শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজি পুনৰ বৃদ্ধি পালে স্মলকেপৰ সূচকাংক; আপোনাৰো আছিল নেকি শ্বেয়াৰ ?

আজি এছ এণ্ড পি বি এছ ই স্মলকেপ ৫৯৯ পইণ্ট বৃদ্ধি পাইছে, আনহাতে নিফটি নেক্সট ৫০ ৰ সূচকাংক ৮৮২ পইণ্ট বৃদ্ধি পাইছে । জানি লওক শ্বেয়াৰ বজাৰৰ খবৰ-

আজি পুনৰ বৃদ্ধি পালে স্মলকেপৰ সূচকাংক; আপোনাৰো আছিল নেকি শ্বেয়াৰ ?
শ্বেয়াৰ বজাৰ
raj-saikia
Raj Saikia | Published: 20 Feb 2025 19:34 PM

আজি ভাৰতৰ শ্বেয়াৰ বজাৰৰ দুটা মুখ্য সূচকাংক সামান্য হ্ৰাস পায় । নিফটি ফিফটি ১৯ পইণ্ট হ্ৰাস পোৱাৰ বিপৰীতে বিএছই ছেনছেক্স ২০৩ পইণ্ট হ্ৰাস পাইছে । ইফালে এছ এণ্ড পি বি এছ ই স্মলকেপ ৫৯৯ পইণ্ট বৃদ্ধি পাইছে, আনহাতে নিফটি নেক্সট ৫০ ৰ সূচকাংক ৮৮২ পইণ্ট বৃদ্ধি পাইছে । তাৰোপৰি ইউ পি এল, নাৰায়ণ হৃদয়ালয় আৰু শ্ৰী চিমেণ্টে আজি ৫২ সপ্তাহৰ উচ্চতম স্তৰত উপনীত হৈছে ।

আনহাতে, আজি নেটকো ফাৰ্মা, কিৰ্লস্কাৰ অইল ইঞ্জিন, চেৰা চেনিটেৰীৱেৰ, গ্ৰীণ্ডৱেল নৰ্টন, ভিআইপি ইণ্ডাষ্ট্ৰীজ আৰু বিৰলাছফ্টে ৫২ সপ্তাহৰ নিম্নতম স্তৰত উপনীত হৈছে ।

আজি কি কি বাঢ়িল :

আজি হিন্দপ্ৰকাশ ইণ্ডাষ্ট্ৰীজ আৰু টাচউড এণ্টাৰটেইনমেণ্টে আপাৰ চাৰ্কিট স্পৰ্শ কৰে । ইয়াৰ উপৰিও আজি বৃদ্ধি পালে এচ ইন্টিগ্ৰেটেড ছলিউচন, বাজাৰ ষ্টাইল ৰিটেইল আৰু উইণ্ডলাছ বায়’টেকৰ শ্বেয়াৰৰ মূল্য ।

আজি কি কি কমিল :

আজি পুনৰ হ্ৰাস পায় চুৰাটৱালা বিজনেছ গ্ৰুপৰ শ্বেয়াৰৰ মূল্য । কোম্পানীটোৰ শ্বেয়াৰৰ মূল্যই নিম্ন চাৰ্কিট স্পৰ্শ কৰে । ইয়াৰ উপৰিও আজি গডফ্ৰে ফিলিপছ, ভি-মাৰ্ট ৰিটেইল, জে বি এম অটো, আৰু এডুকম্প ছলিউচনৰ শ্বেয়াৰৰ মূল্যও হ্ৰাস পাইছে

বজাৰৰ টুকুৰা খবৰ :

*আজি ত্ৰৈমাসিক ফলাফল প্ৰকাশ কৰে কেবাটাও কোম্পানীয়ে । ইয়াৰ ভিতৰত অন্যতম হৈছে গণেশ ইনফ্ৰাওৱৰ্ল্ড, হেৰিগ ক্ৰাংকশ্যাফ্টছ, এচিই মেন ইঞ্জিনীয়াৰিং ওৱৰ্কছ উল্লেখযোগ্য ।
* কাইলৈ লভ্যাংশ প্ৰদান কৰিব পি এণ্ড জি আৰু আই আৰ চিটিচিয়ে ।
* কাইলৈ ত্ৰৈমাসিক ফলাফল ঘোষণা কৰিব মহিন্দ্ৰা চিআইআই অট’মোটিভে ।

২০ ফেব্ৰুৱাৰীত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য এয়া ।

যদি আপুনি শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে তেতিয়া সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক গৱেষণা আৰু বিশ্লেষণ কৰিহে আগবঢ়া উচিত । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9 অসম-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ক । তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক ।