5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Ratan Tata: কোন হ’ব ৰতন টাটাৰ পৰ্বতসম সম্পত্তিৰ উত্তৰাধিকাৰী! চৰ্চাত এই চাৰিটা নাম…

ৰতন টাটাৰ মৃত্যুৰ পিছৰে পৰা তেওঁ এৰি যোৱা বিশাল সম্পত্তিৰ উত্তৰাধিকাৰী কোন হ’ব, এই সন্দৰ্ভত ধাৰাবাহিকভাৱে আলোচনা চলি আছে। শেহতীয়াকৈ চলিত এই চৰ্চা সন্দৰ্ভত বিশেষ খবৰ পোহৰলৈ আহিছে। ৰতন টাটাৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৭,৯০০ কোটি টকা বুলি অনুমান কৰা হৈছিল।

Ratan Tata: কোন হ’ব ৰতন টাটাৰ পৰ্বতসম সম্পত্তিৰ উত্তৰাধিকাৰী! চৰ্চাত এই চাৰিটা নাম…
ৰতন টাটা
monjit-dutta
Monjit Dutta | Updated On: 25 Oct 2024 15:19 PM

যোৱা ৯ অক্টোবৰত মৃত্যু হয় প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ। মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত উদ্যোগপতিগৰাকীয়ে। তেতিয়াৰ পৰা তেওঁ এৰি যোৱা বিশাল সম্পত্তিৰ উত্তৰাধিকাৰী কোন হ’ব, এই সন্দৰ্ভত ধাৰাবাহিকভাৱে আলোচনা চলি আছে। শেহতীয়াকৈ চলিত এই চৰ্চা সন্দৰ্ভত বিশেষ খবৰ পোহৰলৈ আহিছে। ২০২৩ চনৰ আগষ্ট মাহত প্ৰকাশ পোৱা হুৰুণ ইণ্ডিয়া ৰিচ লিষ্ট অনুসৰি টাটা চনছত ৰতন টাটাৰ ০.৮৩% অংশীদাৰিত্ব আছিল। যাৰ বাবে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৭,৯০০ কোটি টকা বুলি অনুমান কৰা হৈছিল।

যদি টাটাৰ বাকী সম্পত্তি একেলগে লোৱা হয়, তেন্তে বৰ্তমান তেওঁৰ মুঠ সম্পত্তি ১০ হাজাৰ কোটি টকাতকৈও অধিক হ’ব। টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি ৰতন টাটাই তেওঁৰ সম্পত্তি সন্দৰ্ভত এক বিশদ উইল এৰি থৈ গৈছিল। টাটাৰ এই উইল তেওঁৰ ঘনিষ্ঠ লোকে কাৰ্যকৰী কৰিব। উইলত তেওঁৰ ভগ্নী শ্বিৰীন আৰু ডায়েনা জেজীভয়, অধিবক্তা দাৰায়াছ খাম্বাটা আৰু তেওঁৰ ঘনিষ্ঠ বন্ধু মেহলী মিষ্ট্ৰীৰ নাম সন্নিবিষ্ট কৰা হৈছে।

যদিও টাটাই উইলখনৰ সম্পূৰ্ণ বিৱৰণ এইপৰ্যন্ত ৰাজহুৱা কৰা হোৱা নাই, তথাপিও স্পষ্ট যে টাটাৰ ধন-সম্পত্তিৰ এক বৃহৎ অংশ দান-বৰঙণিৰ বাবে উৎসৰ্গা কৰা হ’ব। জীৱন কালত নিজ উপাৰ্জন মুক্তহস্তে জনকল্যাণৰ বাবে দান কৰি টাটাই এক অনন্য দৃষ্টান্ত প্ৰদৰ্শন কৰি গৈছে। এই মানৱদৰদী গুণৰ বাবে দেশৰ লগতে সমগ্ৰ বিশ্বতে অফুৰন্ত সন্মান বুটলিছিল ৰতন টাটাই।

দুই ভগ্নীৰ লগতে এই উইলত নাম থকা ৰতন টাটাৰ ঘনিষ্ঠ বন্ধু মেহলী মিষ্ট্ৰীয়ে টাটা ট্ৰাষ্টৰ সৈতে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। টাটা চনছৰ ৫২% অংশ শ্বেয়াৰ থকা টাটা ট্ৰাষ্টে কোম্পানীটোৰ কাৰ্যকলাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ট্ৰাষ্টসমূহৰ কাম হৈছে ৰতন টাটাৰ মতাদৰ্শৰ প্ৰতীক সামাজিক আৰু দানশীল কাম-কাজত বিনিয়োগ কৰা।

ইফালে উইলত নাম থকা আন এগৰাকী ব্যক্তি অধিবক্তা দাৰায়াছ খাম্বাটাই স্পষ্ট কৰি দিয়ে যে তেওঁ উইলৰ খচৰা প্ৰস্তুত কৰা নাই আৰু এই সন্দৰ্ভত কোনো পৰামৰ্শও দিয়া নাই। তেওঁৰ মতে, মৃত্যুৰ পিছত তেওঁ প্ৰথমবাৰৰ বাবে ৰতন টাটাৰ উইল দেখিছিল। শেষত ৰতন টাটাৰ চূড়ান্ত ইচ্ছা যাতে পালন কৰা হয় সেয়া নিশ্চিত কৰাটো উইলৰ নিষ্পত্তিকাৰীৰ দায়িত্ব।

Latest News