শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শ্বেয়াৰ বজাৰত আজি সামান্য উত্থান, নিম্নগামী কেবাটাও সূচক

শ্বেয়াৰ বজাৰত আজি সামান্য উত্থান । আজি ৯৭ পইন্ট কমিছে নিফটি বেংক । ৭৮১ পইন্ট কমিছে বিএসই স্মলকেপ সূচক । ৯৩৪ পইন্ট কমিছে নিফটি নেক্সট ফিফটি সূচক । ইফালে আজি ৪৮৯ পইন্ট বাঢ়িছে নিফটি আইটিৰ সূচক ।

শ্বেয়াৰ বজাৰত আজি সামান্য উত্থান, নিম্নগামী কেবাটাও সূচক
প্ৰতীকী ছবি
raj-saikia
Raj Saikia | Published: 25 Mar 2025 19:10 PM

আজি মার্চৰ ২৫ তাৰিখ । সমগ্ৰ মাৰ্চ মাহৰ তুলনাত আজি বিশেষ ঊৰ্ধগামী হোৱা নাই ভাৰতৰ দুই বেঞ্চমার্ক সূচক । মাত্র ১০ পইন্ট বাঢ়িছে নিফটি ফিফটি । আনহাতে, ৩২ পইন্ট বাঢ়িছে ছেনছেক্স ।

অৱশ্যে আজি ৯৭ পইন্ট কমিছে নিফটি বেংক । ৭৮১ পইন্ট কমিছে বিএসই স্মলকেপ সূচক । ৯৩৪ পইন্ট কমিছে নিফটি নেক্সট ফিফটি সূচক । ইফালে আজি ৪৮৯ পইন্ট বাঢ়িছে নিফটি আইটিৰ সূচক ।

আজি ১৭২ পইন্ট বাঢ়িছে জাপানৰ শ্বেয়াৰ বজাৰৰ সূচক নিক্কেই । আনহাতে ৫৬১ পইন্ট কমিছে চীনা সূচক হেংছেং ।

আজি কি কি বাঢ়িল:
আজি আপাৰ চাৰ্কিট স্পৰ্শ কৰে ভিনাইল কেমিকেলছ আৰু কিনোট ফাইনেন্সিয়েল ছাৰ্ভিচেছ । ইয়াৰ বাহিৰেও বাঢ়িছে এইচইজি লিমিটেড, মেগলানিক ক্লাউড আৰু ব্লু ডাৰ্ট এক্সপ্ৰেছৰ শ্বেয়াৰৰ দামে ।

আজি কি কি কমিল:
আজি সর্বোচ্চ ১৪.৭ শতাংশ কমিছে নাগৰিকা এক্সপোর্টছ । ইয়াৰ বাহিৰেও আজি পৰিছে মহাদেৱ মার্বল এণ্ড গ্রেনাইটছ, সাৰদা এনার্জি এণ্ড মিনাৰেলছ, কেছোৰাম ইণ্ডাষ্ট্ৰীজ আৰু আয়ন-টেক ছলিউশ্যনছৰ শ্বেয়াৰৰ দাম ।

বজাৰৰ টুকুৰা খবৰ:
* আজি প্ৰতি শ্বেয়াৰত ৭ টকা ৫০ পইচা লভ্যাংশ দিয়ে কে ছল্ভছ
* প্ৰতি শ্বেয়াৰত ৭৫ পইচা লভ্যাংশ দিয়ে মিশ্ৰ ধাতু নিগম
* আজি ৫২ সপ্তাহৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰে একাধিক কোম্পানীয়ে । ইয়াৰ ভিতৰত জেএছডব্লিউ ষ্টীলছ, কোটাক মাহিন্দ্ৰা বেংক, এছবিআই কাৰ্ডছ, বাজাজ ফাইনেন্স আৰু শ্ৰী চিমেন্টছ উল্লেখযোগ্য
* আনহাতে আজি ৫২ সপ্তাহৰ সৰ্বনিম্ন স্তৰ স্পৰ্শ কৰে হেপীয়েষ্ট মাইণ্ডছ, ষ্টাৰ হেল্থ, কলগেট আৰু হানিৱেল অটোমেশ্যন ইণ্ডিয়া

২৫ মার্চত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য

কোনো শ্বেয়াৰত বিনিয়োগ কৰাৰ পূৰ্বে সেই শ্বেয়াৰৰ বিষয়ে অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9 অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।

প্ৰতিবেদক- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা