কালি চুক্তি স্বাক্ষৰৰ পিচতো আজি কমিল এয়াৰটেলৰ শ্বেয়াৰ, বাঢ়িল ইণ্ডাছইণ্ড বেংক
ভাৰতৰ দুই বেঞ্চমাৰ্ক সূচক আজি সামান্য নিম্নগামী হ'লেও নিফটি বেংক আৰু বিএছই বেংকেক্স সূচক ঊৰ্ধগামী হয় । আজি সামান্য বাঢ়িছে নিফটি নেক্সট ফিফটি সূচক ।

প্ৰতীকী ছবি
আজি ১২ মাৰ্চ, কালি ২৭ শতাংশৰো অধিক কমিছিল ইণ্ডাছইণ্ড বেংকৰ শ্বেয়াৰৰ দাম । আজি বজাৰ আৰম্ভ হোৱাৰ লগে লগেই ৬০৬ টকা পৰ্যন্ত নিম্নগামী হয় বেংকটোৰ শ্বেয়াৰৰ দাম । তাৰ পাছত ধীৰে ধীৰে ৰিকভাৰ হয় বজাৰ । দিনটোৰ শেষত ১১ মাৰ্চৰ তুলনাত ৪.৪৩ শতাংশ ৰিকভাৰ কৰে ইণ্ডাছইণ্ড বেংকে ।
একেদৰে কালি ষ্টাৰলিংকৰ সৈতে এয়াৰটেলৰ চুক্তিৰ খবৰ প্ৰকাশ পোৱাৰ পাছত ধাৰণা কৰা হৈছিল যে আজি বাঢ়িব পাৰে কোম্পানীটোৰ শ্বেয়াৰৰ দাম । কিন্তু আজি নিম্নগামীহে হয় কোম্পানীটোৰ শ্বেয়াৰৰ ।
ভাৰতৰ দুই বেঞ্চমাৰ্ক সূচক আজি সামান্য নিম্নগামী হ’লেও নিফটি বেংক আৰু বিএছই বেংকেক্স সূচক ঊৰ্ধগামী হয় । আজি সামান্য বাঢ়িছে নিফটি নেক্সট ফিফটি সূচক ।
আজি কি কি বাঢ়িল-
আজি উচ্চ চাৰ্কিট স্পৰ্শ কৰে SEPC লিমিটেডে । ১৯.৯৯ শতাংশ বাঢ়িলে কাৰিছিল লিমিটেডৰ শ্বেয়াৰৰ দাম । ইয়াৰ বাহিৰেও আজি বাঢ়িছে অ’চিচিএল লিমিটেড, ইণ্ডিয়া টুৰিজিম ডেভেলপমেন্ট কৰ্প আৰু এনএচিএল ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ দাম ।
আজি কি কি কমিল-
আজি সৰ্বোচ্চ ৩.৩৩ শংতাংশ কমিল ইণ্ডাষ্ট্ৰীয়েল ইনভেষ্টমেন্ট ট্ৰাষ্টৰ শ্বেয়াৰৰ দাম । ইয়াৰ বাহিৰেও কমিছে উৰাভি ডিফেন্স এণ্ড টেকন’ল’জীছ, কম্পুকম ছফ্টৱেৰ, ইণ্ডিজেন লিমিটেড আৰু কোষ্টেল কৰ্পৰেশ্যনৰ শ্বেয়াৰৰ দাম ।
বজাৰৰ টুকুৰা খবৰ:
* আজি প্ৰতি শ্বেয়াৰত ৬৬ পইচা লভ্যাংশ দিয়ে ডাটা ইনফ্ৰাই
* ৫২ সপ্তাহৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰিছে কোটাক মহিন্দ্ৰা বেংক আৰু ৱেলস্পান কৰ্পে ।
* আজি ৫২ সপ্তাহৰ সৰ্বনিম্ন স্তৰ স্পৰ্শ কৰিছে এমকিওৰ ফাৰ্মাছিউটিকেলছ, এলটিআই মাইণ্ডট্ৰি, জব কেমিকেলছ এণ্ড ফাৰ্মাছিউটিকেলছ, ষ্টাৰ হেল্থ, টাইটান, য়েছ বেংক, আইডিএফচি ফাৰ্ষ্ট বেংক. ডেলিভাৰী, ভিআইপি ইণ্ডাষ্ট্ৰীজ, ডালমিয়া ভাৰত আৰু ইণ্ডাছইণ্ড বেংকৰ শ্বেয়াৰৰ দামে ।
১২ মাৰ্চত বজাৰ বন্ধ হোৱাৰ সময়লৈকে পোৱা তথ্য এয়া
কোনো শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰিলে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9 অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । সেয়ে প্ৰথমে বিনিয়োগ সংক্ৰান্তীয় সকলো নথি-পত্ৰ ভালদৰে পঢ়ি লওক । তাৰ পাচতহে বিনিয়োগৰ সিদ্ধান্ত লওক ।