ট্ৰাম্পৰ শুল্ক ঘোষণাৰ পাছতেই ভাৰতীয় বজাৰত প্ৰভাৱ, ৪৭০ পইন্ট বাঢ়িল নিফটি ফাৰ্মা সূচক

শুল্কৰ আওতাৰ পৰা ঔষধৰ দৰে সামগ্ৰী বাদ দিয়াত আজি হুৰমূৰাই বাঢ়িল নিফটি ফাৰ্মা সূচক । ৪৭০ পইন্ট বাঢ়িছে এই সূচক । বহু কেইটা চৰকাৰী বেংক চাপত পৰিলেও আজি ঊৰ্ধগামী হয় পিএছইউ বেংকৰ সূচক ।

ট্ৰাম্পৰ শুল্ক ঘোষণাৰ পাছতেই ভাৰতীয় বজাৰত প্ৰভাৱ, ৪৭০ পইন্ট বাঢ়িল নিফটি ফাৰ্মা সূচক

প্ৰতীকী ছবি

Published: 

03 Apr 2025 19:13 PM

কালি নতুন পাৰস্পৰিক শুল্ক ঘোষণা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । এই ঘোষণাৰ পাছতেই আজি ভাৰতীয় শ্বেয়াৰ বজাৰত দেখা গৈছে মিশ্ৰিত প্ৰভাৱ । নিফটি ফিফটি আৰু ছেনছেক্সৰ দৰে ভাৰতৰ দুই বেঞ্চমাৰ্ক সূচক আৰু সামান্য নিম্নগামী হয় ।

শুল্কৰ আওতাৰ পৰা ঔষধৰ দৰে সামগ্ৰী বাদ দিয়াত আজি হুৰমূৰাই বাঢ়িল নিফটি ফাৰ্মা সূচক । ৪৭০ পইন্ট বাঢ়িছে এই সূচক । বহু কেইটা চৰকাৰী বেংক চাপত পৰিলেও আজি ঊৰ্ধগামী হয় পিএছইউ বেংকৰ সূচক । আজি ৩০৭ পইন্ট বাঢ়িছে নিফটি মিডকেপ ১৫০ সূচক । ২৫৫ পইন্ট বাঢ়িছে নিফটি স্মলকেপ ২৫০ সূচক ।

আজি কি কি বাঢ়িল:
আজি আপাৰ চাৰ্কিট স্পৰ্শ কৰে বৰ্ধমান টেক্সটাইলছ, বল ফাৰ্মা লিমিটেড আৰু মাৰাল ওভাৰছীজ লিমিটেডে । ইয়াৰ উপৰিও আজি বাঢ়িছে অৰকাশ্যপ আৰু একমে ফিনট্ৰেড ইণ্ডিয়াৰ শ্বেয়াৰৰ দাম ।

আজি কি কি কমিল:
আজি নিম্ন চাৰ্কিট স্পৰ্শ কৰে পোকাৰ্না লিমিটেডে । ইয়াৰ বাহিৰেও আজি নামিছে অবন্তী ফিডছ, গাৰ্ৱাৰ হাই-টেক ফিল্মছ লিমিটেড, এমপিএছ লিমিটেড, এমবিএল ইনফ্ৰাৰ শ্বেয়াৰৰ দাম ।

বজাৰৰ টুকুৰা খবৰ:
* আজি ১:১ অনুপাতত বোনাচ দিয়ে এছএএল অটোমোটিভে
* শ্বেয়াৰে প্রতি ৪ টকা লভ্যাংশ দিছে ইউনাইটেড স্পিৰিটে
* আজি ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰ স্পৰ্শ কৰিছে জেএছডব্লিউ হোল্ডিংছ আৰু কৰমণ্ডল ইন্টাৰনেশ্যনেলে
* আনহাতে আজি ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰ স্পৰ্শ কৰিছে একাধিক কোম্পানীয়ে । ইয়াৰ ভিতৰত আছে টাটা কনচাল্টেন্সী ছার্ভিচেছ, ছোনাটা ছফ্টৱেৰ, সোনা বিএলডব্লিউ প্রেছিশ্যন ফ’র্জিংছ, ডাবৰ ইণ্ডিয়া, কাজাৰিয়া ছেৰামিকছ আৰু চেন্ট্রেল বেংক অৱ ইণ্ডিয়া

৩ এপ্রিলত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য

কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খুজিলে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9-অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।

প্ৰতিবেদন- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা

কণ্ডম ব্যৱহাৰৰ ফলত হ'ব পাৰে ডাঙৰ ক্ষতি! জানক সকলো
সপোনত ভগৱান হনুমানক দেখাটো কিহৰ সংকেত?
কেতিয়াৰ পৰা আৰম্ভ হ'ব বাবা অমৰনাথ যাত্ৰা ২০২৫?
এই ৫টা ফৰ্মূলাই ৰাহি কৰিব আপোনাৰ ধন! আজিয়ে গ্ৰহণ কৰক