আজিও নিম্নগামী ভাৰতৰ শ্বেয়াৰ বজাৰ
আজিও পুনৰ নিম্নগামী হয় ভাৰতৰ শ্বেয়াৰ বজাৰ । কোন কোন কোম্পানীৰ শ্বেয়াৰৰ মূল্য বাঢ়িল, কাৰ কমিল চাওক সবিশেষ

অপৰিৱৰ্তিত ভাৰতৰ শ্বেয়াৰ বজাৰৰ অৱস্থা । আজি পুনৰ হ্ৰাস পালে বজাৰৰ সূচকাংক । নিফটি ফিফটি ১১৭ পইন্ট হ্ৰাস পোৱাৰ বিপৰীতে BSE ছেনছেক্স ৪২৪ পইন্ট হ্ৰাস পায় শুকুৰবাৰে । যোৱা দুদিন স্মলকেপৰ সূচকাংক বৃদ্ধিপালেও আজি পুনৰ নিম্নগামী হয় । ভাৰতৰ বজাৰ নিম্নগামী হ’লেও অৱশ্যে আজি চীনা সূচকাংক হেংছেং ৩.৯৯ পইন্ট বৃদ্ধি পায় ।
আজি ৫২ সপ্তাহৰ সৰ্বোচ্চ স্তৰত উপনীত হয় নাৰায়ণা হৃদয়ালয় । আনহাতে ৫২ সপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ অৱনমিত হয় ছেৰা ছেনিটাইজাৰ, ইণ্ডিয়ামাৰ্ট ইন্টাৰমেছ । তাৰোপৰি ছানোফি ইণ্ডিয়া, ষ্টাৰ হেল্থ, টাটা কমিউনিকেশ্যন, ভিআইপি ইণ্ডাষ্ট্ৰীজ, কিৰ্লোস্কাৰ অইল ইঞ্জিনছ, নেটকো ফাৰ্মা, কাজাৰিয়া ছেৰামিক্সৰো শ্বেয়াৰৰ মূল্য আজি হ্ৰাস পায় ।
আজি কি কি বাঢ়িল-
নিম্নগামী বজাৰৰ মাজতো আজি কেবাটাও কোম্পানীৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পায় । ইকিঅ’ লাইটনিং, ৰেলিগেয়াৰ এন্টাৰপ্ৰাইজ, শ্ৰী ৰামা নিউজপ্ৰিন্ট, ডেকান চিমেন্ট, ছেঞ্চুৰী এনকাৰ শ্বেয়াৰৰ মূল্য আজি বৃদ্ধি পায় ।
আজি কি কি কমিল-
ক্ৰমাগতভাৱে হ্ৰাস পাইছে চুৰাটৱালা বিজনেছ গ্ৰুপৰ শ্বেয়াৰৰ মূল্য । কোম্পানীটোৰ শ্বেয়াৰৰ মূল্যই আজিও নিম্ন চাৰ্কিটত স্পৰ্শ কৰে । ইয়াৰ বাহিৰেও আজি জিন্দাল ড্ৰিলিং, FCS ছফ্টৱেৰ, মিটকন কঞ্চালটেন্সী আৰু ট্ৰেন্স ওৱৰ্ল্ড শ্বিপিং লাইনছৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পায় ।
বজাৰৰ টুকুৰা খবৰ-
* আজি লভ্যাংশ প্ৰদান কৰে পি এণ্ড জি হেল্থে । প্ৰতি শ্বেয়াৰত ৮০ টকাকৈ লভ্যাংশ প্ৰদান কৰে কোম্পানীটোৱে ।
* BBTC য়ে প্ৰতি শ্বেয়াৰত তিনি টকাকৈ লভ্যাংশ প্ৰদান কৰে ।
* SJVN -এ প্ৰতি শ্বেয়াৰত ১ টকা ১৫ পইচা লভ্যাংশ দিয়ে ।
* কিৰ্লোস্কাৰ অইল ইঞ্জিনছে প্ৰতি শ্বেয়াৰত ২ টকা ৫০ পইচাকৈ লভ্যাংশ দিয়ে ।
* আজি ত্ৰৈমাসিক ফলাফল প্ৰকাশ কৰিছে কেবাটাও কোম্পানীয়ে । ইয়াৰ ভিতৰত ডিবক ইণ্ডছ, ছুপ্ৰিম ফেছিলিটী আৰু জিন্দাল কটেক্স উল্লেখযোগ্য ।
২১ ফেব্ৰুৱাৰীত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য এয়া ।
যদি আপুনি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক অধ্যয়ন আৰু বিশ্লেষণ কৰিহে আগবঢ়া উচিত । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9 অসম-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ক । তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক ।