বজাৰ খোলাৰ লগে লগে সূচকৰ উত্থান, মালামাল বিনিয়োগকাৰী!
আজি ১১২ পইন্ট বাঢ়িছে ভাৰতীয় বজাৰৰ অন্যতম বেঞ্চমাৰ্ক সূচক নিফটি ফিফটি। ইফালে ৩১৪ পইন্ট বাঢ়িছে ভাৰতীয় বজাৰৰ আন এক বেঞ্চমাৰ্ক সূচক ছেনছেক্স । তাৰোপৰি আজি ২৯৩ পইন্ট বাঢ়িছে নিফটি বেংক । একেদৰে ফিননিফটি ২৩৯ পইন্ট আৰু নিফটি নেক্সট ফিফটি ৪৩০ পইন্ট বাঢ়ে আজি ।

আজি ১৭ মাৰ্চ, সপ্তাহৰ প্ৰথম দিনটোতেই ঊৰ্ধগামী হ’ল নিফটি ফিফটি । আজি ১১২ পইন্ট বাঢ়িছে ভাৰতীয় বজাৰৰ এই বেঞ্চমাৰ্ক সূচক । ইফালে ৩১৪ পইন্ট বাঢ়িছে ভাৰতীয় বজাৰৰ আন এক বেঞ্চমাৰ্ক সূচক ছেনছেক্স । তাৰোপৰি আজি ২৯৩ পইন্ট বাঢ়িছে নিফটি বেংক । একেদৰে ফিননিফটি ২৩৯ পইন্ট আৰু নিফটি নেক্সট ফিফটি ৪৩০ পইন্ট বাঢ়ে আজি ।
ভাৰতীয় সূচৰক সমান্তৰালভাৱে আজি ৩৪৩ পইন্ট বাঢ়িছে জাপানৰ সূচক নিক্কেই । চীনা সূচক হেংছেঙো আজি ১৮৫ পইন্ট বাঢ়ে ।
আজি কি কি বাঢ়িল:
আজি সৰ্বোচ্চ ১৯.৯৯ শতাংশ বাঢ়িল এন এ চি এল ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ । তাৰোপৰি নীৰজ চিমেন্ট ষ্ট্ৰাকচাৰেলছ, উদয়শিবকুমাৰ ইনফ্ৰা, এলগি ইক্যুইপমেন্টছ, নূপুৰ ৰিচাইকেলাৰ্ছৰ শ্বেয়াৰৰ দামো আজি বাঢ়িছে ।
আজি কি কি কমিল:
আজি সৰ্বোচ্চ ১৫.৫৬ শতাংশ কমিছে আয়ন-টেক ছলিউশ্যনছৰ শ্বেয়াৰ । তাৰোপৰি কমিছে মেগেলানিক ক্লাউড, গ্ল’বেল এডুকেশ্যন, এছিয়ান এনাৰ্জি আৰু বিননি ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ দাম ।
বজাৰৰ টুকুৰা খবৰ
* আজি প্ৰতি শ্বেয়াৰত ৭৫ পইচা লভ্যাংশ দিয়ে ব্ৰেছ পোৰ্টে ।
* ২:১০ অনুপাতত স্প্লিট হয় ছিকা ইন্টাৰপ্লেন্ট ছিষ্টেমছ ।
* ৫২ সপ্তাহৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰে মহিন্দ্ৰা বেংক, এছআৰএফ আৰু অবন্তী ফিডছে ।
* আজি ৫২ সপ্তাহৰ সৰ্বনিম্ন স্তৰ স্পৰ্শ কৰে ৰতনইণ্ডিয়া এন্টাৰপ্ৰাইজ, টাটা টেকন’ল’জীছ, চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া, ভিআইপি ইণ্ডাষ্ট্ৰীজ, AU স্মল ফাইনেন্স বেংক, আইডিএফচি ফাৰ্ষ্ট বেংকৰ শ্বেয়াৰৰ দামে ।
১৭ মার্চত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য
যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে, তেন্তে সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9-অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত লওক ।
প্ৰতিবেদক- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9- বাংলা