আজিও নিম্নগামী ভাৰতীয় শ্বেয়াৰ বজাৰ
ভাৰতীয় বজাৰৰ লগতে আজি নিম্নগামী হয় চীনা সূচকাংক হেংছেং । অৱশ্যে আজি জাৰ্মান সূচকাংক ডেক্স ঊৰ্ধগামী হয় ।

শ্বেয়াৰ বজাৰ
আজি সোমবাৰ, ভাৰতীয় শ্বেয়াৰ বজাৰৰ অৱস্থা আজিও শোচনীয় । নিম্নগামী শ্বেয়াৰ বজাৰৰ দুই সূচকাংক । আজি নিফটি ফিফটি ২৪৩ পইন্ট হ্ৰাস পোৱাৰ বিপৰীতে ৮৫৬ পইন্ট হ্ৰাস পায় বিএছই ছেনছেক্স । ভাৰতীয় বজাৰৰ লগতে আজি নিম্নগামী হয় চীনা সূচকাংক হেংছেং । অৱশ্যে আজি জাৰ্মান সূচকাংক ডেক্স ঊৰ্ধগামী হয় ।
ক্ৰমাগতভাৱে নিম্নগামী হৈছে টাটা মটৰ্ছ, ওৱাৰ্লপুল ইণ্ডিয়া, টাটা কমিউনিকেশ্যন, ভি আই পি ইণ্ডাষ্ট্ৰীজ, মহিন্দ্ৰা চি আই ই অটোমোটিভৰ শ্বেয়াৰৰ মূল্য । তাৰ মাজতে অৱশ্যে যোৱা ৭ দিনত ১৮ শতাংশ বৃদ্ধি পাইছে জি এছ কে ফাৰ্মাৰ শ্বেয়াৰৰ মূল্য । ১ মাহৰ হিচাপত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পাইছে ২৪ শতাংশ ।
আজি কি কি বাঢ়িল-
আজি বজাৰ নিম্নগামী হ’লেও অৱশ্যে উচ্চ চাৰ্কিট স্পৰ্শ কৰে এছিয়ান এনাৰ্জী ছাৰ্ভিচে । তাৰ লগতে বৃদ্ধি পায় শ্ৰী ৰামা নিউজপ্ৰিন্ট, হেডছ আপ ভেঞ্চাৰ্ছ, এপল’ পাইপছ আৰু ব্ৰেণ্ড কনছেপ্টৰ্ছৰ শ্বেয়াৰৰ মূল্য ।
আজি কি কি কমিল-
আজি হ্ৰাস পায় ষ্টেলিয়ন ইণ্ডিয়া ফ্লুৰ’কেমিকেলছ, এপিএল, প্ৰেছিশ্যন কেমছফ্টছ, বৰাক ভেলী চিমেন্টছ আৰু গোকলদাস এক্সপ’ৰ্টছৰ শ্বেয়াৰৰ মূল্য ।
বজাৰৰ টুকুৰা খবৰ:
* আজি লভ্যাংশ প্ৰদান কৰে এএছএম টেকন’লজীছে । প্ৰতি শ্বেয়াৰত ১ টকা লভ্যাংশ প্ৰদান কৰে কোম্পানীটোৱে ।
* আজি প্ৰতি শ্বেয়াৰত ১ টকা লভ্যাংশ প্ৰদান কৰে পৃথ্বী এক্সচেঞ্জে ।
* আজি ত্ৰৈমাসিক ফলাফল প্ৰকাশ কৰে মঞ্জিৰা কনষ্ট্ৰাকশ্যন আৰু ঋত্বিক ফেছিলিটিয়ে ।
২৪ ফেব্ৰুৱাৰীত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য এয়া
যদি আপুনি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক অধ্যয়ন আৰু বিশ্লেষণ কৰিহে আগবঢ়া উচিত । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9 অসম-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ক । তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক ।