নিফিটি ফিফটি আৰু ছেনছেক্স নিম্নগামী; চাওক শ্বেয়াৰ বজাৰৰ খবৰ

আজি নিফটি ফিফটি ৫ পইন্ট নিম্নগামী হোৱাৰ বিপৰীতে ১১২ পইন্ট নিম্নগামী হয় ছেনছেক্স । বহু কেইটা সূচক নিম্নগামী হোৱাৰ বিপৰীতে কেইটামান সূচক আজি ঊৰ্ধগামী হয় ।

নিফিটি ফিফটি আৰু ছেনছেক্স নিম্নগামী; চাওক শ্বেয়াৰ বজাৰৰ খবৰ

প্ৰতীকী ছবি

Published: 

03 Mar 2025 19:06 PM

অবিৰতভাৱে নিম্নগামী হৈ আছে ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুই সূচক নিফটি ফিফটি আৰু বিএছই ছেনছেক্স । আজি নিফটি ফিফটি ৫ পইন্ট নিম্নগামী হোৱাৰ বিপৰীতে ১১২ পইন্ট নিম্নগামী হয় ছেনছেক্স । বহু কেইটা সূচক নিম্নগামী হোৱাৰ বিপৰীতে কেইটামান সূচক আজি ঊৰ্ধগামী হয় ।

আজি ৫৮৩ পইন্ট ঊৰ্ধগামী হয় নিফটি নেক্সট । ৫ পইন্ট ঊৰ্ধগামী হয় নিফটি টোটেল । একেদৰে নিফটি ১০০ (হাণ্ড্ৰেড) ও প্ৰায় ৩৪ পইন্ট ঊৰ্ধগামী হয় । নিফটি মিডকেপ ছিলেক্টো আজি ঊৰ্ধগামী হয় । ২৯৬ পইন্ট বৃদ্ধি পায় নিফটি আইটি সূচক ।

বিদেশী সূচকসমূহলৈ মন কৰিলে দেখা যায় যে আজি জাপানৰ সূচক নিক্কেই আৰু চীনা সূচক হেংছেং ঊৰ্ধগামী হয় । ১.৭০ শতাংশ বৃদ্ধি পায় নিক্কেই । ইফালে ০.২৮ শতাংশ বৃদ্ধি পায় চীনা সূচক হেংছেং ।

আজি কি কি বাঢ়িল:
আজি কোনো সংস্থাই সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰা নাই যদিও কফি ডে এন্টাৰপ্ৰাইজৰ শ্বেয়াৰ ১৯.৯৭ শতাংশ বৃদ্ধি পায় । তাৰোপৰি ইন্দোকো ৰেমেডিছ, দ্য ৰুবি মিলছ, অথুম ইনভেষ্টমেন্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ, নীতিৰাজ ইঞ্জিনীয়াৰ্ছৰ শ্বেয়াৰৰ দাম আজি বৃদ্ধি পায় ।

আজি কি কি কমিল:
আজি নিম্ন চাৰ্কিট স্পৰ্শ কৰে ইউনিনফো টেলিকম ছাৰ্ভিচেছে । তাৰোপৰি আজি হ্ৰাস পায় মনোৰমা ইণ্ডাষ্ট্ৰীজ, মংগলম ড্ৰাগছ এণ্ড অৰ্গেনিকছ, এনআৰ আগৰৱাল ইণ্ডাষ্ট্ৰীজ, ডিজিস্পেচ টেকন’লজীৰ শ্বেয়াৰৰ দাম ।

বজাৰৰ টুকুৰা খবৰ:
* আজি প্ৰতি শ্বেয়াৰত ১ পইচাকৈ লভ্যাংশ দিয়ে আয়ুষ ওৱেলনেছে
* কালিলৈ লভ্যাংশ প্ৰদান কৰিব কেপিটেল ইনফ্রাই
* আজ ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰত উপনীত এবট ইণ্ডিয়া আৰু নাৰায়ণা হৃদায়ালয়
* ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰত উপনীত একাধিক সংস্থা । তাৰ ভিতৰত হিৰো মট’ কর্প, বাজাজ অটো, ছেলো ওৱর্ল্ড, অইল ইণ্ডিয়া, হিন্দুস্থান ইউনিলিভাৰ, ব্রিটানিয়া ইণ্ডাষ্ট্ৰীজ, ইয়েছ বেংক, চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া, জিঅ’ ফিনান্সিয়েল ছার্ভিচ আৰু ইজ মাই ট্রিপ উল্লেখযোগ্য ।

যদি আপুনি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক অধ্যয়ন আৰু বিশ্লেষণ কৰিহে আগবঢ়া উচিত । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9 অসম-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ক । তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক ।

খালী পেটত গ্ৰীণ টি খাই নেকি? তেন্তে জানক ইয়াৰ ফলত কি হ'ব পাৰে...
ভুলতো বেগত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আৰ্থিক সমস্যাই...
মূৰত টুপী, হাতত কেমেৰা, সন্মুখত সিংহ... বিশ্ব বন্যপ্ৰাণী দিৱসত বিশেষ ৰূপত প্ৰধানমন্ত্ৰী মোদী
Holi 2025: ফাকুৱা বা হোলী উৎসৱ কিয় পালন কৰা হয় জানক