একেৰাহে দুদিন ধৰি ঊৰ্ধগামী ভাৰতৰ বজাৰ, ৯০০ পইণ্টতকৈ অধিক বৃদ্ধি স্মলকেপ সূচক!
আজি ৭৩ পইন্ট বাঢ়িল নিফটি ফিফটি আৰু ১৪৭ পইন্ট বাঢ়িল ছেনছেক্স । ১৮ মাৰ্চৰ দৰে হুৰমূৰকৈ নাবাঢ়িলেও আজি ৩৮৮ পইন্ট বাঢ়িল নিফটি বেংক সূচক । অৱশ্যে আজি ৩৯৫ পইন্ট হ্ৰাস পাই নিফটি আইটি সূচক । ৯৭৮ পইন্ট বাঢ়িল এছ এণ্ড পি বিএছই স্মলকেপ সূচক । আজি ৯৮২ পইন্ট বাঢ়িছে নিফটি নেক্সট ৫০ সূচকো ।

প্ৰতীকী ছবি
আজি ১৯ মার্চ, আজিও কিছু ঊৰ্ধগামী হয় ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুই বেঞ্চমাৰ্ক সূচক নিফটি ফিফটি আৰু বিএছই ছেনছেক্স । আজি ৭৩ পইন্ট বাঢ়িল নিফটি ফিফটি আৰু ১৪৭ পইন্ট বাঢ়িল ছেনছেক্স ।
১৮ মাৰ্চৰ দৰে হুৰমূৰকৈ নাবাঢ়িলেও আজি ৩৮৮ পইন্ট বাঢ়িল নিফটি বেংক সূচক । অৱশ্যে আজি ৩৯৫ পইন্ট হ্ৰাস পাই নিফটি আইটি সূচক । ৯৭৮ পইন্ট বাঢ়িল এছ এণ্ড পি বিএছই স্মলকেপ সূচক । আজি ৯৮২ পইন্ট বাঢ়িছে নিফটি নেক্সট ৫০ সূচকো ।
ভাৰতৰ বিভিন্ন সূচক আজি ঊৰ্ধগামী দেখালেও নিম্নগামী হয় জাপানী সূচক নিক্কেই । ৯৩ পইন্ট হ্ৰাস পায় এই সূচক । অৱশ্যে আজি প্ৰায় ৩০ পইন্ট বাঢ়িছে চীনা সূচক হেংছেং ।
আজি কি কি বাঢ়িল:
আজি উচ্চ চাৰ্কিট স্পৰ্শ কৰে গাৰ্ডেনৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনীয়াৰ্ছ, বিভোৰ ষ্টিল টিউবছ আৰু এছিয়ান এনাৰ্জি ছাৰ্ভিচেছৰ শ্বেয়াৰে । ইয়াৰ বাহিৰেও আজি বাঢ়িছে কেছলভেছ ইণ্ডিয়া আৰু ব্ৰুকছ লেৱৰেটৰীছৰ শ্বেয়াৰৰ দাম ।
আজি কি কি কমিল:
আজি কোনো কোম্পানীৰ শ্বেয়াৰ নিম্ন চাৰ্কিটত স্পৰ্শ কৰা নাই যদিও কেবাটাও কোম্পানীৰ শ্বেয়াৰ নিম্নগামী হয় । ইয়াৰ ভিতৰত অন্যতম উৰাভি ডিফেন্স এণ্ড টেকন’লজী, ছেন্টাম ইলেক্টনিকছ্, মাষ্টেক, ছাছকেন টেকন’লজীছ আৰু ৰিলায়েন্স কমিউনিকেশ্যন ।
বজাৰৰ টুকুৰা খবৰ:
*আজি প্ৰতি শ্বেয়াৰত ৩ টকা ৫০ পইচা লভ্যাংশ দিয়ে পাৱাৰ ফাইনেন্স কৰ্পে
*৫২ সপ্তাহৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰে মুথুট ফাইনেন্স, ইন্টাৰগ্ল’ব এভিয়েশ্যন, কোটাক মহিন্দ্ৰা বেংক, বাজাজ ফাইনেন্স আৰু কৰমণ্ডল ইন্টাৰনেশ্যনেল
*কোনো কোম্পানীয়ে আজি ৫২ সপ্তাহৰ সৰ্বনিম্ন স্তৰ স্পৰ্শ কৰা নাই
১৯ মাৰ্চত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য এয়া
যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে তেন্তে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9 অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত লওক ।
প্ৰতিবেদক- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা