শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিফটি ফিফটি আৰু ছেনছেক্স ঊৰ্ধগামী, ৮৬৯ পইন্ট বাঢ়িছে বিএছই বেংকেক্স

কালি ঊৰ্ধগামী হোৱাৰ দৰে হুৰমূৰকৈ নাবাঢ়িলেও কেইটামান খণ্ডৰ সূচকক বাদ দি বজাৰ মোটামুটি সুস্থিৰ দেখা যায় । আজি ৭৩৮ পইন্ট বাঢ়িছে নিফটি বেংক । ৮৬৯ পইন্ট বাঢ়িছে বিএছই বেংকেক্স । ইয়াৰ বাহিৰেও আজি ঊৰ্ধগামী হৈছে নিফটি নেক্সট ফিফটি, নিফটি স্মলকেপ হাণ্ড্ৰেড, বিএছই স্মলকেপৰ দৰে সূচক ।

নিফটি ফিফটি আৰু ছেনছেক্স ঊৰ্ধগামী, ৮৬৯ পইন্ট বাঢ়িছে বিএছই বেংকেক্স
প্ৰতীকী ছবি
raj-saikia
Raj Saikia | Published: 16 Apr 2025 18:10 PM

আজি ১৬ এপ্ৰিল, কালিৰ দৰে আজিও ঊৰ্ধগামী হয় ভাৰতীয় বজাৰৰ দুই বেঞ্চমাৰ্ক সূচক । ১০৮ পইন্ট বাঢ়িছে নিফটি ফিফটি । একেদৰে আন এক বেঞ্চমাৰ্ক সূচক ছেনছেক্স বাঢ়িছে ৩০৯ পইন্ট ।

কালি ঊৰ্ধগামী হোৱাৰ দৰে হুৰমূৰকৈ নাবাঢ়িলেও কেইটামান খণ্ডৰ সূচকক বাদ দি বজাৰ মোটামুটি সুস্থিৰ দেখা যায় । আজি ৭৩৮ পইন্ট বাঢ়িছে নিফটি বেংক । ৮৬৯ পইন্ট বাঢ়িছে বিএছই বেংকেক্স । ইয়াৰ বাহিৰেও আজি ঊৰ্ধগামী হৈছে নিফটি নেক্সট ফিফটি, নিফটি স্মলকেপ হাণ্ড্ৰেড, বিএছই স্মলকেপৰ দৰে সূচক । ৫২৯ পইন্ট বাঢ়িছে নিফটি কমোডিটিজৰ দৰে খণ্ডৰ সূচক ।

ভাৰতৰ বজাৰ ঊৰ্ধগামী হ’লেও আজিৰ দিনটো মুঠেও সুখৰ নহয় এছিয়াৰ অন্যান্য দেশৰ বজাৰৰ বাবে । ৩৪৭ পইন্ট কমিছে জাপানী সূচক নিক্কেই । ৪০৯ পইন্ট বাঢ়িছে চীনা সূচক হেংছেং । আনকি নিম্নগামী দক্ষিণ কোৰিয়ান সূচকো ।

শ্বেয়াৰ মাৰ্কেটৰ এইধৰণৰ গৱেষণামূলক তথ্য যদি ভাল লাগে, তেন্তে অৱশ্যেই লাইক কৰক । যদি কোনো শ্বেয়াৰৰ সম্পৰ্কে জানিব খোজে, কমেন্ট বক্সত লিখক । আমি পৰৱৰ্তী ভিডিঅ’ত সেই বিষয়ে আলোচনা কৰিম ।

আজি কি কি বাঢ়িল:আজি আপাৰ চাৰ্কিট স্পৰ্শ কৰে একাধিক কোম্পানীয়ে । ইয়াৰ ভিতৰচত আছে সোমা টেক্সটাইল এণ্ড ইণ্ডাষ্ট্ৰীজ, আৰ্কিডপ্লাই ডেকৰ, ছেকমাৰ্ক কনচালটেন্সী, ৰাজ অইল মিলছ, মানাকছিয়া এলুমিনিয়াম ।

আজি কি কি কমিল:
আজি নিম্নগামী হয় জেটিএল ইণ্ডাষ্ট্ৰীজ, ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেন্ট ট্ৰাষ্ট, ৰাজ টেলিভিশন নেটৱৰ্ক, ইজ মাই ট্ৰিপ, জাইডাছ লাইফ ছাইন্সেছৰ শ্বেয়াৰৰ দাম ।

বজাৰৰ টুকুৰা খবৰ:

* আজি শ্বেয়াৰে প্রতি ৩ টকা লভ্যাংশ দিয়ে মাজাগন ডক শ্বিপে
* আজি বার্ষিক ফলাফল প্রকাশ কৰিছে বল্লাৰপুৰ ইণ্ডাষ্ট্ৰীজ, স্বৰাজ ইঞ্জিনছ, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিয়েল ইনফ্রাষ্ট্ৰাকচাৰ, ওৱাৰি ৰিনিউবেলছে
* বার্ষিক ফলাফলৰ লগতে চতুর্থ ত্রৈমাসিকৰ ফলাফল প্রকাশ কৰিছে লাগনাম স্পিনটেক্স, উইপ্রো, ইনফোমিডিয়া প্রেছ, ইণ্ডিয়া চিমেন্টছ কেপিটেল, হিৰা ইস্পাত, জিটিপিএল হেথওৱে আৰু এঞ্জেল ওৱানে

১৬ এপ্রিলত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য অনুসৰি

যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে, তেন্তে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9-অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।

প্ৰতিবেদক- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা