বজাৰত সামান্য আশাৰ কিৰণ, অভাৱনীয়ভাৱে নিম্নগামী ইণ্ডাছইণ্ড বেংকৰ শ্বেয়াৰৰ দাম
ক্ৰমাগতভাৱে নিম্ন চাৰ্কিটত খুন্দা মাৰি দিনটোৰ শেষত ২৭ শতাংশৰো অধিক নিম্নগামী হয় দেশৰ অন্যতম বিশাল বেংক ইণ্ডাছইণ্ড । এদিনত ২৪৩ টকাৰো অধিক নিম্নগামী হয় বেংকটোৰ শ্বেয়াৰৰ দাম ।

Stock Market Tv9 1
আজি ১১ মাৰ্চ, ৩৭ পইন্ট বাঢ়িল নিফটি ফিফটি । অৱশ্যে সামান্য নিম্নগামী হৈছে দেশৰ অন্যতম সূচক বিএছই ছেনছেক্স । কিন্তু আজি অভাৱনীয়ভাৱে নিম্নগামী হয় ইণ্ডাছইণ্ড বেংকৰ শ্বেয়াৰ ।
ক্ৰমাগতভাৱে নিম্ন চাৰ্কিটত খুন্দা মাৰি দিনটোৰ শেষত ২৭ শতাংশৰো অধিক নিম্নগামী হয় দেশৰ অন্যতম বিশাল বেংক ইণ্ডাছইণ্ড । এদিনত ২৪৩ টকাৰো অধিক নিম্নগামী হয় বেংকটোৰ শ্বেয়াৰৰ দাম ।
নিফটি ফিফটি বাঢ়িলেও আজি ০.৭ শতাংশ কমিল বিএছই স্মলকেপ সূচক । তাৰ লগতে আজি ০.৭৫ শতাংশ কমিল নিফটি বেংক সূচক ।
ভাৰতৰ বেংক হুৰমূৰকৈ নিম্নগামী হোৱাৰ পূৰ্বে কালি ১৫ শতাংশৰো অধিক কমিল মাৰ্কিন ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা সংস্থা টেছলাৰ শ্বেয়াৰ ।
আজি কি কি বাঢ়িল:
আজি উচ্চ চাৰ্কিটত স্পৰ্শ কৰে পশুপতি এক্ৰিলনৰ শ্বেয়াৰৰ দামে । ২০ শতাংশ বাঢ়িছে কোম্পানীটোৰ শ্বেয়াৰৰ দাম । ইয়াৰ উপৰিও আজি বাঢ়িছে ইণ্ডিজেন, ট্ৰান্সইণ্ডিয়া ৰিয়েল ষ্টেট, ওচিচিএল আৰু থাংগামাইল জুৱেলাৰীৰ শ্বেয়াৰৰ দাম ।
আজি কি কি কমিল:
আজি বজাৰ খোলাৰ সময়ৰ পৰাই হুৰমূৰকৈ নিম্নগামী হ’বলৈ ধৰে ইণ্ডাছইণ্ড বেংকৰ শ্বেয়াৰৰ দাম । সৰ্বোচ্চ ২৭.০৬ শতাংশ কমিল বেংকটোৰ শ্বেয়াৰৰ দাম । ইয়াৰ উপৰিও আজি কমিছে হাৰকিউলিছ হয়েষ্টছ, মহাদেৱ মাৰ্বলছ এণ্ড গ্ৰেনাইটছ, জিওজিৎ ফিনান্সিয়েল ছাৰ্ভিচেছ আৰু হাই-টেক পাইপছৰ শ্বেয়াৰৰ দাম ।
বজাৰৰ টুকুৰা খবৰ
* আজি প্ৰতি শ্বেয়াৰত ১ টকা ৫০ পইচা লভ্যাংশ দিয়ে ভাৰত ইলেক্ট্ৰনিকছ
* ৫২ সপ্তাহৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰিব নোৱাৰিলে কোনো কোম্পানীয়ে
* আজি ৫২ সপ্তাহৰ সৰ্বনিম্ন স্তৰ স্পৰ্শ কৰিছে পি এণ্ড জি, অপাৰ ইণ্ডাষ্ট্ৰীজ, আইডিএফচি ফাৰ্ষ্ট বেংক, ইণ্ডাছইণ্ড বেংক, টাইটান, ইয়েছ বেংক, এষ্ট্ৰাল, ডালমিয়া ভাৰত, ষ্টাৰ হেল্থ আৰু মান্যবৰ-বেদান্ত ফেশ্যনছৰ শ্বেয়াৰৰ দামে ।
১১ মাৰ্চত বজাৰ বন্ধ হোৱাৰ সময়লৈকে পোৱা তথ্য মতে
যদি আপুনি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে, তেন্তে সেই শ্বেয়াৰৰ বিষয়ে সঠিক অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9 Assam-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিশেষ দ্ৰষ্টব্য: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । সেয়ে বিনিয়োগৰ পূৰ্বে সকলো নথি-পত্ৰ ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত লওক ।
প্ৰতিবেদন প্ৰস্তুত: সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9 বাংলা