পুনৰ নিম্নগামী ছেনছেক্স; নিম্নগামী নিফটি ফিফটিও
আজি পুনৰ নিম্নগামী হয় ভাৰতীয় শ্বেয়াৰ বজাৰৰ সূচকাংক বিএছই ছেনছেক্স । তাৰোপৰি নিফটি ফিফটিও নিম্নগামী হয় । ভাৰতীয় বজাৰৰ একাধিক কোম্পানীৰ শ্বেয়াৰৰ দাম নিম্নগামী হৈছে ।

যোৱা দুদিন ধৰি সামান্য আশাৰ পোহৰ দেখুৱালেও আজি পুনৰ নিম্নগামী হয় ভাৰতীয় শ্বেয়াৰ বজাৰৰ সূচকাংক বিএছই ছেনছেক্স । তাৰোপৰি নিফটি ফিফটিও নিম্নগামী হয় । ভাৰতীয় বজাৰৰ একাধিক কোম্পানীৰ শ্বেয়াৰৰ দাম নিম্নগামী হৈছে । ক্ৰমাগতভাৱে নিম্নগামী হৈছে বন্ধন বেংক, টাটা মটৰ্ছ, কোটাক মহিন্দ্ৰা বেংক, ছানোফি ইণ্ডিয়া, আৰভিএনএল ।
আজি কি কি বাঢ়িল:
আজি কোনো কোম্পানীয়ে উচ্চ চাৰ্কিট স্পৰ্শ কৰা নাই যদিও সৰ্বোচ্চ ১৯.৯৪ শতাংশ বৃদ্ধি পায় জিন্দাল ওৱৰ্ল্ডওৱাইডৰ শ্বেয়াৰৰ দাম । ইয়াৰ বাহিৰেও হোম ফাৰ্ষ্ট ফাইনেন্স কোম্পানী, মহেশ্বৰী লজিষ্টিক, ইকিঅ’ লাইটিং, গোকোল ৰিফলিছ এণ্ড ছলভেন্টৰ শ্বেয়াৰৰ দাম বৃদ্ধি পায় ।
আজি কি কি কমিল:
আজি কোনো কোম্পানীৰ শ্বেয়াৰে অৱশ্যে নিম্ন চাৰ্কিট স্পৰ্শ কৰা নাই । কিন্তু ১৪.৭৮ শতাংশ হ্ৰাস পায় চাইবাৰ মিডিয়াৰ শ্বেয়াৰ । তাৰোপৰি সুন্দৰম ক্লায়টন, উইলিয়ামছন মেগৰ এণ্ড কো, মনোৰমা ইণ্ডাষ্ট্ৰীজ আৰু এমআৰঅ’-টেক ৰিয়েলিটিৰ শ্বেয়াৰৰ দাম হ্ৰাস পায় ।
বজাৰৰ টুকুৰা খবৰ:
*আজি লভ্যাংশ প্ৰদান কৰিলে পাৱাৰ ফাইনেন্স কৰ্পে । প্ৰতি শ্বেয়াৰত ৩ টকা ৫০ পইচা লভ্যাংশ দিয়ে কোম্পানীটোৱে ।
*প্ৰতিশ্বেয়াৰত ২ টকা ৪৪ পইচা লভ্যাংশ দিয়ে ইন্টাৰনেশ্যনেল গেমলে ।
*১.১০ অনুপাতত স্প্লিট হয় আৰডিবি ইনফ্ৰা এণ্ড পাৱাৰ ।
*১.৪ অনুপাত বোনাচ লাভ জিন্দাল ওৱৰ্ল্ডওৱাইডৰ ।
*আজি ত্ৰৈমাসিক ফলাফল প্ৰকাশ কৰে আনছল প্ৰপাৰ্টিজ, ফোছেকো ইণ্ডিয়া, ৰাণা ছুগাৰ্ছ আৰু ইন্টাৰনেশ্যনেল গেমলে ।
২৮ ফেব্রুৱাৰীত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য এয়া
যদি আপুনি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক অধ্যয়ন আৰু বিশ্লেষণ কৰিহে আগবঢ়া উচিত । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9 অসম-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ক । তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক ।