শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ঊৰ্ধগামী শ্বেয়াৰ বজাৰ, ১,১২৮ পইন্ট বাঢ়িল বিএছই বেংকেক্স

বেঞ্চমার্ক সূচকৰ লগত ফেৰ মাৰি আজি বাঢ়িছে অন্যান্য সূচকসমূহো । ১,৩১৬ পইন্ট বাঢ়িছে নিফটি মিডকেপ হাণ্ড্ৰেড । নিফটি নেক্সট ফিফটি বাঢ়িছে ১,১৫০ পইন্ট । একেদৰে ১,১২৮ পইন্ট বাঢ়িছে বিএছই বেংকেক্স । ১,০১৪ পইন্ট বাঢ়িছে নিফটি বেংক ।

ঊৰ্ধগামী শ্বেয়াৰ বজাৰ, ১,১২৮ পইন্ট বাঢ়িল বিএছই বেংকেক্স
প্ৰতীকী ছবি
raj-saikia
Raj Saikia | Published: 21 Apr 2025 23:16 PM

আজি সপ্তাহৰ প্রথম দিনাই ২৭৩ পইন্ট বাঢ়িল দেশৰ বেঞ্চমার্ক সূচক নিফটি ফিফটি । আনহাতে, ৮৫৫ পইন্ট বাঢ়িছে আন এক বেঞ্চমার্ক সূচক বিএছই ছেনছেক্স ।

বেঞ্চমার্ক সূচকৰ লগত ফেৰ মাৰি বাঢ়িছে অন্যান্য সূচকসমূহো । ১,৩১৬ পইন্ট বাঢ়িছে নিফটি মিডকেপ হাণ্ড্ৰেড । নিফটি নেক্সট ফিফটি বাঢ়িছে ১,১৫০ পইন্ট । একেদৰে ১,১২৮ পইন্ট বাঢ়িছে বিএছই বেংকেক্স । ১,০১৪ পইন্ট বাঢ়িছে নিফটি বেংক ।

ভাৰতৰ বজাৰৰ লগতে আজি চীনা সূচক হেংছেঙো ঊৰ্ধগামী হয় । ৩৩৮ পইন্ট বাঢ়িছে এই সূচক । অৱশ্যে আজি নিম্নগামী হয় জাপানী সূচক । দেশখনৰ সূচক নিক্কেই হ্ৰাস পায় ৪৫০ পইন্ট ।

(শ্বেয়াৰ বজাৰৰ এই ধৰণৰ গৱেষণামূলক প্ৰতিবেদন ভাল লাগিলে লাইক কৰক । কোনো শ্বেয়াৰৰ বিষয়ে জানিব খুজিলে কমেন্টযোগে জনাওক । পৰৱৰ্তী ভিডিঅ’ত আমি সেই শ্বেয়াৰৰ বিষয়ে আলোচনা কৰিম ।)

আজি কি কি বাঢ়িল:

আজি আপাৰ চার্কিটত খুন্দা মাৰে কেবাটাও কোম্পানীয়ে । ইয়াৰ ভিতৰত আছে স্পন্দনা স্ফূর্তি ফিনান্সিয়েল, ছেল্পমেক ডিজাইন এণ্ড টেক, লিবার্টি শুজ, ছিএছএল ফাইনেন্স, টেক্সমো পাইপছ এণ্ড প্রডাক্টছ ।

আজি কি কি কমিল:

আজি হ্ৰাস পাইছে একমে ফিনন্ট্রেড ইণ্ডিয়া, শৈলী ইঞ্জিনীয়াৰিং প্লাষ্টিকছ, সোমা টেক্সটাইল এণ্ড ইণ্ডাষ্ট্ৰীজ, অর্কিডপ্লাই ডেকৰ জিএছচিএম টেকনলজিছ DVRS-ৰ শ্বেয়াৰৰ দাম ।

বজাৰৰ টুকুৰা খবৰ

* আজি ১:১ অনুপাতত বোনাচ দিছে কেপ্টেন টেকন’কাষ্টে
* ৫:১০ অনুপাতত স্প্লিট হয় ৰণজিৎ মেকাট্রনিক্স
* আজি ত্রৈমাসিক ফলাফল প্রকাশ কৰিছে শেখাওৱাতী ইণ্ডাষ্ট্ৰীজ, নেতৃপলছ ছফ্টৱেৰ আৰু ইন্টাৰনেশ্যনেল গেমলে
* আজি বার্ষিক ফলাফল প্রকাশ কৰিছে টাটা ইনভেষ্টমেন্ট কর্প, ইণ্ডাগ ৰাবাৰ, শিলচৰ টেকন’লজিছ আৰু জিএনএ এক্সেলছে
* আজি ত্রৈমাসিক আৰু বার্ষিক ফলাফল একেলগে প্রকাশ কৰিছে হিমাদ্রী স্পেচিয়েল কেমিকেলছ, পিত্তি ইঞ্জিনীয়াৰিং, অনন্ত ৰাজ, ৰাজৰতন গ্লবেল ওৱায়াৰ, অলক ইণ্ডাষ্ট্ৰিজ, লোটাছ চকলেট কোম্পানী, ছিয়েল ফিনান্সিয়েল ছার্ভিচেছ, আদিত্য বিড়লা মানি, মাহিন্দ্রা লজিষ্টিক্স আৰু পার্পল ফাইনেন্সে
* আজি ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰ চুইছে ইন্টাৰগ্লব এভিয়েশ্যন, বাজাজ ফাইনেন্স, বাজাজ ফিনছার্ভ, আইখাৰ মটৰ্ছ, শ্রী চিমেন্টছ, কোটাক মাহিন্দ্রা বেংক, ভাৰতী এয়াৰটেল, এইচডিএফচি বেংক, চোলামণ্ডলম ইনভেষ্টমেন্ট, আইচিআইচিআই বেংকে
* আজি কোনো কোম্পানীয়ে ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰ স্পৰ্শ কৰা নাই

২১ এপ্ৰিলত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য

যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে তেন্তে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9- অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ- যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভাল দৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।

প্ৰতিবেদক- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা