘটনাই এতিয়া পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীত। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে চমজি লৈছে যুৱতীগৰাকীৰ মৃতদেহ।

পুনৰ গুৱাহাটীৰ ভাড়াঘৰত ৰহস্যজনক অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটীৰ ভাড়াঘৰত ৰহস্যজনক অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ

Published: 

26 Feb 2025 18:10 PM

কি হৈছে মহানগৰবাসী যুৱক-যুৱতীয়? প্ৰেম, হতাশা নে আন কিবা। ভাড়াঘৰৰ কোঠাত যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাটো যেন এতিয়া নিতৌ নৈমিত্তিক ঘটনা হৈ পৰিছে? শেহতীয়াকৈ ঘটনা এনে কেইবাটাও ঘটনাই চিন্তিত কৰি তুলিছে অভিভাৱকসকলক। ইটোৰ পিছত সিটোকৈ ভাড়াঘৰৰ কোঠাৰ পৰা উদ্ধাৰ কৰা হৈছে যুৱতীৰ নিথৰ দেহ কোনোবাই যদি অধ্যয়ণ, আকৌ আন কোনোবাই জীৱন-জীৱিকাৰ তাগিদাত বহু দূৰ-দুৰণিৰ পৰা গুৱাহাটীত ভাড়াঘৰ লৈ বসবাস কৰিছে। ইয়াৰ মাজতে সংঘটিত হৈছে কেইবাটাও অনাকাংশিত ঘটনা।

কেতিয়াবা পথৰ মাজত আক্ৰমণ, তেন্তে আন কেতিয়াবা ভাড়াঘৰৰ কোঠাত নিথৰ হৈ পৰি থাকে একোটি সম্ভাৱনা। মনত বহু আশা-আকাংশা লৈ মহানগৰীলৈ ঢাপলি মেলে তেওঁলোকে। কিন্তু পূৰ নহয় সকলোৱে সপোন। মনত বহু আশা লৈ নিজ সন্তানক দুৰত থোৱা পিতৃ-মাতৃয়ে হেৰুৱাৰলগীয়া হয় সকলোবোৰ। ইয়াৰ কাৰণ কি? পুনৰ এবাৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ হোৱা যুৱতীৰ মৃতদেহক লৈ উত্থাপন হৈছে এনে কেতবোৰ প্ৰশ্ন।

জানিব পৰা মতে, গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ বিষ্ণুজ্যোতি পথৰ বাসগৃহত উদ্ধাৰ হৈছে এগৰাকী যুৱতীগৰাকীৰ মৃতদেহ। চূৰ্ণিৰে চিপ লোৱাৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো । ইয়াৰ পাছতে আৰক্ষীয়ে চৰম সিদ্ধান্ত লোৱা বুলি সন্দেহ কৰে। জানিব পৰা অনুসৰি, মৃত যুৱতীগৰাকীয়ে মাতৃৰ সৈতে হাতীগাঁৱত ৰেষ্টুৰেন্টৰ ব্যৱসায় কৰিছিল । RIANSHI PRIDE নামৰ অট্টালিকাটোৰ চতুৰ্থ মহলাত উদ্ধাৰ কৰা হয় মৃতদেহটো। যুৱতীগৰাকীৰ নাম চাহেবা ৰহমান বুলি জানিব পৰা গৈছে। অৱশ্যে এতিয়াও সম্পূৰ্ণৰূপে উদ্ধাৰ হোৱা নাই মৃত যুৱতীগৰাকীৰ পৰিচয়।

মাতৃয়ে কোৱা মতে, চাহেবা ৰহমান পৰিয়ালটোৰ বহু মৰমৰ আছিল তেওঁ। জুপিৰ মতেই চলিছিল তেওঁলোকৰ ঘৰখন। বিয়াত বহিব ইচ্ছা কৰা নাছিল জুপিয়ে। মাতৃৰ ভাষ্য অনুসৰি পুৱা ৮ বজালৈ শোৱে জুপিয়ে। কিন্তু আজি পুৱা বহু পলম হোৱাৰ পাছতো উঠা নাছিল জুপি। সেয়েহে মাতৃয়ে দুৱাৰত ঢকিয়াই তেওঁক মাতিছিল। কিন্তু বহু সময় মতাৰ পাছতো জুপিয়ে খুলি দিয়া নাছিল দুৱাৰ।অৱশেষত খিৰিকীৰে মাতৃয়ে প্ৰত্যক্ষ কৰে যুৱতীগৰাকীৰ মৃতদেহ। এই ঘটনাই এতিয়া পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীত। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে চমজি লৈছে যুৱতীগৰাকীৰ মৃতদেহ। পৰিয়ালৰ লোক আহি পোৱা পাছতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হ’ব। অৱশ্যে যুৱতীগৰাকী কিয় এই ঘটনা সংঘটিত কৰিলে সেই বিষয়ে জানিব পৰা নাই। আৰক্ষীৰ সঠিক তদন্ততহে ইয়াৰ আঁৰৰ ৰহস্য জানিব পৰা যাব।

ইয়াৰ পূৰ্বে বিগত মাহত তৰুণ নগৰত ভাড়াঘৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল। যুৱতীগৰাকীৰ নাম আছিল প্ৰতীক্ষা শৰ্মা। তিনিচুকীয়াৰ যুৱতী প্ৰতীক্ষা শৰ্মা কৰ্মসূত্ৰে গুৱাহাটীত আছিল।
তাৰ এদিন পাছতে ৰুক্মিনীনগৰত ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীৰ মৃতদেহ। মৃত যুৱতীগৰাকী আছিল গোৱালপাৰাৰ বিপ্লৱী নাথ। ইয়াৰ পূৰ্বে নৱবৰ্ষৰ প্ৰথম দিনটোতে গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ হৈছিল যুৱতীৰ মৃতদেহ। মহানগৰীৰ চানমাৰীস্থিত এটা ঘৰত হৈছিল উদ্ধাৰ কৰা হৈছিল পায়েল শইকীয়া নামৰ এগৰাকী যুৱতীৰ মৃতদেহ। পায়েল শইকীয়া নামৰ যুৱতীগৰাকীৰ ঘৰ আছিল গুৱাহাটীৰ ছাত্ৰীবাৰীত।

Related Stories
Advantage Assam 2.0 : সম্ভাৱনাৰ সুযোগ ল’লে আম্বানী-আদানীৰ দৰে কোম্পানীয়ে ! অসমত হ’ব প্ৰায় ৫ লাখ কোটি টকাৰ বিনিয়োগ, কোনটো খণ্ডই সৰ্বাধিক দৃষ্টি কাঢ়িলে বিনিয়োগকাৰীৰ ?
অসম, কেৰালাৰ দলীয় জ্যেষ্ঠ নেতাৰে গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কংগ্ৰেছৰ…
Advantage Assam 2.0 : আন্তঃগাঁথনিৰ বাবে ১ লাখ কোটিৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে অসমে ! নিশ্চিত কৰিলে মুখ্য়মন্ত্ৰীয়ে…
উন্নত সংযোগ লাভ কৰিব অসমে ! কেন্দ্ৰৰ ৮০ হাজাৰ কোটি টকীয়াৰ পথ প্ৰকল্পৰ ভিতৰত কি কি আছে ?
Advantage Assam 2.O: বিভিন্ন চৰকাৰী খণ্ডৰ পৰা অসমে লাভ কৰিব ১ লাখ কোটিৰ বিনিয়োগ; মুখ্যমন্ত্ৰীৰ দাবী
গহপুৰঃ মহাকুম্ভত পবিত্ৰ স্নান কৰি অহা ৭০ বছৰীয়া বৃদ্ধই শিশুৰ লগত সংঘটিত কৰিলে জঘন্য কাণ্ড
ভুলতো শিৱলিংগত অৰ্পন নকৰিব এই ফল! শিৱ হ'ব অসন্তুষ্ট...
ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?
এডভান্টেজ আছাম ২.০ : আম্বানী-আদানীয়ে কৰিব ৫০ হাজাৰকৈ বিনিয়োগ
আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..