শ্বেয়াৰ বজাৰ ঊৰ্ধগামী, ১৫৭৭ পইন্ট বাঢ়িল ছেনছেক্স

আজি হুৰমূৰকৈ উঠিছে বজাৰ । ১৩৭৭ পইন্ট বাঢ়িছে নিফটি বেংক । বিএছই বেংকেক্স বাঢ়িছে ১৪৬৪ পইন্ট । একেদৰে ১৯০০ পইন্ট বাঢ়িছে নিফটি নেক্সট ফিফটি । বিএছই স্মলকেপ সূচক বাঢ়িছে ১৪৭১ পইন্ট ।

শ্বেয়াৰ বজাৰ ঊৰ্ধগামী, ১৫৭৭ পইন্ট বাঢ়িল ছেনছেক্স

প্ৰতীকী ছবি

Published: 

15 Apr 2025 18:04 PM

আজি ১৫ এপ্ৰিল, ৫০০ পইন্ট বাঢ়িছে দেশৰ অন্যতম বেঞ্চমাৰ্ক সূচক নিফটি ফিফটি । ১৫৭৭ পইন্ট বাঢ়িছে আন এক বেঞ্চমাৰ্ক সূচক বিএছই ছেনছেক্স । ইয়াৰ বাহিৰেও আজি বাঢ়িছে দেশৰ শ্বেয়াৰ বজাৰৰ কেবাটাও সূচক ।

আজি হুৰমূৰকৈ উঠিছে বজাৰ । ১৩৭৭ পইন্ট বাঢ়িছে নিফটি বেংক । বিএছই বেংকেক্স বাঢ়িছে ১৪৬৪ পইন্ট । একেদৰে ১৯০০ পইন্ট বাঢ়িছে নিফটি নেক্সট ফিফটি । বিএছই স্মলকেপ সূচক বাঢ়িছে ১৪৭১ পইন্ট ।

ভাৰতৰ বজাৰৰ দৰেই আজি বিদেশী বজাৰো ঊৰ্ধগামী হয় । ২৮৫ পইন্ট বাঢ়িছে জাপানী সূচক নিক্কেই । ৪৮ পইন্ট বাঢ়িছে চীনা সূচক হেংছেং ।

শ্বেয়াৰ বজাৰৰ এনেকুৱা তথ্য যদি ভাল লাগে, তেনন্তে অৱশ্যেই লাইক কৰক । যদি আৰু কোনো শ্বেয়াৰৰ বিষয়ে জানিব খোজে তেন্তে কমেন্ট বক্সত জনাওক । পৰৱৰ্তী ভিডিঅ’ত আমি সেই বিষয়ে আলোচনা কৰিম ।

আজি কি কি বাঢ়িল-
আজি আপাৰ চাৰ্কিট স্পৰ্শ কৰিছে একাধিক কোম্পানীয়ে । ইয়াৰ ভিতৰত আছে এমিমকো এলেকন, ইনভেষ্টমেন্ট ট্ৰাষ্ট অৱ ইণ্ডিয়া, ফিনো পেমেন্টছ বেংক, পণ্ডি অক্সিডাইজ এণ্ড কেমিকেলছ আৰু আইনক্স গ্ৰীণ এনাৰ্জি ছাৰ্ভিচেছ ।

আজি কি কি কমিল-
আজি বজাৰৰ এই ভাল সময়তো কেবাটাও সংস্থাৰ শ্বেয়াৰ নিম্নগামী হয় । ইয়াৰ মাজত আছে কোৱেছ কৰ্ম, ৰাজ টেলিভিশন নেটৱৰ্ক, আইচিডিএছ লিমিটেড, ষ্টাৰটেক ফাইনেন্স লিমিটেড আৰু উমা এক্সপোৰ্টছ ।

বজাৰৰ টুকুৰা খবৰ:

* আজি প্রতি শ্বেয়াৰত ৪ টকা ৮ পইচা লভ্যাংশ দিয়ে ইণ্ডিয়া ইনফ্রাষ্ট্ৰাকচাৰ ট্রাষ্টে
* শ্বেয়াৰে প্রতি ৫ টকা ৭৫ পইচা লভ্যাংশ দিয়ে হেক্সাওৱাৰ টেকন’লজিছে
* আজি বার্ষিক ফলাফল প্রকাশ কৰিছে বোম্বে ওৱায়াৰ ৰোপছ, জিএম ব্রেওৱাৰিছ, ডেল্টা ইণ্ডাষ্ট্ৰিয়েল, আইচিআইচিআই লম্বার্ডৰ দৰে কোম্পানীয়ে
* বার্ষিক ফলাফলৰ লগতে চতুৰ্থ ত্রৈমাসিকৰ ফলাফল প্রকাশ কৰিছে আইচিআইচিআই প্রুডেনছিয়েল আৰু ইণ্ডিয়ান ৰিনিউয়েবল এনার্জিয়ে

১৫ এপ্রিলত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য

যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে, তেন্তে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9-অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ- যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।

প্ৰতিবেদক- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক