শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শ্বেয়াৰ বজাৰৰ খবৰ: ৬৮৪ পইন্ট কমিল বিএছই স্মলকেপ সূচক

আজি নিম্নগামী হৈছে ভাৰতৰ কেবাটাও সূচক । ৩৯৮ পইন্ট নামিছে নিফটি বেংক । ৬৮৪ পইন্ট কমিছে বিএছই স্মলকেপ সূচক । ৬৪৫ পইন্ট নামিছে বিএছই বেংকেক্স । ২৪২ পইন্ট নামিছে নিফটি নেক্সট ফিফটি । অৱশ্যে আজি সামান্য বাঢ়িছে নিফটি অটো সূচক ।

শ্বেয়াৰ বজাৰৰ খবৰ: ৬৮৪ পইন্ট কমিল বিএছই স্মলকেপ সূচক
শ্বেয়াৰ বজাৰ
raj-saikia
Raj Saikia | Published: 26 Mar 2025 19:28 PM

মার্চ মাহৰ প্রথম ৩ সপ্তাহত ৰকেটৰ দৰে গতি দেখুওৱাৰ পাছত কালি আৰু আজি কিছু নিম্নগামী হৈছে ভাৰতৰ শ্বেয়াৰ বজাৰ । আজি ১৮১ পইন্ট নামিছে ভাৰতৰ বেঞ্চমার্ক সূচক নিফটি ফিফটি । একেদৰে আন এক বেঞ্চমার্ক সূচক ছেনছেক্স আজি নামিছে ৭২৮ পইন্ট ।

আজি নিম্নগামী হৈছে ভাৰতৰ আন কেবাটাও সূচক । ৩৯৮ পইন্ট নামিছে নিফটি বেংক । ৬৮৪ পইন্ট কমিছে বিএছই স্মলকেপ সূচক । ৬৪৫ পইন্ট নামিছে বিএছই বেংকেক্স । ২৪২ পইন্ট নামিছে নিফটি নেক্সট ফিফটি । অৱশ্যে আজি সামান্য বাঢ়িছে নিফটি অটো সূচক ।

ইফালে আজি উঠিছে বহু কেইটা বিদেশী সূচক । ২৪৬ পইন্ট বাঢ়িছে জাপানী সূচক নিক্কেই । ১৩৯ পইন্ট বাঢ়িছে চীনা সূচক হেংছেং ।

আজি কি কি বাঢ়িল:
আজি সর্বোচ্চ ১৯.০৫ শতাংশ বাঢ়িছে ট্যুৰিজম ফাইনেন্স কর্পৰেশ্যন । ইয়াৰ বাহিৰেও বাঢ়িছে কাপ্রি গ্ল’বেল কেপিটেল, জেনাছ পেপাৰ এণ্ড ব’র্ডছ, পিল ইটালিকা লাইফষ্টাইল, লুমেক্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ দাম ।

আজি কি কি কমিল:
আজ নিম্নগামী এনডিএল ভেঞ্চার্ছ, ছালছাৰ টেকনো ইঞ্জিনীয়াৰিং, বিএলবি লিমিটেড, লোটাছ আই হস্পিটাল এণ্ড ইনষ্টিটিউট আৰু বিনীত লেৱৰেটৰীজৰ শ্বেয়াৰৰ দাম ।

বজাৰৰ টুকুৰা খবৰ:
* আজি প্ৰতি শ্বেয়াৰত ১০ টকা লভ্যাংশ দিয়ে টিভিএছ মটৰ্ছে
* প্ৰতি শ্বেয়াৰত ৩ টকা ৬০ পইচা লভ্যাংশ দিয়ে RECL এ
* ২০:১ অনুপাতত বোনাচ দিয়ে বিটা ড্রাগছে
* আজি ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰ স্পৰ্শ কৰে এছবিআই কার্ডছ, চম্বল ফার্টিলাইজার্ছ আৰু অবন্তী ফিডছে
* আনহাতে আজি ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰ স্পৰ্শ কৰে হেপিয়েষ্ট মাইণ্ডছ, স্টাৰ হেল্থ আৰু ইক্যুইটাছ স্মল ফাইনেন্স বেংকে
*২৬ মার্চত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য অনুযায়ী

কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খুজিলে সেই শ্বেয়াৰৰ বিষয়ে সঠিক অধ্যয়ন আৰু গৱেষণা কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9-অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ- যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক, তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।

প্ৰতিবেদক- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা