শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নতুন বিত্তীয় বৰ্ষৰ পহিলা দিনটোতে নিম্নগামী ভাৰতীয় বজাৰ, হুৰমূৰকৈ নামিল নিফটি-ছেনছেক্স

ভাৰতীয় বজাৰৰ বেছিভাগ সূচকেই আজি নিম্নগামী হয় । ৭৩৭ পইন্ট নিম্নগামী নিফটি বেংক । ৮৯২ পইন্ট নিম্নগামী বিএছই বেংকেক্স সূচক । ৬৭১ পইন্ট পৰিছে নিফটি নেক্সট ফিফটি । নিফটি মিডকেপ হাণ্ড্ৰেড পৰিছে ৪৪২ পইন্ট ।

নতুন বিত্তীয় বৰ্ষৰ পহিলা দিনটোতে নিম্নগামী ভাৰতীয় বজাৰ, হুৰমূৰকৈ নামিল নিফটি-ছেনছেক্স
প্ৰতীকী ছবি
raj-saikia
Raj Saikia | Published: 01 Apr 2025 19:12 PM

মার্চ মাহত ভাৰতৰ বজাৰৰ ফলাফল দেখি মানুহে ধাৰণা কৰিছিল যে এপ্রিল মাহত আৰু ভাল হ’ব পাৰে ভাৰতীয় বজাৰৰ অৱস্থা । কিন্তু নতুন বিত্তীয় বৰ্ষৰ প্রথম দিনটোতেই ভাৰতৰ দুই বেঞ্চমার্ক সূচক নিম্নগামী হোৱা দেখা যায় । আজি ৩৫৩ পইন্ট নামিছে নিফটি ফিফটি । আনহাতে, ১,৩৯০ পইন্ট নামিছে আন এক বেঞ্চমার্ক সূচক বিএছই ছেনছেক্স ।

তাৰোপৰি ভাৰতীয় বজাৰৰ বেছিভাগ সূচকেই আজি নিম্নগামী হয় । ৭৩৭ পইন্ট নিম্নগামী নিফটি বেংক । ৮৯২ পইন্ট নিম্নগামী বিএছই বেংকেক্স সূচক । ৬৭১ পইন্ট পৰিছে নিফটি নেক্সট ফিফটি । নিফটি মিডকেপ ১০০ পৰিছে ৪৪২ পইন্ট । ৯০৫ পইন্ট পৰিছে নিফটি আইটি সূচক ।

ভাৰতীয় বজাৰ আজি নিম্নগামী হ’লেও সামান্য ঊৰ্ধগামী হৈছে জাপানী সূচক নিক্কেই । মাত্ৰ ৮৭ পইন্ট উঠিছে চীনা সূচক হেংছেং ।

আজি কি কি বাঢ়িল:
ভোডাফোন-আইডিয়াত ভাৰত চৰকাৰৰ অংশীদাৰিত্ব বৃদ্ধিৰ ঘোষণা কৰাৰ পাছত আজি আপাৰ চাৰ্কিটত খুন্দা মাৰে কোম্পানীটোৰ শ্বেয়াৰৰ দামে । ইয়াৰ বাহিৰেও আজি আপাৰ চাৰ্কিট স্পৰ্শ কৰিছে হেষ্টাৰ বায়’ছায়েন্স আৰু ৰেডিয়েন্ট কেচ মেনেজমেন্টৰ শ্বেয়াৰৰ দামে । ইয়াৰ লগতে বাঢ়িছে অৰকাশ্যপ আৰু মানাকসিয়া এলুমিনিয়ামৰ শ্বেয়াৰৰ দাম ।

আজি কি কি পৰিল:
আজি ল’ৱাৰ চাৰ্কিটত স্পৰ্শ কৰে পঞ্জাব এন্ড সিন্ধ বেংকে । তাৰোপৰি কমিছে ইউকো বেংক, ওৱানছ’ৰ্চ স্পেছিয়ালিটি ফাৰ্মা, বৈশালী ফাৰ্মা, ডিআৰচি ছিষ্টেমছৰ শ্বেয়াৰৰ দাম ।

বজাৰৰ টুকুৰা খবৰ:
* আজি ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰ স্পৰ্শ কৰিছে আভাস ফাইনেন্সাৰ্ছ আৰু কৰমণ্ডল ইন্টাৰনেশ্যনেলে
* আনহাতে আজি ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰ স্পৰ্শ কৰে একাধিক সংস্থাই । ইয়াৰ ভিতৰত আছে টাইটান, ইণ্ডিয়ান অভাৰছিজ বেংক, টাটা এলেক্সি, মেট্রোপলিছ হেলথকেয়াৰ, হেপিয়েষ্ট মাইণ্ডছ টেকন’ল’জিছ, ইউকো বেংক, সোনা বিএলডব্লিউ পাৰ্ছিশ্যন ফ’র্জিংছ, বিৰলা ছফ্ট আৰু চেন্ট্রেল বেংক অফ ইণ্ডিয়া

১ এপ্রিলত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য এয়া

কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খুজিলে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু গৱেষণা কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV-9 অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।

প্ৰতিবেদক- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা