শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শ্বেয়াৰ বজাৰৰ বাউন্স বেক, হুৰমূৰাই ৯৮১ পইন্ট বাঢ়িল নিফটি নেক্সট ৫০ সূচক

আজি ৩৬৬ পইন্ট বাঢ়িছে নিফটি বেংক সূচক । তাৰোপৰি আজি বাঢ়িছে নিফটি আইটি, ফিন-নিফটিৰ দৰে সূচক । এছ এণ্ড পি বিএসই স্মলক্যাপ সূচক বাঢ়িছে ৪১৭ পইন্ট । ৯৮১ পইন্ট বাঢ়িল নিফটি নেক্সট ফিফটি সূচক ।

শ্বেয়াৰ বজাৰৰ বাউন্স বেক, হুৰমূৰাই ৯৮১ পইন্ট বাঢ়িল নিফটি নেক্সট ৫০ সূচক
প্ৰতীকী ছবি
raj-saikia
Raj Saikia | Published: 27 Mar 2025 19:00 PM

একেৰাহে দুদিন নিম্নগামী হোৱাৰ পাছত আজি ২৭ মার্চত কিছু ঊৰ্ধগামী হৈছে ভাৰতৰ শ্বেয়াৰ বজাৰ । আজি ১০৫ পইন্ট বাঢ়িছে ভাৰতৰ বেঞ্চমার্ক সূচক নিফটি ফিফটি । ৩১৭ পইন্ট বাঢ়িছে আন এক বেঞ্চমার্ক সূচক ছেনছেক্স ।

আজি ৩৬৬ পইন্ট বাঢ়িছে নিফটি বেংক সূচক । তাৰোপৰি আজি বাঢ়িছে নিফটি আইটি, ফিন-নিফটিৰ দৰে সূচক । এছ এণ্ড পি বিএছই স্মলকেপ সূচক বাঢ়িছে ৪১৭ পইন্ট । ৯৮১ পইন্ট বাঢ়িল নিফটি নেক্সট ফিফটি সূচক ।

ইফালে আজি ২২৭ পইন্ট নামিছে জাপানি সূচক নিক্কেই । অৱশ্যে আজি ৯৫ পইন্ট বাঢ়িছে চীনা সূচক হেংছেং ।

আজি কি কি বাঢ়িল:
আজি আপাৰ চার্কিট স্পৰ্শ কৰিছে এমবিএল ইনফ্রাষ্ট্ৰাকচাৰ, অৰিয়নপ্র’ চলিউশ্যনছ আৰু জিন্দাল ওৱর্ল্ডওৱাইডৰ শ্বেয়াৰৰ দাম । ইয়াৰ বাহিৰেও আজি বাঢ়িছে ভাৰত আর্থ মুভাৰ্ছ লিমিটেড বা বিইএমএল আৰু বিএফ ইউটিলিটিজৰ শ্বেয়াৰৰ দাম ।

আজি কি কি কমিল:
আজি নিম্নগামী হৈছে কাপ্রি গ্ল’বেল কেপিটেল, এনডিএল ভেঞ্চার্ছ, সংগিনীতা কেমিকেলছ, শ্রী তিৰুপতি বালাজী এগ্রো আৰু কেশোৰাম ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ দাম ।

বাজাৰৰ টুকুৰা খবৰ:
* আজি প্ৰতি শ্বেয়াৰত ৯ টকা লভ্যাংশ দিয়ে নাপেৰোল ইনভেষ্টমেন্টছে
* শ্বেয়াৰে প্রতি ৪ টকা লভ্যাংশ দিছে বোম্বে বর্মা ট্রেডিং কর্পৰেশ্যনে
* প্রতি শ্বেয়াৰত ১ টকা লভ্যাংশ দিছে অথাম ইনভেষ্টমেন্টে
* আজি প্রতি শ্বেয়াৰত ৪ টকা ৭৫ পইচা লভ্যাংশ দিয়ে সুন্দৰম ক্লেটন
* আজি ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰ স্পৰ্শ কৰে শ্রী চিমেন্টছ, চম্বল ফার্টিলাইজার্ছ আৰু আভাস ফাইনেন্সার্ছে
* আনহাতে আজি ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰ স্পৰ্শ কৰিছে হেপিয়েষ্ট মাইণ্ডছ, ইক্যুইটাছ স্মল ফাইনেন্স বেংক, মেট্রো ব্রেণ্ডছ, সুন্দৰম ফাষ্টেনার্ছ, ভিআইপি ইণ্ডাষ্ট্ৰীজৰ দৰে কোম্পানীয়ে

২৭ মার্চত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য

যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে, তেন্তে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9 অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতি বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।

প্ৰতিবেদক- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা