শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিফটি ৫০ আৰু ছেনছেক্স নিম্নগামী, সামান্য বাঢ়িল নিফটি বেংক

আজি আপাৰ চার্কিট স্পৰ্শ কৰে ইৰিছ ক্লথিং আৰু হাইটেক কর্পৰেশ্যনে । যথাক্রমে ৩০.৬৫ শতাংশ আৰু ২০ শতাংশ বাঢ়িছে কোম্পানী দুটাৰ শ্বেয়াৰৰ দাম ।

নিফটি ৫০ আৰু ছেনছেক্স নিম্নগামী, সামান্য বাঢ়িল নিফটি বেংক
শ্বেয়াৰ বজাৰৰ খবৰ
raj-saikia
Raj Saikia | Published: 13 Mar 2025 19:22 PM

আজি ১৩ মার্চ, সামান্য নিম্নগামী হয় ভাৰতৰ দুই বেঞ্চমার্ক সূচক নিফটি ৫০ আৰু ছেনছেক্স । বাকী সূচকবোৰৰ ভিতৰত বেছিভাগ সূচকেই আজ সামান্য নিম্নগামী হৈছে । মাত্র ৩ পইন্ট বাঢ়িছে নিফটি বেংকৰ সূচক ।

আনহাতে আজি চীনা সূচক হেংছেঙো ১৩৭ পইন্ট নিম্নগামী হৈছে । অৱশ্যে আন এক এছিয়ান সূচক জাপানৰ নিক্কেই ঊৰ্ধগামী হৈছে ১৪৭ পইন্ট ।

আজি কি কি বাঢ়িল:
আজি আপাৰ চার্কিট স্পৰ্শ কৰে ইৰিছ ক্লথিং আৰু হাইটেক কর্পৰেশ্যনে । যথাক্রমে ৩০.৬৫ শতাংশ আৰু ২০ শতাংশ বাঢ়িছে কোম্পানী দুটাৰ শ্বেয়াৰৰ দাম । ইয়াৰ বাহিৰেও আজি বাঢ়িছে আৰিহান্ট কেপিটেল মার্কেটছ, এন এ চি এল ইণ্ডাষ্ট্ৰীজ আৰু এমটিএনএলৰ শ্বেয়াৰৰ দাম ।

আজি কি কি কমিল:
আজি সর্বোচ্চ ১০.৮৭ শতাংশ কমিছে পার্ল গ্ল’বেল ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ দাম । ইয়াৰ উপৰিও আজি কমিছে উদয়শিবকুমাৰ ইনফ্রা, নাগৰিকা এক্সপোর্টছ, বংকা বায়’লু আৰু আছাহি সংগন কালার্ছৰ শ্বেয়াৰৰ দাম ।

বজাৰৰ টুকুৰা খবৰ:
* আজি প্ৰতি শ্বেয়াৰত ২ টকা ৫০ পইচা লভ্যাংশ দিয়ে ছান টিভি নেটৱৰ্কে
* প্ৰতি শ্বেয়াৰত ১ টকা ৫০ পইচা লভ্যাংশ দিয়ে হাডকোৱে
* প্ৰতি শ্বেয়াৰত ১২ টকা ৫০ পইচা লভ্যাংশ দিয়ে জিআৰ ইনফ্ৰা প্ৰজেক্টছে
* ব্ৰিস্ক টেকন’ভিশ্যনে আজি প্ৰতি শ্বেয়াৰত ১ টকা ৪০ পইচা লভ্যাংশ দিয়ে
* ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰ স্পৰ্শ কৰে অবন্তী ফিডছে
* আজি ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰ স্পৰ্শ কৰে ট্রাইডেন্ট, আইডিএফচি ফাৰ্ষ্ট বেংক, এস্ট্রাল, ভিআইপি ইণ্ডাষ্ট্ৰীজ, এঞ্জেল ওৱান, এইচএফচিএল, ডেলিভাৰীৰ শ্বেয়াৰৰ দামে ।

১৩ মাৰ্চত বজাৰ বন্ধ হোৱাৰ সময়লৈকে পোৱা তথ্য এয়া

কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খুজিলে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9 অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে শ্বেয়াৰ সম্বন্ধীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছত হে বিনিয়োগৰ সিদ্ধান্ত লওক ।