মঞ্চত বিশেষ ৰূপত জুবিন গাৰ্গ, ক’লে- মই সিদিনে খঙতে গেটত গোৰ মাৰিছিলো…
জুবিনে ক'লে- "মোক পৰহিয়েই গান গাবলৈ মাতিছিল। আহি দেখিলো গেটত তলা মৰা। খঙতে গোৰ এটা মাৰি গুচি গ'লো"। ৰাজ্যত পুনৰ জুবিন বিতৰ্কই গা কৰি উঠাৰ মাজতে এই স্পষ্টীকৰণ কণ্ঠশিল্পীগৰাকীৰ।

অসমৰ হাৰ্টথ্ৰৱ খ্যাত জুবিন গাৰ্গ কেৱল গানৰ বাবেই নহয়, তেওঁৰ কৰ্মকাণ্ডৰ বাবেও চৰ্চাত থাকে। কিন্তু তাৰ পাছতো জুবিনৰ প্ৰতি থকা মানুহৰ মৰম, শ্ৰদ্ধা কম হোৱা নাই। জুবিন মানে যেন এক আবেগ। জুবিন মানে প্ৰেম, আবেগ- অনুভূতি সকলো। শেহতীয়াকৈ জুবিন গাৰ্গ পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইয়াৰ কাৰণ সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’। কেইটামান মূহুৰ্তৰ ভিতৰতে সৰ্বত্ৰে ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখা গৈছে যে জুবিন ঢলং ঢপংকৈ এখন গাড়ীৰ পৰা নামি আহি এখন গেটক গোৰ মাৰি গুচি গৈছে।
জানিব পৰা মতে, এই ঘটনা শুকুৰবাৰৰ। গুৱাহাটীত অনুষ্ঠিত ৰঙালী শীৰ্ষক অনুষ্ঠানত গীত গাবলৈ আমন্ত্ৰণ জনোৱা হৈছিল জুবিন গাৰ্গক। কিন্তু গীত পৰিৱেশন নকৰি উভতি যায় জুবিন। পৰৱৰ্তী সময়ত দেওবাৰে ৰঙালী শীৰ্ষক অনুষ্ঠানত উপস্থিত হৈ জুবিনে এটাৰ পাছত আনটো জনপ্ৰিয় গীতেৰে দৰ্শকৰ মন মোহে। এই অনুষ্ঠানতে স্পষ্টীকৰণ দি জুবিন গাৰ্গে কয় যে- মোক পৰহিয়ে ইয়ালৈ গান গাব মাতিছিল। কিন্তু কিবা খেলিমেলি পালো, গেটবোৰ তলা মৰা… খং এটা উঠিলে গেটখনত গোৰ এটা মাৰি গুচি গ’লো, নাগালো।
এই অনুষ্ঠানতে জুবিন গাৰ্গে তেওঁৰ আহিবলগীয়া সংগীত ছবি ‘ৰৈ ৰৈ বিনালে’ৰ আনুষ্ঠানিক ঘোষণা কৰে। হাতত লাখুটি, ক’লা চশমা পিন্ধি অন্ধৰ ৰূপত মঞ্চলৈ অহা জুবিনে কয় যে- আহিবলগীয়া ছবিখন এজন অন্ধৰ কাহিনী হ’ব। লগতে কয়, মই জীৱনত বহু ঘটনা ঘটনাইছো, সেই সকলোবোৰ ছবিখনত দেখা পাব। ছবিখন চালে মোক দেখা যেন পাব, কেৱল চৰিত্ৰটো অন্ধ হ’ব।
ইয়াৰ পাছতে এটাৰ পাছত আনটো জনপ্ৰিয় গীত পৰিৱেশন কৰে জুবিনে। মায়াবিনী, মাজুলীত এজনী ছোৱালীকে ধৰি কেইবাটাও গীতেৰে দৰ্শকৰ মন পুনৰ এবাৰ জয় কৰিবলৈ সক্ষম হয় জুবিন গাৰ্গ। সমালোচনাত সোমাই পৰা জুবিনৰ বাবে কোনো নতুন বিষয় নহয়। কিন্তু সকলো সমালোচনাৰ উৰ্ধত যেন জুবিন গাৰ্গ, এই কথা যেন পুনৰ স্পষ্ট কৰি দিলে কণ্ঠশিল্পীগৰাকীয়ে। জুবিনৰ কিছুমান বদ অভ্যাসৰ কথা নুই কৰিব নোৱাৰি, কিন্তু তাৰ পাছতো জুবিনে অসমবাসীয়ে বিচৰা ধৰণে দি গৈছে অনুপম গীতৰ সমাহাৰ। সেইবাবে হয়তো বছৰৰ পাছত বছৰ ধৰি কম হোৱা নাই জুবিনৰ অনুৰাগীৰ সংখ্যা।
অন্য খবৰ পঢ়কঃ বিহুৰ সময়ত কেৱল জুবিন গাৰ্গে গাব পাৰিব হিন্দী গীতঃ বিহু সমিতিৰ সিদ্ধান্ত