5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আমি গঁড় দিছোঁ, তেল দিছোঁ আৰু জুবিন গাৰ্গ দিছোঁ, অসমীয়া ভাষাক স্বীকৃতি দিবলৈ কি আছে: জুবিন গাৰ্গ

জুবিন গাৰ্গে কয়, "মই টিভি ইমান নাচাও। ভাৰত চৰকাৰ বুলি মই খাটিৰ নকৰোঁ। কিহৰ স্বীকৃতি দিলে? What is Indian Classical Language? মই অসমীয়াই কৈ আছোঁ। ইয়াত আকৌ নতুনকৈ স্বীকৃতি দিবলৈ কি আছে।"

আমি গঁড় দিছোঁ, তেল দিছোঁ আৰু জুবিন গাৰ্গ দিছোঁ, অসমীয়া ভাষাক স্বীকৃতি দিবলৈ কি আছে: জুবিন গাৰ্গ
অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানক জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া
trishna-kalita
Trishna Kalita | Updated On: 05 Oct 2024 11:10 AM

বিভিন্ন সময়ত বিভিন্ন প্ৰসংগক লৈ মন্তব্য প্ৰদান কৰি চৰ্চাত থাকে কণ্ঠশিল্পী জুবিন গাৰ্গ। এইবাৰ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিনে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাক লৈ ক্ষোভ ব্যক্ত কৰিলে কণ্ঠশিল্পীগৰাকীয়ে। এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্ন উত্তৰ দি জুবিনে উজাৰিলে ক্ষোভ। জুবিনৰ মন্তব্যক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বহুজনে। কিছুমান যদি বিৰোধীতা কৰিছে কিছুমানে সমৰ্থন আগবঢ়াইছে জুবিনক।

জুবিন গাৰ্গে এই সন্দৰ্ভত কয়, “মই টিভি ইমান নাচাও। ভাৰত চৰকাৰ বুলি মই খাটিৰ নকৰোঁ। কিহৰ স্বীকৃতি দিলে? What is Indian Classical Language? অসমীয়া ভাযা ইমান বছৰ আছেই চোন। মই অসমীয়াই কৈ আছোঁ। ইয়াত আকৌ নতুনকৈ স্বীকৃতি দিবলৈ কি আছে। Who says that? মই ইমানবোৰ অসমীয়া গান গালো, অসমীয়াতেই গালো, মোৰ গানৰ স্বীকৃতি কি ভাৰত চৰকাৰে দিব নেকি?”

কণ্ঠশিল্পীগৰাকীয়ে পুনৰ কয়, “এয়া মোৰ ভাষা। মই অসমীয়া, মই অসম। এইটো চৰকাৰে স্বীকৃতি দিব নোৱাৰে। ভাৰতৰ সকলো ভাষাৰ উৎপত্তিৰ মূল সংস্কৃত, পালি আৰু প্ৰাকৃত ভাষা। হিন্দী আমাৰ ভাষা নহয়। আমাক ভাৰত চৰকাৰে কি দিছে? “আমি চব দি আছোঁ। আমি গঁড় দিছোঁ, তেল দিছোঁ আৰু জুবিন গাৰ্গ দিছোঁ। আমি আপোনালোকতকৈ বেছি আধুনিক। আমাৰ প্ৰাইম মিনিষ্টাৰে এতিয়ালৈ ইংৰাজী ক’ব নাজানে।”

 

ইয়াৰ উপৰিও সদ্যমুক্তিপ্ৰাপ্ত ‘চিকাৰ’ ছবি সন্দৰ্ভতো জুবিনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘চিকাৰ’খন মোৰ প্ৰডাকচনৰ নহয়। তেওঁলোকে কেনেকৈ কি কৰিছে মই নাজানো। কিন্তু ‘চিকাৰ’ চলি আছে।জুবিনে কয়, “নতুনকৈ এখন মিউজিকেল ছবি বনাই আছো। ছবিখনৰ নাম ‘ৰৈ ৰৈ বিনালে’। ছবিখনত এটা চৰো নাই ঘোচাও নাই।”

ধেমেলীয়া সুৰত জুবিন ক’লে, “মই কিক বক্সিং কৰিছিলোঁ। এতিয়া সময় নাপাও। এতিয়া মই দুটা আঙুলিৰে ১০০বাৰ পুশ্ব-আপ মাৰো। মই বেছিভাগ ফুটবল চাও। কিন্তু কাৰাটে ভাল পাও। মই কিছু ভাগৰুৱা, কিছু বিশ্ৰামৰ প্ৰয়োজন।”

উল্লেখ্য যে ৩ অক্টোবৰত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন লাভ কৰাৰ লগে লগে অসমীয়া ভাষাই এই স্বীকৃতি লাভ কৰে। কেন্দ্ৰীয় কেবিনেটে অনুমোদন প্ৰদান কৰাৰ পাছতে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যম যোগে এই বিষয়ে সদৰী কৰে। এক টুইট যোগে তেওঁ এই খবৰ সদৰী কৰি এয়া প্ৰতিগৰাকী অসমীয়াৰ বাবে এক ঐতিহাসিক ক্ষণ হিচাপে আখ্যা দিয়ে। জ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এক টুইট যোগে অসমীয়া ভাষালৈ এই স্বীকৃতিক এক বিৰল প্ৰাপ্তি আখ্যা দিয়ে। অসমীয়া ভাষাৰ এই অনন্য স্বীকৃতিৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইট যোগে অসমবাসীক অভিনন্দন জনায়।

Latest News