১০০০ পইন্টৰো অধিক বৃদ্ধিৰে ৭৮,০০০ পইন্টৰ সীমাত উপনীত ছেনছেক্স
আজি ১,১১১ পইন্ট বাঢ়িছে নিফটি বেংক, ৫১৪ পইন্ট বাঢ়িছে নিফটি আইটি সূচক । ৫৫৪ পইন্ট বাঢ়িছে বিএছই স্মলকেপ সূচক । ১,৪৭১ পইন্ট বাঢ়িছে বিএছই বেংকেক্স । আনহাতে ৭৮২ পইন্ট বাঢ়িছে নিফটি নেক্সট ফিফটি সূচক ।

২৪ মার্চত দিনটোৰ শেষত ৩০৭ পইন্ট বাঢ়িল নিফটি ফিফটি । ২৩,৬৫৮ পইন্টত উপনীত ভাৰতীয় বজাৰৰ এই বেঞ্চমার্ক সূচক । আনহাতে, আজি ১০০০ পইন্টৰো অধিক বাঢ়িছে ছেনছেক্স । আজি ৭৮,০০০ পইন্টত উপনীত হয় এই সূচক ।
আজি ১,১১১ পইন্ট বাঢ়িছে নিফটি বেংক, ৫১৪ পইন্ট বাঢ়িছে নিফটি আইটি সূচক । ৫৫৪ পইন্ট বাঢ়িছে বিএছই স্মলকেপ সূচক । ১,৪৭১ পইন্ট বাঢ়িছে বিএছই বেংকেক্স । আনহাতে ৭৮২ পইন্ট বাঢ়িছে নিফটি নেক্সট ফিফটি সূচক ।
ভাৰতীয় বজাৰৰ ঊৰ্ধগামী অৱস্থাই বিনিয়োগকাৰীক সুখী কৰিলেও কিন্তু জাপানৰ বজাৰৰ সাম্প্ৰতিক অৱস্থাই তেওঁলোকক চিন্তাত পেলাইছে । আজি ৬৮ পইন্ট হ্ৰাস পাইছে জাপানী সূচক নিক্কেই । অৱশ্যে আজি ২১৫ পইন্ট বাঢ়িছে চীনা সূচক হেংছেং ।
আজি কি কি বাঢ়িল:
আজি সৰ্বোচ্চ চার্কিট স্পৰ্শ কৰিছে একাধিক কোম্পানীয়ে । পার্ল পলিমাৰ্ছ, সংগম ইণ্ডিয়া, সাৰদা মটৰ ইণ্ডাষ্ট্ৰীজ, আয়ন-টেক ছলিউশ্যন, লম্বধাৰা টেক্সটাইলছ প্রতিটো সংস্থাই আজি আপাৰ চার্কিট স্পৰ্শ কৰে ।
আজি কি কি কমিল:
আনহাতে আজি সর্বোচ্চ ৯.৮৭ শতাংশ কমিছে ইকিও লাইটিং । ইয়াৰ উপৰিও আজি খাণ্ডওৱালা ছিকিউৰিটিজ, বিভোৰ ষ্টীল টিউবছ, মেডিকো ৰেমেডিছ আৰু মানুগ্রাফ ইণ্ডিয়াৰ শ্বেয়াৰৰ দাম হ্ৰাস পায় ।
বজাৰৰ টুকুৰা খবৰ:
* আজি প্ৰতি শ্বেয়াৰত ২ টকা ৩৯ পইচা লভ্যাংশ দিয়ে ডিজি ফাইবাৰে
* প্ৰতি ৬ টা শ্বেয়াৰৰ বাবদ ১টাকৈ বোনাচ শ্বেয়াৰ দিয়ে এনবি ট্ৰেড ফাইনেন্সে ।
* আজি মাৰ্জাৰ হয় আইচিআইচিআই চিকিউৰিটিজৰ
* প্ৰতি শ্বেয়াৰত ৯৪ পইচা লভ্যাংশ দিয়ে ইন্টেলিজেন্ট ছাপ্লায়ে
* আজি ৫২ সপ্তাহৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰে কেবাটাও কোম্পানীয়ে । তাৰ ভিতৰত অন্যতম বাজাজ ফাইনেন্স, কোটাক মাহিন্দ্ৰা বেংক, শ্ৰী চিমেন্ট, জেএছডব্লিউ ষ্টীল, আইচিআইচিআই বেংক, নাৰায়ণা হৃদয়ালয়, অবন্তী ফিডছ
* আনহাতে আজি ৫২ সপ্তাহৰ সৰ্বনিম্ন স্তৰ স্পৰ্শ কৰে হানিৱেল অটোমেশ্যন ইণ্ডিয়াই
২৪ মার্চত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য
কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খুজিলে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9-অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগৰ পূৰ্বে সকলো নথি-পত্ৰ ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।
প্ৰতিবেদক: সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9 বাংলা