ভাৰতীয় বজাৰৰ লগতে বিদেশী বজাৰতো ঊৰ্ধগামী সূচক, চাওক শ্বেয়াৰ বজাৰৰ খবৰ
আজি বজাৰ খোলাৰ পিছৰে পৰাই প্ৰায়সমূহ সূচক ঊৰ্ধগামী হয় । নিফটি ফিফটি আৰু বিএছই ছেনছেক্সৰ উত্থানে মুখত হাঁহি বিৰিঙাইছে বিনিয়োগকাৰীৰ । বিদেশী সূচকসমূহো আজি ঊৰ্ধগামী হয় । চাওক আজিৰ শ্বেয়াৰ বজাৰৰ সবিশেষ-

প্ৰতীকী ছবি
আজি ১৮ মাৰ্চ, হুৰমূৰকৈ বাঢ়িল নিফটি ফিফটি । ৩২৫ পইন্ট বাঢ়িছে ভাৰতৰ শ্বেয়াৰ বজাৰৰ এই বেঞ্চমার্ক সূচক । ইফালে ১,১৩১ পইন্ট বাঢ়িছে ভাৰতীয় বজাৰৰ আন এক বেঞ্চমার্ক সূচক ছেনছেক্স ।
আজি ৯৬০ পইন্ট বাঢ়িছে নিফটি বেংক সূচক । ৪৮২ পইন্ট বাঢ়িছে নিফটি আইটি । একেদৰে ১,১৯৭ পইন্ট বাঢ়িছে বিএছই স্মলকেপ সূচক । আনহাতে আজি বিএছই বেংকেক্স ১,১০৩ পইন্ট আৰু নিফটি নেক্সট ফিফটি সূচক ১,৫৬৪ পইন্ট বৃদ্ধি পায় ।
ভাৰতীয় সূচকৰ সমানে আজি ৪৪৮ পইন্ট বাঢ়িছে জাপানৰ সূচক নিক্কেই । ইফালে চীনা সূচক হেংছেঙো আজি বাঢ়িছে ৫৯৪ পইন্ট ।
আজি কি কি বাঢ়িল:
আজি আপাৰ চার্কিট স্পৰ্শ কৰে উত্তম ছুগাৰ মিলছ লিমিটেড আৰু মোবিক্যুইকৰ শ্বেয়াৰে । ইয়াৰ বাহিৰেও আজি বাঢ়িছে ছেন্টাম ইলেকট্রনিকছ্, টলব্রছ অটোমোটিভ আৰু ৰেমণ্ডছৰ শ্বেয়াৰৰ দাম ।
আজি কি কি কমিল:
আজ নিম্ন চার্কিট স্পৰ্শ কৰিছে এনএচিএল ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ দামে । ইয়াৰ বাহিৰেও আজি কমিছে পশুপতি এক্রিলন, ইনোভানা থিংকলেবছ, শিবালিক ৰসায়ন আৰু কেষ্ট্ৰল ইণ্ডিয়াৰ শ্বেয়াৰৰ দাম ।
বজাৰৰ টুকুৰা খবৰ:
* আজি প্ৰতি শ্বেয়াৰত ৯ টকা ৫০ পইচাকৈ লভ্যাংশ দিয়ে কেষ্ট্ৰল ইণ্ডিয়াই
* প্ৰতি শ্বেয়াৰত ১ টকা ৬৫ পইচাকৈ আজি লভ্যাংশ দিয়ে নেশ্যনেল হাইৱে’ ইনফ্ৰা ট্ৰাষ্টে
* আজি ত্ৰৈমাসিক ফলাফল প্ৰকাশ পাইছে মহীশূৰ পেপাৰ মিলছৰ
* ৫২ সপ্তাহৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰিছে কোটাক মহিন্দ্ৰা বেংক, এছ আৰ এফ আৰু অৱন্তী ফিডছে
* আজি ৫২ সপ্তাহৰ সৰ্বনিম্ন স্তৰ স্পৰ্শ কৰে নুভোকো ভিষ্টাছ কৰ্পৰেশ্যন, আৰআৰ কেবেল আৰু AU স্মল ফাইনেন্স বেংকৰ শ্বেয়াৰৰ দামে ।
১৮ মাৰ্চত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য
যিকোনো শ্বেয়াৰত বিনিয়োগ কৰিব খুজিলে সেই শ্বেয়াৰৰ বিষয়ে ভালদৰে অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9 অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে প্ৰথমে বিনিয়োগ সম্পৰ্কীয় নথি-পত্ৰ ভালদৰে পঢ়ি লওক । তাৰ পাছত বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।
প্ৰতিবেদক- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9 বাংলা