উদ্ধগামী ছেনছেক্স; আজিও নিম্নগামী নিফটি ফিফটি
বহুদিনৰ পাছত আজি সামান্য ঊৰ্ধগামী হয় ভাৰতীয় শ্বেয়াৰ বজাৰৰ অন্যতম সূচক ছেনছেক্স । অৱশ্যে উত্থানৰ মুখ নেদেখিলে নিফটি ফিফটিয়ে । ইফালে বাকী সূচকসমূহৰ ভিতৰত আজি ফিননিফটি আৰু বিএছই বেংকেক্স ঊৰ্ধগামী হয় ।

প্ৰতীকী ছবি
কাইলৈ মহাশিৱৰাত্ৰী, আজি যেন মহাদেৱৰ কিছু কৃপা বৰষিল ভাৰতীয় শ্বেয়াৰ বজাৰত । বহুদিনৰ পাছত আজি সামান্য ঊৰ্ধগামী হয় ভাৰতীয় শ্বেয়াৰ বজাৰৰ অন্যতম সূচক ছেনছেক্স । অৱশ্যে উত্থানৰ মুখ নেদেখিলে নিফটি ফিফটিয়ে । ইফালে বাকী সূচকসমূহৰ ভিতৰত আজি ফিননিফটি আৰু বিএছই বেংকেক্স ঊৰ্ধগামী হয় ।
আজি ৫২ সপ্তাহৰ সৰ্বোচ্চ স্তৰত উপনীত হয় নাৰায়ণা হৃদয়ালয় । যোৱা মাহত ১২.৭৫ শতাংশ বৃদ্ধি পায় কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য । ইফালে আজি ৫৩ সপ্তাহৰ সৰ্বনিম্ন স্তৰত উপনীত হয় কেবাটাও কোম্পাননী । স্টেট বেংক অৱ ইণ্ডিয়া, এপল’ টায়াৰ্ছ, টাটা মটৰ্ছ, টাটা কমিউনিকেশ্যন, টাটা এলেক্সি, টাটা কেমিকেল, মহিন্দ্ৰা CIE অট’মোটিভ, ছান ফাৰ্মা, ডেলিভাৰী, ফিনোলেক্স, IRCTC আৰু ইকুইটাছ স্মল ফাইনেন্স বেংক ইয়াৰ ভিতৰত অন্যতম ।
আজি কি কি বাঢ়িল:
আজি উচ্চ শিখৰত উপনীত হয় দুটাকৈ কোম্পানীৰ শ্বেয়াৰৰ মূল্য । হেডছ আপ ভেঞ্চাৰ্ছ আৰু থেংগামায়িল জুৱেলাৰীৰ শ্বেয়াৰৰ দামে আজি উচ্চ চাৰ্কিটত স্পৰ্শ কৰে । তাৰ বাহিৰেও বিজয়া ডায়েগনষ্টিক চেন্টাৰ, জিন্দাল ড্ৰিলিং এণ্ড ইণ্ডাষ্ট্ৰীজ আৰু মাফিন গ্ৰীণ ফাইনেন্সৰ শ্বেয়াৰৰ দাম বৃদ্ধি পায় ।
আজি কি কি কমিল:
আজি মিটকন কনচালটেন্সী এণ্ড ইঞ্জিনীয়াৰিং. কেডিডিএল, ডক্টৰ লাল পেথলেৱ, ৰাঘৱ প্ৰডাক্টিভিটি এনহেন্সাৰ্ছ, সুন্দৰম ক্লায়টনৰ শ্বেয়াৰৰ দাম হ্ৰাস পায় ।
বজাৰৰ টুকুৰা খবৰ:
* আজি লভ্যাংশ প্ৰদান কৰিলে এছ বি আই কাৰ্ডছে । প্ৰতি শ্বেয়াৰত ২ টকা ৫০ পইচাকৈ লভ্যাংশ দিয়ে কোম্পানীটোৱে ।
* আজি ত্ৰৈমাসিক ফলাফল প্ৰকাশ কৰে স্পাইচ জেট, ৰেন ইণ্ডাষ্ট্ৰীজ আৰু এংকেই হুইলছ ইণ্ডিয়া কোম্পানীয়ে ।
২৫ ফেব্ৰুৱাৰীত বজাৰ বন্ধ হোৱাৰ সময়লৈকে পোৱা তথ্য এয়া
যদি আপুনি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক অধ্যয়ন আৰু বিশ্লেষণ কৰিহে আগবঢ়া উচিত । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9 অসম-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ক । তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক ।